অনুবীক্ষণ


অসমৰ জনগোষ্ঠীয় খাদ্যসম্ভাৰ নিঃসন্দেহে বিশেষভাৱে সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ। অসমৰ তিনিটা প্ৰধান জনগোষ্ঠী ক্রমে মিচিং ,কাৰবি আৰু বড়ো জনগোষ্ঠীৰ লোকখাদ্যৰ সংক্ষিপ্ত অৱলোকনেৰে অসমৰ জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ এক প্ৰতিনিধিত্বমূলক চমু আভাস আখৰৰ সম্পাদনা সমিতিৰ উদ্যোগত তলত দাঙি ধৰা হ’ল। আখৰৰ উদ্যোগত এই সম্পৰ্কীয অধিক তথ্যসমৃদ্ধ আলোচনা আগবঢ়াই নিয়াৰ পৰিকপ্লনা কৰা হৈছে।

মিচিং লোকখাদ্য :

বৃহত্তৰ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলৰ খাদ্য পৰম্পৰাও স্ব-মহিমাৰে উজ্জ্বল আৰু চহকী। সাধাৰণতে আমিষভোজী মিচিংসকলৰ বৈচিত্ৰ্যপূৰ্ণ আৰু ব্যতিক্রম খাদ্যসম্ভাৰৰ এক চমু আলোকপাত তলত কৰা হ’ল।

পুৰাং আপিন : পুৰাং আপিন হৈছে তৰা পাতত সিজোৱা এবিধ টোপোলা ভাত। এই খাদ্যবিধ প্ৰস্তুত কৰিবৰ বাবে বৰাচাউল ব্যৱহাৰ কৰা হয়।

জাৱৰ অয়িং বা কঃৰ অয়িং : বিভিন্ন বনৰীয়া শাক-পাতেৰে মিশ্ৰিত ভাজিক জাৱৰ অয়িং বুলি কোৱা হয়। মিচিংসকলে কিছুমান পাহাৰীয়া গছৰ কোমল পাত গোটাই এই ভাজি ৰান্ধে। এই পাতবোৰৰ ভিতৰত পেক্কম (নেফাফু), তাকক্, তাজিক (ডিমৰু), অকাং (ঢেঁকীয়া) আদি অন্যতম।

নামচিং : নামচিং শুকান মাছেৰে তৈয়াৰ কৰা হয়। চুঙাত ভৰাই থোৱা নামচিং প্ৰায় চাৰি-পাঁচ বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি।

পেঃৰেদ অয়িং : পেঃৰেদ অয়িং হৈছে মাটিমাহেৰে তৈয়াৰী তৰকাৰী। কেৰাহীত তেল গৰম কৰি পিঁয়াজৰ সৈতে গাহৰি বা কুকুৰাৰ মাংস ভাজি সঠিক পৰিমাণে নিমখ-হালধি দি অলপ সময়ৰ ভজাৰ পিছত তিয়াই থোৱা মাটিমাহৰ সৈতে মাংস ভজা হয়।

বাঃনাম : বাঃনাম মানে জুইত সেকা বা পুৰা। তেওঁলোকে মাংস সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কঃৰিত (খৰিকাত) চিলাই জুই বা আঙঠাত সেকি খায়।

পামঃনাম্ : কলপাত বা তৰা পাচত মাছ-মাংস আৰু বিভিন্নধৰণৰ শাক টোপোলা বান্ধি ছাইত সেকি তৈয়াৰ কৰা ৰন্ধন প্ৰণালী।

ইঃকুং অয়িং :ইঃকুং মানে বাঁহ গাজ। মিচিংসকলে বাঁহ গাজ দুই ধৰণে খাদ্যত ব্যৱহাৰ কৰে। কেঁচাকৈ তৰকাৰীত দিয়া বাঁহ গাজক ইঃকুং বুলি কোৱা হয় আৰু মিহিকৈ কুটি বা ৰুকি শুকুৱাই থোৱা বাঁহ গাজক ইঃয়ুপ বুলি কোৱা হয়।

তদুপৰি মিচিং জনসমাজত অন্যান্য বিভিন্নধৰণৰ খাদ্যৰ প্ৰচলন আছে। সেইসমূহৰ ভিতৰত লাঃচৰ, পচলাং অয়িং, ঙেৰেগ অয়িং, য়েঃকতাক্ ৰাঃনাম্, পিতাং অয়িং, আমৃন অয়িং, আপং ,অলুম অয়িংআদি অন্যতম।

