কলেজ কেম্পাচ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত নৰ্থ লখিমপুৰ মহাবিদ্যালয় একেৰাহে দুবছৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন

অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত এটা উন্নত শৈক্ষিক পৰিৱেশৰ সমান্তৰালভাৱে এটা সুস্থ সাংস্কৃতিক বতাবৰণ আছে। শিপ্ল-কলা-সাহিত্য-সংগীত-ক্রীড়া ইত্যাদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন পযৰ্ায়ত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দেখুৱাই অহা পাৰদৰ্শিতাই ইয়াৰ নেপথ্যত থকা মহাবিদ্যালয়ৰ সুস্থ তথা সুষম পৰিৱেশটোক বলিষ্ঠ ৰূপত প্ৰতিনিধিত্ব কৰি আহিছে। ১৯৫২ চনৰ পৰা প্ৰকৃতাৰ্থত ‘মানুহ’ গঢ়াৰ এটা উদ্যোগ হিচাপে উজনি অসমৰ একোটা বৃহৎ অঞ্চলত সেৱা আগবঢ়াই অহা মহাবিদ্যালয়খনে লাভ কৰি অহা বিভিন্ন স্বীকৃতিসমূহে ইয়াৰ শৈক্ষিক মানৰ উন্নত পৰ্যায়টোক প্ৰতিফলন কৰি আহিছে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উন্নত ফলাফলসমূহ এটা অন্যতম উল্লেখযোগ্য দিশ। আনুষংগিক দিশত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা তথা পাৰদৰ্শিতাক সামগ্ৰিকভাৱে মূল্যায়ন কৰিবলৈ যাওঁতে বিভিন্ন আন্তঃমহাবিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহক ভিত্তি হিচাপে ল’বপৰা যায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হৈ অহা ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। মহাবিদ্যালয়ৰ বাবে অত্যন্ত গৌৰৱৰ কথা হ’ল বিগত দুটা বছৰ অৰ্থাৎ ২০১৪ আৰু ২০১৫ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱত মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা মহাবিদ্যালয় দলটিয়ে শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত প্ৰথমেই উল্লেখ কৰিব লাগিব প্ৰদত্ত দুয়োটা বৰ্ষতে শ্ৰেষ্ঠ আলোচনীৰ সন্মান অৰ্জন কৰা নৰ্থ লখিমপুৰ কলেজ আলোচনীৰ বিষয়ে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীশীল তথা সৃষ্টিশীল প্ৰতিভাক প্ৰতিনিধিত্ব কৰা মহাবিদ্যালয় আলোচনীৰ এই দুয়োটা সংখ্যাৰ তত্ত্বাৱধায়ক আছিল ড০ অৰবিন্দ ৰাজখোৱা। আনহাতে সম্পাদকদ্বয় আছিল ক্রমে তুলিকা শমৰ্া আৰু অম্লানজ্যোতি চেতিয়া। মহাবিদ্যালয় আলোচনীখনে ইতিমধ্যে অসমৰ বৌদ্ধিক মহলত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্যৰ দিশত আন এটা ইতিবাচক কথা হ’ল মহাবিদ্যালয়ৰ মূল আলোচনীৰ বাহিৰেও মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু আবাসসমূহৰ পৰা আলোচনী প্ৰকাশ হৈ অহাতো। এনেদৰে প্ৰতিবছৰে যথেষ্টসংখ্যক মানসম্পন্ন আলোচনী প্ৰকাশ হৈ অহাটো অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল মানসিকতাৰ পৰিচায়ক। ২০১৪ চনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল তিনিচুকীয়া মহাবিদ্যালয়ত। ড০ ৰাঘৱ পাৰজুলি আৰু ড০ স্বালী গগৈৰ তত্ত্বাৱধানত যোৱা মহাবিদ্যালয় দলটোৱে উক্ত বছৰত বিভিন্ন প্ৰতিযোগিতাত অলৰাউণ্ড প্ৰদৰ্শনেৰে শ্ৰেষ্ঠতাৰ খিতাপ আজুৰি আনিছিল। মহাবিদ্যালয়ৰ ছাত্ৰী অন্বেষা চেতিয়া শ্ৰেষ্ঠ কণ্ঠশিপ্লী হিচাপে