এজনী মিছিং ছোৱালী


মই লাহেকৈ নামটো সুধিলো। দকপুন মিলি, তাই ক’লে। সিহঁতৰ ঘৰ এম.ই স্কুলখনৰ কাষতে। তাই আজি গুমৰাগ নৃত্য নাচিব। এনেতে তাই আৰু মোৰ ওচৰেদি সৰু ল’ৰা এটাই কিবা কথা এষাৰ কৈ কৈ গুচি গ’ল। হাফপেন্ট আৰু দাগলগা বগা চোলা এটা ল’ৰাটোৱে পিন্ধি আছিল। মুখেৰে এটা মিঠাই চোবাই যোৱা ল’ৰাটোৱে কি ক’লে জানো মই বুজি নাপালো। মই দকপুনক সুধি পেলালো, কি কৈছিল সি? মোৰ দদাইদেউ পৰহি মৰিছে। সি মোক জোকাইছে। অ’। কি হৈছিল? বেমাৰ বৰ বেছি ডাঙৰ হোৱা নাছিল। চৰকাৰী ৰেগা কাম কৰোঁতে কোৰে ভৰিত কাটিছিল। পাছত ভৰিত ডাঙৰ ঘাঁ হৈছিল। অস, মই তাইক আৰু বেছি একো নুসুধিলো। মই বুজিবলৈ চেষ্টা কৰিলো, ঘুণাসুঁতিৰপৰা সুদুৰ টাউনৰ হস্পিতাললৈ দকপুনহঁতে দদাইকক নিব নোৱাৰে। প্ৰাথমিক চিকিৎসাৰ বাবেহে ইহঁতে আশা পালি থাকে। কিমান গাহৰি বেচিব। নাই, সিহঁতৰ পইচা নাই। দদাইয়েকে কিজানি বেদনাতে মৰিল।

দকপুনৰ কথাষাৰ শুনি মই তাইলৈ বয়কৈ চালো। তাই ইমান সহজকৈ কথাবোৰ ক’ব পাৰে। তাই আজি গুমৰাগ নাচিব। ৰিঃ বি গাচৗং পৰিধান কৰি আহিছে। গেৰখন খুব সুন্দৰকৈ গাত মাৰি লৈছে। তাইৰ চকুহাল চীনা মানুহৰ দৰে টানিধৰা বিধৰ। গালখন ৰঙা। হাঁহিলে গালতে খোল এটা ওলাই পৰে। তাইক সিহঁতৰ সাজ-পাৰবোৰে খুব সুন্দৰ দেখাইছিল। লগৰবোৰেও পিন্ধিছিল। সকলোকে ভাল লাগিছে। আমাৰ ওচৰতে মুৰত পাগুৰি, কঁকালত টঙালী এখন মাৰি আৰু ধুতি পিন্ধি ডেকা ল’ৰা এজন ৰৈ আছিল। মই তাইক সুধিলো, কোন সেইজন? আমাৰ দলটোৰ দলপতি। সি মুৰত দুমৗৰ, কঁকালত মেৰপং মাৰি মিবু গালুক আৰু গনৰ উগন পৰিধান কৰি আহিছে। তাই মোক ক’লে। মানুহজনক ৰঙচুৱা নেপালী ব্যক্তিৰ নিচিনাহে লাগিছিল। সি সিহঁতৰ জাতীয় ঢোল এটা লৈ ৰৈ আছিল। মই ভাবিলো সি আজি বেছ বয় ঢোল বজাব।

আমি স্কুলৰ চোতালতে দকপুনহঁতৰ সৈতে কথা পাতি আছিলো। তাইৰ গাঁৱৰ বিষয়ে সুধিছিলো। সিহঁতৰ খেতিৰ বিষয়েও সুধিছিলো। তাই কৈছিল সিহঁতৰ গাঁৱৰ বেছিভাগ মানুহেই ধান খেতিৰ লগতে গাহৰি পালন কৰে। সিহঁতেও গাহৰি পোহে। তাইৰপৰাই জানিছিলো যে এইবাৰ সিহঁতৰ এজনী গাহৰীয়ে পোৱালী জগাইছে। বাপেকে বেচিবহে লৈছিল। তাইহে নেবেচিবলৈ জোৰ কৰিলে। এতিয়া আঠটা পোৱালী জগিল। মই দকপুনৰ বাপেকৰ নাম সোধাত জানিব পাৰিলো গদা মিলি তাইৰ বাপেক। খেতি কৰে। কিন্তু তাইক আকৌ কথা এটা সুধ্বিলৈ লওঁতেই স্কুলৰ চোতালতে মাইকটো বাজি উঠিল। গম পালো, অলপ পাছতেই মিটিংখন হ’ব। ঘোষণাত শুনা গ’ল, সকলোটি সভাগৃহত প্ৰবেশ কৰিব লাগে। মই যেতিয়া সভাগৃহৰ শেষৰফালে বহি পৰিস্থিতিটো তন্নতন্নকৈ লক্ষ্য কৰিছো তেতিয়া দকপুন মিলি মোৰ কাষতে কিবা ভাবনাত মচগুল হৈ আছে। মাজে মাজে তাই মিচিকিয়া হাঁহি মাৰি আছিল। মই তাইৰফালে চোৱাত তাই গহীন হৈ পৰিল। লাহেকৈ মোক ক’লে

