নতুন অসমীয়া ধাৰাবাহিকৰ খবৰ


২০ জুলাইৰ পৰা হাঁহিৰ জোৱাৰ উঠিব ‘ঐ খাপলা’ত

যোৱা সময়ত খাপলাং কাই চিৰিজে অসমৰ ৰাইজক এক সীমাহীন হাঁহিৰ খোৰাক দি আহিছে । সেয়া ভিচিডি ছবি বা টি ভি চিৰিয়েলৰ দ্বাৰাই হওক । অসমৰ ৰাইজৰ বাবে বৰ্তমান খাপলাং কাই মনোৰঞ্জন আৰু হাঁহিৰ ব্ৰেণ্ড হৈ পৰিছে। সেই হাহিৰ ব্ৰেণ্ড আকৌ উভতি আহিছে ‘ঐ খাপলা’ নামেৰে জনপ্ৰিয় চেটেলাইট চেনেল ৰংত। ২০ জুলাইৰ পৰা সোমবাৰৰ পৰা শুক্ৰ বাৰলৈ নিশা ন বজাত সম্প্ৰচাৰিত ‘ঐ খাপলা’ কেৱল ৰং চেনেলত। খাপলাং কাই সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ কৃতিত্ব সমূহ কলা কুশলীৰ লগতে কেপ্তেইন অৰ্থাৎ পৰিচালক বুলবুল হুচেইনক দিব লাগিব । বুলবুল হুচেইনৰ কথা নকলেও হ’ব কাৰণ তেওঁক অসমৰ কমেডি কিং বুলি জনাজাত । লগতে তেওঁ একাধাৰে পৰিচালক, চিত্ৰ-নাট্যকাৰ,অভিনেতা,কাহিনীকাৰ,কণ্ঠশিল্পী আদি হিচাপে অসমৰ ৰাইজৰ মাজত জনপ্ৰিয়। সকলোৱে খাপলাং কাইৰ প্ৰতিটো চৰিত্ৰই আকোৱালি লৈছে। আৰু এইবাৰ সম্পূৰ্ণ নতুন পৰিকল্পনা আৰু কাহিনীৰে বিভিন্ন হাস্যৰসেৰে ভৰপূৰ বিভিন্ন চৰিত্ৰৰ সমাৱেশ ঘটিব ঐ খাপলাত। তাৰে ভিতৰত খাপলা চৰিত্ৰত জনপ্ৰিয় অভিনেতা ৰাতুল দাস, খাপলাৰ পত্নী- দামিনী আৰু ৰঙিলী, চাৰি জনী খুলখালী- হিৰু, ডাংকাতী বাই, বোন্দা৯সৰু-বোপা),চেনীৰাম, মিমেজান, গোলাপজান আদি। আপোনাৰ মনোৰঞ্জন দুগুণ কৰিবলৈ ‘ঐ খাপলা’ৰ কাহিনী/চিত্ৰনাট্য/সংলাপ আৰু পৰিচালনা কৰিছে বুবুল হুচেইনে। সহ পৰিচালনাত আছে দ্বীপেন নাথ।সম্পাদনা- ভাৰ্গৱ আৰু দ্বীপ, মেক আপ- পিন্টু চৌহান, পুনঃ শব্দগ্ৰহন- বিকাশ আৰু প্ৰণৱ, সংগীত- ভৈৰৱ আৰু শশাংক, শীৰ্ষগীতত কণ্ঠ দিছে- জিনজিৎ আৰু বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে – ৰাহুল দাস, নমিতা হাজৰিকা, চিমি বৰ্মন, প্ৰেমানন্দ বৰুৱা, মীষা দত্ত, বুলবুল হুচেইন, চাৰ্জু, বিপুল, মনোজ গগৈ, আব্দুল মালিক,ৰিমজিম,ৰেখাশ্ৰুতি,দেৱজানী,নিশা,পংখী,ফিৰোজ আহমেদ,নিলাক্ষী,জিতেন,ৰুমী,প্ৰাণজিত ৰাভা,গৌৰাংগ আদিয়ে। হাঁহি,মনোৰঞ্জন আৰু সীমাহীন আনন্দ দিবলৈ সাজু ‘ঐ খাপলা’। লগতে আৰু এটা ভাল খবৰ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চেটেলাইট চেনেল হিচাপে ৰংত ছয়খনকৈ ধাৰাবাহিক সম্প্ৰচাৰিত কৰি এই জুলাইৰ পৰা চেনেলটোৱে এক ইতিহাস গঢ়িব।