কাৰবিসকলৰ লোকখাদ্য :

অসমৰ এটা অন্যতম জনগোষ্ঠী কাৰবিসকলৰ খাদ্য সংস্কৃতি বিশেষভাৱে বৈচিত্ৰ্যপূৰ্ণ। অৰ্থনীতিৰ ধাৰা আৰু ভৌগোলিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি জাতিসমূহৰ বৈষয়িক সংস্কৃতিৰ বৈশিষ্ট্য, বসতি আৰু বাসগৃহৰ ধৰণ, যাতায়াতৰ মাধ্যম, সা-সঁজুলিৰ ধৰণ আৰু খাদ্য আদি গঢ় লৈ উঠে, কাৰবিসকলো ইয়াৰ ব্যতিক্রম নহয়। বিচিত্ৰ খাদ্যৰীতি প্ৰৱৰ্তিত হৈ থকা কাৰবি সমাজৰ কেইটামান উল্লেখযোগ্য খাদ্য তথা ব্যঞ্জনৰ নাম আৰু ৰঞ্জন প্ৰণালী উল্লেখ কৰা হ’ল

কিমুং : বাঁহৰ চুঙাত চাউল সিজাই কৰা ভাতৰ বিশেষ ৰন্ধন প্ৰণালীয়েই হৈছে কিমুং। এই প্ৰণালীত এফালে গাঁঠি ৰাখি বাঁহৰ চুঙা কাটি লোৱা হয়। ‘লৰূ’ নামৰ এবিধ গছৰ পাচত চাউলখিনি থৈ চোঙাত ভৰাই নিৰ্দিষ্ট পৰিমাণৰ পানী দি মুখখন বন্ধ কৰি দিয়া হয়। জুইৰ তাপত চাউলখিনি সিজে।

হান কিমুং : ভাতৰ উপৰি পৰৱৰ্তী সময়ত বাঁহৰ চুঙাত শাক-পাচলি সোৱাদ লগাকৈ ৰন্ধাৰ কৌশলেই হান কিমুং। ইয়াতো লৰূ পাতৰ ব্যৱহাৰ হয়।

অক কাংথু : চুঙাত সৰু সৰু মাছ আৰু গুই তেল, নিমখ, হালধি সানি বাঁহৰ চুঙাত ভাপত সিজাই কৰা বিশেষ ৰন্ধন প্ৰণালী।ৱৰেক : বনকুকুৰাৰ মঙহৰ লগত সৰু প্ৰজাতিৰ বেঙেনা মিহলাই চুঙাত সিজোৱা আঞ্জা।

মাৰি : ই এবিধ চাট্নিজাতীয় খাদ্য। বন নহৰু, শুকান কাঠফুলা, লপং নামৰ এবিধ বনজ মছলা আৰু জলকীয়া খুন্দি প্ৰস্তুত কৰা হয়।

অককিংকি : খৰিকাত মাংসৰ টুকুৰা গুঠি জুইত সেকি কৰা আঞ্জা।

ইংকিতাক : এৰী পলু সিজাই বা তেলত ভাজি প্ৰস্তুত কৰা আঞ্জা।

হেনদংদাৰ : বাঁহৰ গাজ, শুকাই ৰখা এৰীপোক, কঁচুৰ ঠাৰি, গাজ টেঙা, তিল, আদা, নহৰু আদি লৰূ পাত মেৰিয়াই জুইৰ তাপত দি পানী আৰু খাৰ নিদিয়াকৈ প্ৰস্তুত কৰা খাদ্য।

হেন উপ আহি : বাঁহৰ গাজৰ সৈতে মাংসৰ জোল।

বড়োসকলৰ লোকখাদ্য :