-আপনালোকে আমাৰ গাঁৱত আহিছে। আমি বহুত ভাল পাইছো।

-ওঁ। আমি এতিয়া তোমালোকৰ সংস্কৃতিৰ বিষয়ৰ ভাষণ শুনিম।

মই কোৱাত তাই মুৰ জোকাৰিলে।

মধ্যমীয়া আকাৰৰ স্কুল হ’লটোৰ ভিতৰৰ এফালৰ ৱালত লগাই থোৱা আছে এখন ডাঙৰ বেনাৰ। লিখা আছে তাত - মিচিং লোক-সংস্কৃতিৰ পৰিবৰ্ধন আৰু সংৰক্ষন। তাৰ তলতে বহি পৰিছে বিশিষ্ট ব্যক্তিসকল আৰু সিহঁতৰ সুখত আমি বহি পৰিছো। সভাৰ আৰম্ভণিতে এজনী মিছিং ছোৱালীয়ে ঐনিঃতম পৰিবেশন কৰিলে। তাৰ পাছত সভাৰ আৰম্ভণি হৈ গ’ল। মই সভাপতিৰ ভাষণ শুনিলো আৰু বিশিষ্ট ব্যক্তিসকলৰ কথাবোৰ শুনি গ’লো। মিচিং বুাবোৰে সিহঁতৰ থলুৱা সাজ-পাৰৰ বিষয়ে তন্ন তন্নকৈ কোৱা কথাবোৰ শুনিলো। এজনী মহিলাই সাজপাৰৰ টোপোলা এটা আনিছিল। তাই দেখুওঁৱা কাপোৰবোৰ আছিল ৰঙা, নীলা, সেউজীয়া আদি কেইবা ৰঙৰ। এটা মিবু গালোক তাই দেখুৱালে। মোৰ খুব পছণ্ডৰ হৈছিল। কালাৰটো আছিল ক’লা। ইয়াৰ পাছত মাহলাগৰাকীয়ে ইমান সুন্দৰকৈ সিহঁতৰ পৰম্পৰাগত সাজ-পাৰবোৰ দেখুৱাই গ’ল যে মই আৰু দকপুনে আচৰিত লাগি চাই থাকিলো। অৱশ্যে মই তাইৰ কথাবোৰ বয়কৈ টুকি গ’লো। মই দকপুনক সুধিলো, তোমালোকৰ দেউতাই এইবোৰ সাজ পিন্ধেনে? তাই মুৰ জোকাৰিলে। তাই এইটোও ক’লে যে পঃৰাগ আৰু গুমৰাগ উৎসৱত সিহঁতৰ মাকে মবুং এগে গাচৰ, বিৰি গাচৗ, তাপুং গাচৰ, জিম কাপোৰ সকলো পৰিধান কৰে। তাইৰ বাপেকৰো এৰক্ আৰু মেৰপং আছে। কুি গালোকটো এতিয়া ফাটিল। মই সুধিলো, কেনেকৈ? চাংঘৰৰ তলৰপৰা এদিন নেউটনীটো আনিবলৈ যাওঁতে। কি সেইটো? তাই মিচিককৈ এবাৰ হাঁহিলে আৰু মনে মনে মোৰ কাণৰ কাষতে ক’লে, আপনালোকৰ যঁতৰ অক’। মইয়ো হাঁহিলো। সঁচাই দকপুনহঁতৰ নিচিনা ছোৱালীবোৰৰ মুখতহে পৃথিৱীৰ নিৰ্ভেজাল হাঁহিবোৰ সোমাই আছে। কথাষাৰ ভাবি মই আকৌ হাঁহি এটা মাৰিলো। মই সভাথলিত দকপুনৰ সৈতে কিছুমান কথা পাতি যাওঁতে মিচিং বুাবোৰে ভাষণ দিয়েই আছিল। নাক, মুখ ৰঙা আৰু বগা চুলিৰ বুা এজনে সিহঁতৰ আপঙৰ কথা কৈছে। লগতে কৈছিল যে গাহৰিৰ মঙহ খৰিকাত দিলে কিধৰণ জুতি লাগে, চেংমৰাৰ লগত মঙহৰ সোৱাদ কেনেদৰে বৃদ্ধি হয়। তেওঁ নামচিংৰ কথাও প্ৰসঙ্গতে কৈ থলে। মই নামচিংৰ কথাটো শুনাৰ মাত্ৰকে দকপুনলৈ চালো। তাই ক’লে, বৰ ভাল। জুতি লাগে। মইয়ো ক’লো, লাগে লাগে। মইয়ো পকদংহঁতৰ ঘৰত এবাৰ খাইছিলো। কোন পকদং? ধেমাজিৰ । মোৰ ভাল বন্ধ। সৰুতে একেলগে পছিলো। অৱশ্যে সি এতিয়া পা এৰি দিছে। কেইবছৰমান হাজৰ ব্যৱসায় কৰিয়েই কটাই দিছিল। এতিয়া সি ক’ত গ’ল মই নাজানো। তাইক মই ক’লো। দিনৰ এক বজালৈকে যেতিয়া আমি ভাষণ শুনিছিলো তেতিয়া এজন এজনকৈ মিচিং বুাবোৰে অতীত আৰু বৰ্তমানৰ কথাবোৰ আমাৰ আগত কৈ গৈছে। মই আৰু সহপাঠীসকলে সেয়েহে খুব সুক্ষ্মভাবে তেওঁলোকৰ কথাবোৰ শুনি গৈছিলো। কিন্তু মই লক্ষ্য কৰিছিলো যে মিচিং বুাবোৰ যেন আমাতকৈ বেছি ভাবগধুৰ হৈ পৰিছিল।