বিবেচিত হৈছিল। মহাবিদ্যালয় সংগীত পৰিৱেশনেৰে কোৰাছত শ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছিল মহাবিদ্যালয় দল। মহাবিদ্যালয়ৰ এই কৃতিত্বৰ আঁৰত থকা অন্যান্য সদস্যসকলৰ অৱদান আছিল এনেধৰণৰচিৰসুন্দৰ বৰা (গীতাৰত শ্ৰেষ্ঠ), অৰুণজ্যোতি বুঢ়াগোহাঁই (ভাস্কৰ্যত শ্ৰেষ্ঠ, পেইণ্টিঙত তৃতীয়), জ্যোতিষ্মান দাস (বক্তৃতাত শ্ৰেষ্ঠ), বনশ্ৰী হাজৰিকা (শ্ৰেষ্ঠা সহ অভিনেত্ৰী), হিমাশ্ৰী হাজৰিকা (পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত তৃতীয়)। মহাবিদ্যালয়খনে এই সাফল্যৰ ধাৰা ২০১৫ বৰ্ষতো অক্ষুণ্ণ ৰাখিছিল। যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল গৃহভূমিত। ব্যতিক্রম, অভিজাত আৰু বৰ্ণাঢ্য আয়োজনেৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ে সফলতাৰে সম্পন্ন কৰিছিল মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচী। দায়িত্বশীলতা আৰু অগাধ কৰ্মস্পৃহাৰ নিদৰ্শন দেখুৱাই দ্বিতীয়বাৰৰ বাবে আয়োজক হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱা মহাবিদ্যালয় পৰিয়ালক আৰু অধিক গৌৰৱৰ অধিকাৰী কৰি তুলিছিল একেৰাহে দ্বিতীয়বাৰৰ বাবে মহাবিদ্যালয় দলে শ্ৰেষ্ঠত্ব অৰ্জন কৰা কাৰ্যই। মহাবিদ্যালয়ৰ সু-পৰিকপ্লিত শোভাযাত্ৰাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে মহাবিদ্যালয়ৰ নাট্যদলে কঢ়িয়াই আনিছিল দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান, দলীয় নৃত্যত লাভ কৰিছিল দ্বিতীয় স্থান। পূৰ্বৰ সফলতা ৰক্ষা কৰি কোৰাছ দলে অক্ষুণ্ণ ৰাখিছিল শ্ৰেষ্ঠ স্থান। বন্দিতা দেৱী আৰু জ্যোতিষ্মান দাসেৰে গঠিত তৰ্কৰ দলে লাভ কৰিছিল দ্বিতীয় স্থান। দলীয় পৰ্যায়ৰ লগতে ব্যক্তিগত পৰ্যায়তো স্বকীয় প্ৰতিভা আৰু পাৰদৰ্শিতাৰ প্ৰদৰ্শনেৰে মহাবিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল সফলতা। মহাবিদ্যালয়ৰ গৌৰৱ সেই ছাত্ৰ-ছাত্ৰীসকল ক্রমে-হেমন্ত গোস্বামী (শ্ৰেষ্ঠ নাটক পৰিচালক), অম্লানজ্যোতি চেতিয়া (শ্ৰেষ্ঠ আলোচনী সম্পাদক), জ্যোতিষ্মান দাস (শ্ৰেষ্ঠ বক্তা, প্ৰবন্ধত তৃতীয় স্থান), চিৰসুন্দৰ বৰা (গীতাৰ পৰিৱেশনত শ্ৰেষ্ঠ), হিমাক্ষী হাজৰিকা (গগণাত শ্ৰেষ্ঠ), ধ্যানজ্যোতি গগৈ (প’ষ্টাৰ মেকিঙত প্ৰথম), অৰুণজ্যোতি বুঢ়াগোহাঁই (কাৰ্টনত দ্বিতীয়, ক্লে মডেলেঙত তৃতীয়), অন্বেষা চেতিয়া (ভজন, জ্যোতিসংগীত, ৰাভাসংগীত, আধুনিক গীতত দ্বিতীয় আৰু বৰগীতত তৃতীয়) আৰু চয়নিকা বৰা (গপ্লত দ্বিতীয়)। মুঠ কথাত, প্ৰায় সকলোবোৰ শিতানতে সফলতা অৰ্জন কৰি মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰী দলটোৱে আকাংক্ষিত লক্ষ্যত উপনীত হৈ মহাবিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰিছিল। মহাবিদ্যালয়ৰ বহুমুখী প্ৰতিভাৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ আলোকসন্ধানীব্ৰত আৰু কৃচ্ছ্যসাধনাৰ ফচল, প্ৰত্যাশিত এই ফলাফলে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ গৰিমাক আৰু কিছু সমৃদ্ধ কৰিলে, যি হৈ ৰ’ব মহাবিদ্যালয়ৰ আগন্তুক প্ৰজন্মৰ বাবে অন্তহীন অনুপ্ৰেৰণাৰ উৎস।