চলচ্চিত্ৰ


অসমৰ সাংস্কৃতিক আন্দোলনত আগ্ৰহী দৰ্শকৰ আকুল সমৰ্থন আৰু অনুগ্ৰহত ভাৰতীয় চলচ্চিত্ৰৰ জন্মকালতেই অসমীয়া চলচ্চিত্ৰই নিজৰ স্বকীয় মহিমাৰে আঞ্চলিক ক্ষেত্ৰত সবল স্থিতি প্ৰদৰ্শন কৰিব পাৰিছিল যাৰ নেতৃত্ব দিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই হেন চলচ্চিত্ৰৰ উদ্ভাসিত জ্যোতি আজিৰ অসমত বহুলাংশে ম্লান পৰিব লগা হোৱাটো বৰ পৰিতাপৰ কথা হৈছে। অসম চৰকাৰৰ চলচ্চিত্ৰৰ উৎকৰ্ষ সাধন আৰু বাণিজ্যিক প্ৰসাৰতাৰ দিশত এটা স্পষ্ট নীতি নিৰ্দেশনা আৰু নিয়মীয়াকৈ গৃহীত হোৱাকৈ বিত্তীয় অনুদান আৰু ঋণ আঁচনিৰ অভাৱত এই শিপ্লৰ বিস্তৰভাৱে ক্ষতি হৈছে। সাম্প্ৰতিক এচাম উদ্যোগী যুৱ পৰিচালকে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্রিয়াত চামিল হৈ চিনেমা শিপ্ল উদ্যোগটো বিকশিত ...


২০ জুলাইৰ পৰা হাঁহিৰ জোৱাৰ উঠিব ‘ঐ খাপলা’ত

যোৱা সময়ত খাপলাং কাই চিৰিজে অসমৰ ৰাইজক এক সীমাহীন হাঁহিৰ খোৰাক দি আহিছে । সেয়া ভিচিডি ছবি বা টি ভি চিৰিয়েলৰ দ্বাৰাই হওক । অসমৰ ৰাইজৰ বাবে বৰ্তমান খাপলাং কাই মনোৰঞ্জন আৰু হাঁহিৰ ব্ৰেণ্ড হৈ পৰিছে। সেই হাহিৰ ব্ৰেণ্ড আকৌ উভতি আহিছে ‘ঐ খাপলা’ নামেৰে জনপ্ৰিয় চেটেলাইট চেনেল ৰংত। ২০ জুলাইৰ পৰা সোমবাৰৰ পৰা শুক্ৰ বাৰলৈ নিশা ন বজাত সম্প্ৰচাৰিত ‘ঐ খাপলা’ কেৱল ৰং চেনেলত। খাপলাং কাই সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ কৃতিত্ব সমূহ কলা কুশলীৰ লগতে কেপ্তেইন অৰ্থাৎ পৰিচালক বুলবুল হুচেইনক দিব লাগিব । বুলবুল হুচেইনৰ কথা নকলেও হ’ব কাৰণ তেওঁক অসমৰ কমেডি কিং বুলি জনাজাত । ...


18.11 নামৰ বলিউড ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্সম হোৱা অসমৰ অভিনেতা ৰেহাল খানৰ নতুন হিন্দী মিউজিক ভিডিঅ’ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। তেৰে হি প্যাৰ মে- শীৰ্সক হিন্দী গানটোত কণ্ঠ দিছে মুম্বাইৰ জনপ্ৰিয় গায়ক- জ’জ আৰু বৰ্ষা ত্ৰিপাঠীয়ে। সংগীতত আছে- চায়ক কৌশিক, কথা –মিথিলেশ সিং আৰু কৌশিক বিশ্বাসৰ,গানটোৰ বাণীবন্ধন ইতিমধ্যে শেষ হৈছে আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন লোকেশ্বনত শ্বুটিং আৰম্ভ হ’ব। বিগ বাজেটেৰে নিৰ্মিত ভিডিঅ’টোত ৰেহাল খানক এক বেলেগ লুকত দেখা যাব। সকলোৱে জানে যে ৰেহাল খানৰ প্ৰথম ছবি আছিল ‘জুমন-সুমন’, তাৰ পিছত তেওঁ মুম্বাইত প্ৰতিষ্ঠা লাভৰ বাবে গুচি যায় আৰু ২০১৪ চনত তেওঁৰ প্ৰথম ছবি 18.11 মুক্তি লাভ কৰে। তেওঁৰ অভিনয়ে ছবি সমীক্ষকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ আহিবলগীয়া ছবিখনৰ নাপ ‘আই পি এল’।( যুগুতালে- ভূষন পাঠকে)