ক’বলৈ গ’লে মিচিংসকলৰ বুাবোৰক সঁচায়ে চিন্তাৰ গভীৰতাত ডুব গৈ থকা কোনো অখ্যাত দাৰ্শনিক যেনেই লাগে। ৰঙা ছালৰ মুখমণ্ডল, ওলমি পৰা চকুৰ বাদু, ভাবগধুৰ দৃষ্টি, মুখমণ্ডলৰ লেহেমীয়া ঘুৰণে তেওঁলোকক বেলেগ এটা ৰূপ দিছে। সেয়েহে তেওঁলোকে যেতিয়া জাতীয় সাজ-পাৰ, খাদ্য অথবা বিশ্বাস-অবিশ্বাসৰ কথাবোৰ শুনি যাওঁতেও নিৰ্দিষ্ট বস্তুত দৃষ্টি ৰাখি মুৰবোৰ জোকাৰী গৈছিল তেতিয়া সভাৰ কোঠালিত এক বুজাব নোৱাৰা ভাবগধুৰ পৰিবেশে বিৰাজ কৰিছিল। কিন্তু দিনৰ ডেৰ বজাৰ পাছতেই যেতিয়া সবাতোকৈ বৃদ্ধ বুাজনে কথা ক’বলৈ উঠে পৰিবেশটো অধিক গম্ভীৰ হৈ পৰিল। তেওঁৰ বয়স হয়তো আশিৰ উৰ্ধৰ হ’ব। বহল মুখমণ্ডল আৰু বেছ জিলিকি পৰা ৰঙা নাকৰ বুাটোৱে লাহে লাহে অতীতৰ কথাবোৰ আমাৰ আগত কৈ যাবলৈ ধৰিলে। তেওঁ আমাৰ ফালে চোঁৱা নাছিল। ওপৰৰফালে মুৰ কৰি তেওঁ কৈ গ’ল, কেনেকৈ ঘুণাসূঁতিত তেওঁলোকে অতীতত খেতি কৰিছিল লাই, মুলা, পালেং, শুকান মাছ বজাৰত বেচিছিল। তেওঁ সোৱণশিৰিৰ পাৰৰ মঁহখুটিৰ আঠা হোৱা দৈ গাঁৱৰ ৰাইজক কেতিয়াবা এনেয়ে ভগাই দিছিল। কথাৰ মাজতে তেওঁ জংকি-পানেইৰ কৰুণ প্ৰেমৰ কাহিনীটো অস্পষ্টকৈ আমাৰ আগত ক’বলৈ চেষ্টা কৰিছিল। আশীৰ উৰ্ধৰ এই বুা মানুহজনে কথাখিনি শ্ৰুোতাসকলক এনেকৈ কৈছিল যে দ্বিতীয় শ্ৰেণীৰ শাৰীত পৰা যিকোনো শিক্ষকেও ইমান সৰলকৈ বুজাব নোৱাৰে বুলি মোৰ ধাৰণা এটা হৈ গ’ল। দকপুনেও বুাটোলৈ একেৰাহে চাই থৰ থাকিল। এৰা, থৰ লাগিবই। অভিজ্ঞতাপুষ্ট এই দাৰ্শনিক যেন বুাবোৰৰ আগত আমাৰ লোক জীৱন দৰ্শন থান-বান হৈ যাব। কিন্তু দুই বজাৰ আগতেই সভাপতিয়ে আচৰিত ধৰণে ইঙ্গিত দিয়াত গম পোৱা গ’ল যে বুাই কথা কোৱাৰপৰা বিৰতি ল’ব লাগে। সময় নাই। এজন ডেকাই টেবুলতে এটা টোকৰ মাৰিলে। এজনে বুাৰ ওচৰতে গৈ ফুচফুচাই কিবা এষাৰ ক’লে। মই এইবোৰ দেখি উচপিচাই উঠিলো। ক’বলৈ গ’লে বুাৰ কথাবোৰত মই ডুব দিবলৈ আৰম্ভ কৰিছিলো। ঘুণাসূঁতিৰ অতীতৰ দিনলৈ মোৰ মনটোক উৰাই পঠাইছিলো। কিন্তু সময়ৰ অভাব। এৰা, সময়ৰ অভাবেই। আজি আমাৰ জ্ঞানৰ জুতি ল’বলৈকো সময় নাই। তত্ত্বগধুৰ কথাবোৰে আজি আমাৰ মন সন্তষ্ট নকৰে। আমি যান্ত্ৰিক নিয়মৰ বশৱৰ্তী হৈছো। আজিৰ প্ৰজন্মৰ দেহ-মন কৃত্ৰিম আৰু যান্ত্ৰিক যেন হৈ পৰিছে। ইতিহাসৰ কোনো সময়তেই পৰিৱৰ্তন কৰিব নোৱাৰা এইবোৰৰ সমালোচনা কেৱল গপ্ল অথবা প্ৰবন্ধবোৰতহে পাব পাৰি। সভাথলিতেই মই অনুমান কৰিলো, খুবসম্ভৱ প্ৰকৃত গপ্লকাৰ অথবা দাৰ্শকিবোৰ বেয়া ৰকমৰ বেদনাতেই মৰে যিবোৰে ৰচনাবোৰৰ জৰিয়তে কাহানিও পৰিৱৰ্তন কৰিব নোৱাৰে প্ৰজন্মৰ বিশৃংখলতা।