আপোনাৰ মনোৰঞ্জন দুগুণ কৰিবলো আহি আছে ভাড়াঘৰ

উত্তৰ পূৰ্বাঞ্চলৰ আতাইতকৈ দীঘলীয়া আৰু জনপ্ৰিয় ধাৰাবাহিক ভাড়াঘৰ তিনি মাহ বিৰতিৰ পাছত আকৌ উভতি আহিছে আপোনালোকৰ মাজলৈ। অসমৰ দৰ্শকৰ হিয়াৰ আমঠু ধাৰাবাহিকখনি যোৱা তিনি মাহৰ পৰা সম্প্ৰচাৰিত নোহোৱাৰ পৰা দৰ্শকৰ মাজত নিৰাশাৰ সৃষ্টি হৈছিল।ৰং চেনেলত ধাৰাবাহিকখনি আকৌ সম্প্ৰচাৰ কৰিবলৈ পঠোৱা আবেদন পত্ৰই ভৰি পৰিছিল। অসমৰ বিভিন্ন স্থানৰ পৰা আবেদন আহিছিল। সকলোৱে জানে যে ভাড়াঘৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আতাইতকৈ বেছি সম্প্ৰচাৰিত হোৱা ৰেকৰ্ড ভংগকাৰী ধাৰাবাহিক। যোৱা তিনিমাৰ সম্প্ৰচাৰিত নোহোৱা ধাৰাবাহিকখনি দৰ্শকৰ অনুগ্ৰহত দৰ্শকৰ মনোৰঞ্জন দুগুণ কৰিবলৈ ৰং চেনেলত ১৩ জুলাই,সোমবাৰৰ পৰা নিশা ৮ বজাত পুনৰ সম্প্ৰচাৰিত হৈছে।ধাৰাবাহিক খনি এক নতুন সাজেৰে দৰ্শকৰ মাজলৈ উলিয়াই দিছে জনপ্ৰিয় পৰিচালক আৰু অভিনেতা মৃদুল ভূঞাই। মৃদুল ভূঞাৰ পৰিচালনাত ইতিমধ্যে ধাৰাবাহিকখনে সফলতাৰ শীৰ্ষত আৰোহণ কৰিছিল আৰু এইবাৰো ব্যতিক্ৰম নহ’ব। ধাৰাবাহিকখনৰ চিত্ৰনাট্য লিখিছে নৱজ্যোতি বৰাই। কেমেৰামেন হিচাপে আছে মানৱ ডি জে, সহকাৰী পৰিচালক-ঋতুপৰ্ণ শইকীয়া আৰু দেৱজিৎ বৰুৱা, প্ৰযোজনা নিয়ন্ত্ৰণ কৰিছে- অভিজিত বৰা, মেক আপ- গৌতম চৌধুৰী, হেঙেৰাবাৰীৰ শংকৰদেৱ ষ্টুডিঅ’ত দৃশ্যগ্ৰহন কৰা ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে- জয়ন্ত দাস, সাগৰিকা গোস্বামী, দেৱাৰ্শীষ বৰঠাকুৰ, তেহচিন আখতাৰে আৰু কাহিনী অনুযায়ী বিভিন্ন চৰিত্ৰই ভূমুকি মাৰিব। আপোনালোকো সাজু হওক ভাড়েঘৰৰ সীমাহীন মনোৰঞ্জনৰ বাবে। জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অৰ্থাৎ কাকতি আকৌ উভতি আহিছে নিজৰ ঘৰটোলৈ,সেয়ে এইবাৰ দুগুণ মনোৰঞ্জন হোৱাটো খাটাং।

সম্পূৰ্ণ পৃথক ষ্টাইলেৰে ‘ক্ৰাইম ভাইৰাছ ডট কম’

