কবিতা

উত্তৰ-ঔপনিৱেশিক কবিতা-১
কমল কুমাৰ তাঁতী

আমি জলকুঁৱৰীৰ ৰখীয়াবোৰে
নৈৰ গভীৰ তলৰ পৰা গৈ
যেতিয়া নৈৰ পাৰ পালোঁগৈ

তেতিয়া বণিকসকলৰ শেষ জাহাজখন
এন্ধাৰ ফালি গুছি গৈছে
নৈৰ বুকুৰ সকলো সম্পদ আত্মসাৎ কৰি

নৈৰ পানী সৰকি বৈছিল বালিৰ চেকুৰা
বালিত জমা হৈ থকা
তেজৰ শতিকাযোৰা চেকুৰাবোৰ
কৰাল মাৰি ধৰিছিল

জলকুঁৱৰীৰ শৰীৰে
জীৱন্ত নাৰীৰ ৰূপ লৈছিল

জলকুঁৱৰীয়ে আমাক আৰু আমাৰ
সম্পদহীন জনতাক ক’লে
“অতদিনে আমি আছিলোঁ নীৰৱ । আমি আছিলোঁ
সকলো অন্যায়,সকলো অবিচাৰৰ সাক্ষী
আজি ঘুৰাই পাইছোঁ
আমাৰ ভাষা আৰু চেতনা
আমাৰ মনন আৰু শক্তি
আমাৰ অৱচেতন আৰু কথন ।’’

আমি জলকুঁৱৰীৰ ৰখীয়া
আমি জলকুঁৱৰীৰ দেশৰ সচেতন বিশ্বাসী ৰখীয়া
ইতিহাস এতিয়া আমাৰ পক্ষত।

অস্তাগামী
মানস প্ৰতীম শৰ্মা
এচোতাল আবেলি আহি
শেৱালি ফুলাৰ বতৰা দিওঁতে
তুমি সেউজীয়া হৈ পৰিছিলা।
এহেলিচা মৰমৰ কঠিয়াতলীত
সপোনবোৰ পুহি ৰাখিছিলো
শিমলু তুলাৰ লগতে যাবলৈ নিদি।
প্ৰতাৰণাৰ দলিলত চহী নকৰাকৈ গুচি গ'লা
এটি আবেলি দেওপাৰি খেলা
কপৌহালিৰ বাট বন্ধ এতিয়া।
ব্ৰজপাতৰ লেলিহান অনলৰ সোঁৱে বাঁৱে
দৌৰি দৌৰি, ভাগৰি ভাগৰি
জিভাৰ লেলাউটিত পিছল খাই পৰিছিলোঁ,
তেতিয়া বাপু পাহাৰত এজাক শগুণে উৰুলী দিছিল।
মই নিঃশব্দ ৰাগৰ মূৰ্ছনাত বৈভৱী নাচোনত মত্ত
এহালি কপৌক আঁকিব খুজিছোঁ,
কপৌহাল সেউজীয়া কৰিম, তাত এটা ৰাগ দিম
ভিঞ্চিৰ মনালিছা নহয় অজান পুলকত বুৰ যাম।
পাহাৰৰ পৰা আহিছে স্বাৰ্থপৰ শগুণ
তঁহতে মোক খা।
দলিলত চহী নকৰাকৈ সপোনবোৰ
গিলিবলৈ দিব নোৱাৰোঁ।

অসীমৰ সীমাৰেখা
অনুসূয়া হাজৰিকা

সেই একেজাক প্ৰভঞ্জনৰ প্ৰভাৱত
ওপৰলৈ উঠিছিল জলস্তম্ভ
আৰু উটি আহিছিল মোৰ বাবে এখন নৱপত্ৰ

কঠোৰতাৰ প্ৰতিধ্বনিত লুপ্ত হোৱা ব্ৰজ্ৰাগ্নিয়ে
কঁপাই তোলা নাই আজি
মোৰ কলমৰ শীৰ্ষবিন্দু

মোৰ অক্ষম তুলিকাই ৰূপ দিব পৰা নাই
পদুমৰ ওঁঠৰ ঢৌক আৰু
দুবৰিৰ মৰীচি দেহ

ধ্যানকেন্দ্ৰিকতাক মষীমুৰ কৰি আনিব পৰা নাই
মোৰ প্ৰিয় কাতৰ বাঁহীৰ সুৰ

আজিও মোৰ বাবে স্থিৰ মাজনিশা
অথচ সীমাবদ্ধ মোৰ ভাৱনাৰ সীমাৰেখা।

শাওণৰ স্বৰলিপি
গৰিমা গাওঁখোৱা

সভ্যতাৰ বুকুত
দুখৰ ডঁৰিয়লি
জিৰাইহি তোমাৰ বুকুত
অনাহাৰী জীৰ্ণ নীৰহাড়া

পিৰালিত গজে
হেঁপাহৰ বীজ
সোঁৱে বাঁৱে ফুলে
শইচৰ সেউজীয়া

পিতাইৰ দেহৰ গোন্ধত
বিয়পে দূৰন্ত সপোন
যি সপোন বিয়পায়
মাটি আৰু মানুহৰ
শৈল্পিক ব্যঞ্জনা
নীলাভ আকাশৰ
সুপ্ত আত্মাগাঁথা

ভগ্নস্তূপৰ শূন্যতাত
তোমাৰ বতাহে
সুগন্ধি বিলাব

হালৰ জুটিত
সৃষ্টি সৃষ্টি সভ্যতাৰ
দীপ্ত ৰঙা নিচান
যি বৰপেৰাত শুৱাব
অস্তগামী সূৰজৰ
শইচৰ মণিকূট।

অযুগ্ম
দুলেন গগৈ

পানীত থাকিও
মাছবোৰ বালিত
বালিত থাকিও
ছাঁবোৰ বুকুত!