বুাই মঞ্চৰপৰা নামি অহা দেখি মোৰ মন বেয়া লাগি গ’ল। বেচেৰা বুাৰ বহু কথা ক’বলৈ মন আছিল। তেওঁ কিহবাৰ উমান পাই সিমানতে কথাৰ সামৰণি মাৰিলে। নিজৰ আসনত বহি বুাৰ মনটো উচপিচাই থকা যেন মোৰ ভাব হ’ল। মোৰো মনটো উগুল থুগুল লাগিছিল। ভাবিছিলো, হাজাৰ বছৰৰ আগতে দাৰ্শনিকবোৰে কি সাধনা কৰিছিল সিহঁতৰ কথাবোৰ ইমান দুৰদৰ্শী আৰু জ্ঞানপুষ্ট আছিল ভিন্নধৰণৰ চিন্তাই মোক বেৰি ধৰিলহি। আৰে, যদিহে ছক্রেটিছ আৰু প্লেটোৱে কেনেবাকৈ ৰাজনৈতিক দৰ্শনত যুক্তি-তৰ্ক কৰিলেহেঁতেন ক্রিট দ্বীপত জুই লাগিলেও তেওঁলোক বিচলিত নহ’লহেঁতেন। তেওঁলোকে হয়তো ঘন্টা ঘন্টা জুৰি প্ৰকৃত সত্যৰ সন্ধানত একেখন টেবুলতে অলৰ-অচৰ হৈ থাকিলহেঁতেন। যদিহে শংকৰ- মাধৱে ধৰ্মৰ বিষয়ে যুক্তি দিলেহেঁতেন নিশ্চয় দবাপিটা বৰষুণতো থিয় হৈয়েই নিজৰ মত প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিলহেঁতেন। এৰা, তেওঁলোকৰ ৰচনা আৰু দৰ্শনেই সেই কথা কয়। কিন্তু আমি আজিৰ মানুহ। আমি তেনেধৰণৰ নহয়। আমি কিছুমান বিষয়ক লৈ ছিৰিয়াছো নহয়। ছেহঃ।