যোৱা কেইমাহমানৰ পৰা প্ৰতিদিন টাইমছত সম্প্ৰচাৰিত হৈ আছে এক ব্যতিক্ৰমী আৰু পৃথক ধাৰাবাহিক ‘ক্ৰাইম ভাইৰাছ ডট কম’। প্ৰতি দেওবাৰে নিশা ৯।৩০ বজাত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক খনে প্ৰত্যেক সপ্তাহতে পৃথক পৃথক কাহিনীৰে দৰ্শকক মনোৰঞ্জন তথা ইতিবাচক বাৰ্তা দিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে ‘ক্ৰাইম ভাইৰাছ দট কম’ এ সফলতাৰে ভুতো খণ্ড অতিক্ৰম কৰিছে। আমাৰ সমাজত চলি থকা বিভিন্ন ক্ৰাইমবোৰৰ পৰা যুৱ প্ৰজন্মৰ লগতে সমগ্ৰ সমাজখনে কেনেকৈ নিজকে সচেতন কৰি ৰাখিব পাৰে তাৰে কিছুমান ভিন ভিন কাহিনীক ধাৰাবাহিকখনত সুপৰিকল্পিত ভাৱে উপস্থাপন কৰা হৈছে। বিশেষকৈ ধাৰাবাহিকখনে যুৱ প্ৰজন্মৰ মাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। ভুতো যুৱক যুৱতী আছে যি গতানুগতিক শাহু-বোৱাৰীৰ কাহিনীসম্পন্ন চিৰিয়েলদমূহ চাই ভাল নাপায়, তেওঁলোকে এই ধাৰাবাহিকখন নিশ্চয় ভাল পাব। শাৰাবাহিকখনৰ কাহিনী,চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনা প্ৰতিভাশালী যুৱ পৰিচালক ৰাজা চৰণ সিঙৰ। সহ পৰিচালনা- প্ৰণামী দত্তৰ, কেমেৰা –প্ৰবীন বসুমতাৰী, পৰিকল্পনা- স্মিতাক্ষী বি গোস্বামীৰ, সম্পাদনা কৰিছে- মৃণ্ময় ফুকন আৰু শৰ্মাই, সংগীত দিছে- পৰান বৰকটকী(জ’জ) এ, গ্ৰাফিকচ- সৌৰভ বৰুৱা(প’গ), মেক-আপ- তীব্ৰ বোৰাগুী, অন ইয়েৰ প্ৰযোজক- বাহাৰুল ইছলাম, ক্ৰিয়েটিভ টীমত আছে- প্ৰশান্ত দাস, তাপশ্ৰী বৰ্মন, মনালিছা দাস। অনবৰতে বাতৰি সম্প্ৰচাৰ হৈ থকা প্ৰতিদিন টাইমছত প্ৰদত্ত ধাৰাবাহিকখনে দৰ্শকক সজাগ আৰু মনোৰঞ্জন প্ৰদান কৰিবলৈ সক্সম হোছে আৰু সেই অনুপাতে সঁহাৰিও লাভ কৰিছে।


অসমৰ সাংস্কৃতিক আন্দোলনত আগ্ৰহী দৰ্শকৰ আকুল সমৰ্থন আৰু অনুগ্ৰহত ভাৰতীয় চলচ্চিত্ৰৰ জন্মকালতেই অসমীয়া চলচ্চিত্ৰই নিজৰ স্বকীয় মহিমাৰে আঞ্চলিক ক্ষেত্ৰত সবল স্থিতি প্ৰদৰ্শন কৰিব পাৰিছিল যাৰ নেতৃত্ব দিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই হেন চলচ্চিত্ৰৰ উদ্ভাসিত জ্যোতি আজিৰ অসমত বহুলাংশে ম্লান পৰিব লগা হোৱাটো বৰ পৰিতাপৰ কথা হৈছে। অসম চৰকাৰৰ চলচ্চিত্ৰৰ উৎকৰ্ষ সাধন আৰু বাণিজ্যিক প্ৰসাৰতাৰ দিশত...


18.11 নামৰ বলিউড ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্সম হোৱা অসমৰ অভিনেতা ৰেহাল খানৰ নতুন হিন্দী মিউজিক ভিডিঅ’ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। তেৰে হি প্যাৰ মে- শীৰ্সক হিন্দী গানটোত কণ্ঠ দিছে মুম্বাইৰ জনপ্ৰিয় গায়ক- জ’জ আৰু বৰ্ষা ত্ৰিপাঠীয়ে। সংগীতত আছে- চায়ক কৌশিক, কথা –মিথিলেশ সিং আৰু কৌশিক বিশ্বাসৰ,গানটোৰ বাণীবন্ধন ইতিমধ্যে শেষ হৈছে আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন লোকেশ্বনত শ্বুটিং আৰম্ভ হ’ব। বিগ বাজেটেৰে নিৰ্মিত ভিডিঅ’টোত ৰেহাল খানক এক বেলেগ লুকত দেখা যাব। সকলোৱে জানে যে ৰেহাল খানৰ প্ৰথম ছবি আছিল ‘জুমন-সুমন’, তাৰ পিছত তেওঁ মুম্বাইত প্ৰতিষ্ঠা লাভৰ বাবে গুচি যায় আৰু ২০১৪ চনত তেওঁৰ প্ৰথম ছবি 18.11 মুক্তি লাভ কৰে। তেওঁৰ অভিনয়ে ছবি সমীক্ষকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ আহিবলগীয়া ছবিখনৰ নাপ ‘আই পি এল’।( যুগুতালে- ভূষন পাঠকে)