মংগোলীয় গোষ্ঠীৰ বড়োসকল খাদ্যৰ প্ৰতি যথেষ্ট সচেতন আৰু সুৰুচিসম্পন্ন। তেওঁলোকৰ খাদ্য আৰু ৰন্ধন প্ৰণালীত আয়ুৰ্বেদ শাস্ত্ৰ অন্তৰ্নিহিত যেন পৰিলক্ষিত হয়। সেয়ে তেওঁলোকৰ মাজত চুলি পকা, দৃষ্টিহীন হোৱা লোকৰ সংখ্যা যথেষ্ট কম। পৰম্পৰাগতভাৱে দৈনন্দিনত জীৱনত তেওঁলোকে বিজ্ঞানসন্মত, ৰুচিসম্পন্ন আহাৰ খায়। বড়োসকলে বতৰ, ঋতু আৰু উৎসৱ-পাৰ্বনত বিধে বিধে আহাৰ পৰিবেশন কৰে। ভাত, জৌ বা মদ, মাছ, মাংস, পোক আৰু শাক-পাচলিয়েই প্ৰধান আহাৰ। বড়ো খাদ্যত গুণাগুণ তথা প্ৰস্তুত প্ৰণালী তথা খাদ্য সংৰক্ষণ, খাদ্যৰ সামাজিক আৰু মনস্তাত্ত্বিক প্ৰকাৰ্য আদি সকলো দিশ পৰিলক্ষিত হয়।বড়োসকলৰ খাদ্য পৰম্পৰাৰ এটা উল্লেখযোগ্য দিশ হৈছে বিভিন্ন পোক-পতংগৰ উপস্থিতি। তেওঁলোকে জুতি লগাকৈ এইবোৰ ৰান্ধে। এনেধৰণৰ কেইবিধমান উল্লেখযোগ ব্যঞ্জনৰ চমু আভাস দিয়া হ’ল

সামো লাদা : সামো লাদা একপ্ৰকাৰ ডাঙৰ জাতৰ শামুক। বাৰিষা কালত এই পোকবিধ ধৰি আনি খোলাটো ভাঙি মলিবোৰ পেলাই দি মাংসখিনি নিমখ পানীত ধুই কিছু সময় থৈ দিয়াৰ পিছত বীজাণু আৰু বিজলুৱা পদাৰ্থখিনি আঁতৰাই জলকীয়া, পিঁয়াজ, নহৰু আদিৰে ভাজি খায়।

গাং জেমা : পাখি থকা ই এবিধ জলজ পতংগ। পাখি, ঠেং গুচাই খেতি-পথাৰত উপলব্ধ এই পোকবিধ বড়োসকলে ভাজি খায়।

সামো চবাই ইংখী : মাটিমাহৰ দাইলৰ লগত সৰু সৰু শামুকৰ বিশেষ আঞ্জা। ইয়াত শামুকবোৰ পাহাৰীয়া নৈ, জান-জুৰি আদিৰ পৰা বুটলি আনি পানীত তিয়াই থয়।

এম্ফৌ অনলা : এবিধ জুতিলগা আঞ্জা। পলুবোৰ সৰু সৰুকৈ কাটি তেল, জলকীয়া, ধনীয়া পাত দি ভাজি লয়। অনলা অৰ্থাৎ পিঠাগুৰি তেলত ভাজি লৈ পানীত উতলোৱাৰ পাছত ভজা পলুবোৰ তাত এৰি দিয়ে। এই খাদ্যত তেওঁলোকে অলপ খাৰৰ প্ৰয়োগ কৰে।

খুচিংগ্ৰা : উঁইচিৰিঙা ধৰি আনি পাখি, নেজ, মূৰ, ঠেং গুচাই নেজডাল টানি মলি উলিয়াই লয়। পাছত তেলত ভাজি পৰিবেশন কৰে। তদুপৰি বিভিন্ন মাছ, মাংস আৰু শাকেৰে তেওঁলোকে বিভিন্ন পুষ্টিকৰ আৰু সুস্বাদু খাদ্য প্ৰস্তুত কৰে। তেওঁলোকৰ মাজত জৌ গৗৰাণ আৰু মাইব্ৰাণি জৌ বিদৈ নামৰ দুবিধ বিশেষ পৰম্পৰাগত মদৰ প্ৰচলন আছে। তেওঁলোকৰ সমাজত প্ৰচলন থকা অন্যান্য খাদ্যসমূহৰ ভিতৰত নাফাম, না গৰৈ বাথন, অনলা, অনঠাই বাজাব জৗং খুছিয়া, না ডাবখা-জৌং থাচৌ বিথৰাই ইত্যাদি অন্যতম।