অৱশেষত মিটিংখন সমাপ্ত হ’ল। তাৰ পিছতেই মই সহপাঠিৰ সৈতে গুমৰাগ নৃত্য উপভোগ কৰিলো। খুব বয় ভঙ্গিমাত দকপুনহঁতে নাচিলে। মই মাজে মাজে হাততালি দি থাকিলো। দকপুনে নাচোতেও মোৰফালে চালে। মই বৌদ্ধভিক্ষুৰ দৰে মুৰটো বেকাঁ কৰি তাইক ইঙ্গিত দিলো। নিশা আমিও বলেন, নৰাচিংহঁতৰ লগত নাচিলো। আমেৰিকা টাইদে খুব নাচিছিল। সি বোলে গৰু চৰাওতেও ঐনিঃতম গাই। আমাক গাই শুনালে। বেছ জমিছিল নিশাটো। আৰে, জমিবই । ঘুণাসূঁতিৰ মিচিং ডেকাৰ সহজ-সৰলতাত নানাচি থাকিব কোনে। নাচিবই । আমাৰ অধ্যয়নৰ দলটিৰ সকলোৱে সেইনিশা নাচিলে। তেওঁলোকে বৰ ভাল পালে।


ৰাতিপুৱাৰে পৰা কেইবাবাৰো অৱন্তীয়ে নিজৰ মুখখনকে দাপোণত চাইছে। ৰঙা ফোঁটটোৰে সৈতে গাঢ় সেউজীয়া চাদৰ মেখেলাযোৰ তাইৰ গাৰ বৰণৰ লগত মিলি পৰিছে। বসন্তৰ আটাইবোৰ সেউজীয়া যেন তাইৰ গাতে থূপ পাতি ৰৈছেহি। কিচকিচীয়া ক'লা দীঘল চুলিৰ বেণীডাল সোলোক ঢোলোক হৈ কঁকাললৈকে পৰি আছে। চকুযুৰিত পাতলকৈ কাজলো সানি ল'লে অৱন্তীয়ে। সাতবছৰীয়া ভতিজী বিৰিণাইও এবাৰ দৌৰ মাৰি আহি কৈ থৈ গ'লহি,"পেহী, তোমাক বৰ ধুনীয়া লাগিছে।"...



হুইল চেয়াৰখন ঘাঁহনিৰ ওপৰেদি ঠেলি সুগন্ধাই নৈখনৰ পাৰলৈ নি আছে। এয়া তাইৰ দৈনন্দিন জীৱন। জীৱন যুঁজত পৰাজয়বৰণ কৰাৰ পাছত এয়া সিঁহতে নতুনকৈ জী উঠিবলৈ কৰা আয়োজন মাত্ৰ। লাহে লাহে ভাল লগা হৈ অহা এই নদীৰ দুই পাৰ, নদীৰ বালি, পানীত মুক্তমনে বিচৰণ কৰি ফুৰা প্ৰাণীবোৰ, দুই পাৰ উপচি থকা সেউজীয়া ঘাঁহনিডৰা। সকলোকে আবেলিৰ সংগীৰ দৰে লগা হ'ল সিঁহতৰ। মুকলিমুৰীয়াকৈ কথাবোৰ কৈ পেলাব পাৰে সিঁহতৰ উপস্থিতিতে, সাৱটি ধৰিব পাৰে ইটোৱে সিটোক,...



শিক্ষা হ’ল জ্ঞান আহৰণ তথা বিকাশৰ মধুৰতম প্ৰক্ৰিয়া । যি প্ৰক্ৰিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে মানৱ শক্তি গঢ়াৰ পৰিচায়জক। আচলতে ব্যক্তিৰ জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন। বিখ্যাত দাৰ্শনিক স্বামী বিবেকানন্দই কৈছিল- “শিক্ষাই মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।” শিক্ষাই এজন ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাসমূহৰ পূৰ্ণ বিকাশ সাধন কৰে। শিক্ষা আৰু প্ৰশিক্ষনৰ অবিহনে কোনো ব্যক্তিয়েই নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰে।