বিশ্বজুৰি স্বীকৃত হোৱা বংশগতি বিজ্ঞানৰ অধ্যয়ন আৰু জীৱাষ্ম সাক্ষ্যৰ ভিত্তিত মানৱ সৃষ্টিৰ Recent African Origin of Modern Human's model তথা Out-of-Africa Model অনুসৰি Archaic Homo-sapience ৰ পৰা বিৱৰ্তনৰ মাধ্যমেৰে ২,০০,০০০ ৰ পৰা ৬,০০,০০ বছৰ পূৰ্বে আফ্ৰিকাৰ প্ৰথম আধুনিক মানুহ (Anatomically Modern Humans) ৰ সৃষ্টি হৈছিল। বিদ্যায়তনিক ক্ষেত্ৰত প্ৰদত্ত মানৱ সৃষ্টিৰ মতবাদটো RSON–Recent Single Origin Hypothesis আৰু RAO–Recent African Origin মতবাদ হিচাপে ব্যৱহৃত হয়। সি যি কি নহওক মানৱ সৃষ্টিৰ পাছৰ ৫০,০০০ বছৰ সময় মানুহ একপ্ৰকাৰৰ বন্য প্ৰাণীয়েই আছিল। প্ৰায় ১০,০০০ বছৰৰ পূৰ্বেই মানৱ বিৱৰ্তনৰ ইতিহাসত সেই মুহূৰ্তটোৰ আৰম্ভণি হৈছিল, যি সময়ৰ পৰা মানৱ জাতি কৃষি কাৰ্যৰ সৈতে জড়িত হৈছিল। আজিৰ এই একবিংশ শতিকাত মানৱ সভ্যতা বিৱৰ্তন আৰু উত্তৰণৰ মাধ্যমেৰে এনে পৰ্যায়ত উপনীত হৈছেহি যি সময়ত আমি নিজকে আধুনিক বুলি অভিহিত কৰিবলৈ সক্ষম হৈছোঁ। পৃথিৱীৰ উন্নত সভ্যতাসমূহক পৃথককৈ ৰাখি অসমৰ প্ৰেক্ষাপটত ‘আধুনিকতা’ প্ৰসংগটো কিছু বিচাৰ-বিশ্লেষণ কৰা হওক। অশিক্ষিত চামক বাদ দিছোঁ। আমি আধুনিক শিক্ষাৰে শিক্ষিত তথাকথিত নৱপ্ৰজন্মৰ শিক্ষিতসকলে বাৰু নিজকে একবিংশ শতিকাৰ আধুনিক মানুহ বুলি নিঃসংকোচে পৰিচয় প্ৰদান কৰিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত নে?সম্প্ৰতি আমি Puma, Reebok, Leecopper ৰ দৰে আন্তৰ্জাতিক ব্ৰেণ্ডৰ কাপোৰ পৰিধান কৰিছোঁ। পাশ্চাত্যৰ অনুকৰণেৰে Mini Skirt পিন্ধিছোঁ। যদিও আমাৰ পৰিৱেশ আৰু স্বাস্থ্যৰ অনুকূল নহয়। তথাপি আমি KFC ত Dommino's Pizza ৰ সোৱাদ লৈছোঁ, বিলাসী সুৰাৰ আমেজ লৈছোঁ, Fast food ৰ দোকানত ভিৰ কৰিছোঁ। মাতৃভাষাৰ প্ৰতি চূড়ান্ত অনীহা প্ৰদৰ্শনেৰে পৰোক্ষভাৱে নিজকে ইংৰাজীভাষী সাজি আনন্দিত হৈছোঁ। ইণ্টাৰনেটৰ ধনাত্মক আৰু ঋণাত্মক ব্যৱহাৰেৰে নিজৰ নাম ই-বিশ্বত লিপিবদ্ধ কৰিছোঁ। বাইক ষ্টাণ্টেৰে প্ৰদৰ্শন কৰিছোঁ আমাৰ দুঃসাহসিকতা। হানী সিঙৰ ব্লু-আইজৰ লহৰত মুখৰ হৈ পৰা নৈশ বাৰ, ডিস্ক’ত আমাৰ উদ্দাম নৃত্য। ইয়াৰ পিছতো কি আমি আধুনিক নহয়? আধুনিক নহয় আমাৰ যুৱ প্ৰজন্ম? যদি আধুনিক নহয়, কিয় নহয়? এটা প্ৰ।যদিও আমি স্বীকাৰ কৰিবলৈ টান পাম, উপৰোক্ত প্ৰটোৰ শুদ্ধ উত্তৰ নেতিবাচকেই হ’ব। আমি পাশ্চাত্যৰ অনুকৰণ কৰিছোঁ, পাশ্চাত্যৰ উন্নত সভ্যতাসমূহৰ ধ্যান-ধাৰণা, আদৱ-কায়দা অনুকৰণ কৰিব পৰাকৈ আমি যে সক্ষম সেইটো আমাৰ বাবে একপ্ৰকাৰৰ গৌৰৱৰ কথা। কিন্তু আমি কেৱল অনুকৰণ কৰিছোঁ পাশ্চাত্যৰ বিলাসীতাক, বাহ্যিকতাক। পাশ্চাত্যৰ অনুকৰণেৰে যদি আমি আধুনিক হ’ব খোজো তেন্তে আমি পাশ্চাত্যৰ বৌদ্ধিক অনুকৰণ কৰিব লাগিব। আমেৰিকাৰ মানুহৰ দৰে থাকিব লাগিব অধ্যয়ন স্পৃহা, ইংৰাজৰ দৰে লাগিব কৰ্মস্পৃহা। কিন্তু তাৰ পৰিৱৰ্তে আমি ভোগ বিলাসত অপচয় কৰিছোঁ হাজাৰ হাজাৰ মানৱ ঘণ্টা (Human hour)। আমি পাশ্চাত্যৰ ষ্টাণ্ট কাল্চাৰক আদৰি লৈছোঁ, কিন্তু আদৰি লোৱা নাই চাইকেল সংস্কৃতিক। আমি কোট-টাইৰে নিজকে সুসজ্জিত কৰি তোলাত অকণো কৃপণালী কৰা নাই। কিন্তু সমান্তৰালভাৱে আমি পৰিধান কৰি আছোঁ অন্ধবিশ্বাসৰ পোছাক। আমি বস্তুবাদী হ’বলৈ শিকিছোঁ, কিন্তু যুক্তিবাদী হ’বলৈ শিকা নাই। ‘বৈজ্ঞানিক মানসিকতা’ বহু দূৰৰ কথা।আমি আধুনিক হ’ব খোজো। নিজকে আধুনিক বুলি অভিহিত কৰি সন্তুষ্টি লভো। কিন্তু আমি প্ৰকৃত অৰ্থত আধুনিক হোৱাৰ পথত উপৰোক্ত ধৰণৰ বহু সংখ্যক প্ৰতিবন্ধকতা আছে। আমাৰ এই দুৰ্বলতাৰ কু-প্ৰভাৱ সমাজ, সামাজিক মূল্যবোধ, সংস্কৃতি, ৰাজনীতি তথা অৰ্থনীতিৰ সামগ্ৰিক অগ্ৰগতিৰ ওপৰতো পৰিছে। যাৰ পৰিণতিত আমি আজি এখন উন্নয়নশীল দেশৰ বাসিন্দা, তৃতীয় বিশ্বৰ অধ্বসী। দুটাকৈ পাৰমাণৱিক বোমাৰে বিধ্বস্ত হোৱাৰ পিছতো নাগৰিকসকলৰ অদমনীয় উদাম আৰু কৰ্মস্পৃহাৰ বলত আজি জাপান বিশ্বৰ এখন উন্নত ৰাষ্ট্ৰ। গোলকীকৰণৰ প্ৰেক্ষাপটতো চীন নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সদা সচেতন। এনেধৰণৰ আদৰ্শবোৰ আমাৰ অনুকৰণীয়। তেতিয়াহে অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষ তথা অসম উন্নত হিচাপে বিবেচিত হ’ব আৰু এই বিকাশ কেৱল GDP, GNP ৰ বৃদ্ধিতে সীমাৱদ্ধ নাথাকি প্ৰতিজন ব্যক্তিৰ বিকাশ হ’ব। এইক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মইয়ো নিজৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব। তেতিয়াহে এই সপোন বাস্তৱায়িত হ’ব।

এই সংখ্যাত আছেঃ

কমল কুমাৰ তাঁতীৰ কবিতা/ ড অৰবিন্দ ৰাজখোৱাৰ গুৰুত্বপূৰ্ণ নিবন্ধ "বুঢ়ী আইৰ সাধুত জাতীয় জীৱন আৰু মননৰ ৰেঙণি"/ ইচমিৰেখা সন্দিকৈ "বৰ্তমান শিক্ষা ব্যৱস্থাৰ প্ৰেক্ষাপটত প্ৰয়োজনভিত্তিক শিক্ষা"ৰ লগতে সমুজ্জল শইকীয়া, গায়ত্ৰী গগৈ, ইন্দানী গগৈৰ গল্প/ প্ৰৱন্ধ/ কবিতা আৰু নিয়মীয়া শিতান সমূহ৷


বুঢ়ী আইৰ সাধু প্ৰকাশৰ সময়ত বেজবৰুৱাৰ চিন্তা আৰু দৰ্শনে পৰিপক্কতা লাভ কৰিছিল। সেয়ে সাধুকথাবোৰ সংগ্ৰহ কৰি পোনে পোনে ছপাই দিয়াৰ সলনি সাধুকথা সম্পৰ্কীয় তাত্ত্বিক গ্ৰন্থ অধ্যয়নৰ যোগেদি সেইবোৰ বৈজ্ঞানীকভাৱে পৰিশোধন কৰিছিল। এইদৰেই অসমত সাধুকথাৰ বিদ্যায়তনিক চৰ্চাৰ বাট মুকলি কৰিছিল...



মই লাহেকৈ নামটো সুধিলো। দকপুন মিলি, তাই ক’লে। সিহঁতৰ ঘৰ এম.ই স্কুলখনৰ কাষতে। তাই আজি গুমৰাগ নৃত্য নাচিব। এনেতে তাই আৰু মোৰ ওচৰেদি সৰু ল’ৰা এটাই কিবা কথা এষাৰ কৈ কৈ গুচি গ’ল। হাফপেন্ট আৰু দাগলগা বগা চোলা এটা ল’ৰাটোৱে পিন্ধি আছিল। মুখেৰে ...


শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ ...



হুইল চেয়াৰখন ঘাঁহনিৰ ওপৰেদি ঠেলি সুগন্ধাই নৈখনৰ পাৰলৈ নি আছে। এয়া তাইৰ দৈনন্দিন জীৱন। জীৱন যুঁজত পৰাজয়বৰণ কৰাৰ পাছত এয়া সিঁহতে নতুনকৈ জী উঠিবলৈ কৰা আয়োজন মাত্ৰ। লাহে লাহে ভাল লগা হৈ অহা এই নদীৰ দুই পাৰ, নদীৰ বালি, পানীত মুক্তমনে বিচৰণ ...