পোটাশালত থাকিও
বন্দীবোৰৰ বাটত
বাটত থকাবোৰ
শিকলিৰে বন্ধা।

বুকুত পোট খাই থকা
উশাহবোৰ বতাহত
বতাহবোৰ ৰুগ্ধ!

আকাশত থাকিও
মাজনিশা তৰাবোৰ
এটা এটা সৰে

বৰফ হৈ
শিল হৈ
নদীৰ বুকুত

আৰণ্যক
এৰিণা গগৈ

উতনুৱা বতাহে
আকাশ চুব খোজে
চুব খোজে জোনাকৰ সীমনা
বতাহৰ কোলাহলে
অশান্ত কৰে সময়
ধুমুহাই সলায় জীৱন।
ৰূপান্তৰৰ পদ্য
শুনিবলে ভাল,
ৰূপ নহলাই কিন্তু হৃদয়ে।
এয়াই এজাক উতনুৱা যৌৱন
দুৰন্ত সপোনৰ শলিতা।

হৃদয়ৰ আস্ফালনত যাৰ হৃদয় নকঁপে
কঁপি নুঠে সত্ত্বা যাৰ
শব্দৰ সৈতে যাৰ মিলন নাই,
শাওনৰ হতে যাৰ চিনাকী নাই
যি মাথো চিনি পাই আঘোণ!
তেওঁ সপোন দেখিব নোৱাৰে,
তেওঁ হ'ব নেজানিব খনিকৰ!

উতনুৱা বতাহত মাথোঁ
উৰিব পাৰে এখন হালধীয়া চিলা!
এৰিব নোৱাৰা অলসতাই
ভাৱিবলৈ নিদিব
এজাক সেউজীয়া পখিলাৰ কথা,
ভাবিবলৈ নিদিব বহুকথাই,,

উতনুৱা বতাহত
যৌৱন ভাঙিব,
হৃদয় ভাঙিব।
তথাপি উথপথপ বুকু,
আকাশ চুও
সপোন চুও,
চুই চাওঁ জীবনৰ এথোপা চমক।

গধুলি
ইন্দ্ৰনীল গায়ন

এজাৰৰঙী সুহুৰিটো
নামি আহে
বিষাদৰ তলে তলে

এজাক প্ৰাৰ্থনাৰ বৰষুণ
দুচকুত নিতে আহি
চুই যায়

দুখবোৰ অঘৰী
মোৰ আপোন

প্ৰেমৰ স্তৱক
ভাস্কৰ ভূঞা

১)
চাবুকৰ কোবকে খাওঁ
বৈ যাওঁক তেজৰ বন্যা
হড়দয়খন মাফ কৰি দিয়া

২)
মোৰ ছাঁটোৰ বাবে মই জগৰীয়া নহয় ,সূৰ্য
দুষ্ট চকুযুৰিৰ বাবে কছুৰ,তোমাৰ সৌন্দৰ্য

৩)
চকুৰ পানীৰে একোৱেই তিয়াব নোৱাৰি
তিয়াব পাৰি মাথো হৃদয়

৪)
ভগ্ন কুটীৰৰ
প্ৰতি নিশাৰ সাৰথি মোৰ
উজ্জ্বলাই তোলা যেন
চৌদিশৰ বেৰা।
পাকিজা আমাৰ দুয়োৰে দেখোন একোকে নিমিলে
পাৰ্থ প্ৰতিম কাশ্যপ

পাকিজা
আমাৰ দুয়োৰে দেখোন
একোকে নিমিলে
তোৰ মাৰাৰ
কপাল উকা
পিতাৰাৰ
জীৱন
সেউজীয়া পথাৰ
আৰু
আকাশৰ
নীলা
আৰু মোৰ
মাৰ ৰঙা
: অথচ আমাৰ দুয়োৰে তেজবোৰ ৰঙা
পাকিজা
তই মাৰক মা বুলি নামাত
পিতাৰাক
পিতা
পাকিজা
আমাৰ দুয়োৰে দেখোন
একোকে নিমিলে
সকলোতে
নিয়মৰ বোজা
বিশ্বাসৰ
টনা আজোৰা
:অথচ আমাৰ দুয়োৰে হৃদয় একেখন
মৰম আকলুৱা স্বভাৱৰ
পাকিজা
বাৰটা সোমবাৰ মই নামঘৰলৈ গলোঁ
তোক নেদেখিলোঁ
বাৰদিন
মই ৰৈ থাকিলোঁ
অকলশৰে
পাকিজা
মই অনুতপ্ত
মই নিঃসংগ
-তোৰ অবিহনে
[অনুৰোধ]
নিমিলাবোৰ
অজুহাত নানিবি
মোৰ কথাবোৰ
গাত নলগাবি
যিহেতু
তইয়ে কৈছিলি
নিয়মৰ আগত
-জীৱন
বিশ্বাসৰ আগত
-ভালপোৱা
ভালপোৱা যৌৱন জীৱনৰ।

স্বপ্ন
পংকজ দত্ত

খিৰিকীখন খুলি চালো
এক কাল্পনিক দৃশ্য

নিয়ৰৰ টোপাল পৰা সেউজীয়া
পাতবোৰত ৰদৰ চিকমিকনি

ছেৰেংকৈ কোমলীয়া বতাহজাক
মোৰ গাত লাগিল
দুস্বপ্নৰ দোমোজাত কটোৱা
জীৱনটোত দেখিলো পোহৰত জ্বলি উঠা নিয়ৰৰ টোপালৰ কথকথা
খন্তেকতে বৈ পৰিল আনন্দৰ নৈ
দুখৰ মাজে মাজে
আপোনাৰ কথা সুৱৰি