ৰঙা ফোঁট


ৰাতিপুৱাৰে পৰা কেইবাবাৰো অৱন্তীয়ে নিজৰ মুখখনকে দাপোণত চাইছে। ৰঙা ফোঁটটোৰে সৈতে গাঢ় সেউজীয়া চাদৰ মেখেলাযোৰ তাইৰ গাৰ বৰণৰ লগত মিলি পৰিছে। বসন্তৰ আটাইবোৰ সেউজীয়া যেন তাইৰ গাতে থূপ পাতি ৰৈছেহি। কিচকিচীয়া ক'লা দীঘল চুলিৰ বেণীডাল সোলোক ঢোলোক হৈ কঁকাললৈকে পৰি আছে। চকুযুৰিত পাতলকৈ কাজলো সানি ল'লে অৱন্তীয়ে। সাতবছৰীয়া ভতিজী বিৰিণাইও এবাৰ দৌৰ মাৰি আহি কৈ থৈ গ'লহি,"পেহী, তোমাক বৰ ধুনীয়া লাগিছে।"

হয়তো! এজনী ছোৱালীক যেতিয়া দৰাঘৰৰ মানুহে চাবলৈ আহে, প্ৰত্যেকজনী ছোৱালীয়েই নিজক ধুনীয়া কৰি সজাই তোলে যাতে বাহ্যিকভাৱে কোনো খুঁত থাকি নাযায়। ঠিক অৱন্তিকাৰ দৰেই। বৌৱেকৰ মুখেদিয়েই তাই শুনিছে যে তাইক চাবলৈ অহা ল'ৰাজনে হেনো গোলাপ ফুল বহুত ভাল পায়। সযতনে আনি থোৱা বাৰীৰ ৰঙা গোপলাপপাহ চুলিখিনিত গুজিব খুজিয়েই তাই ৰৈ গ'ল। এখন্তেকৰ কাৰণে ভাবিবলৈ বাধ্য হ'ল। কাৰ কাৰণে? প্ৰকৃততে কিহৰ কাৰণে তাই আজি নিজকে ধুনীয়া কৰি তুলিব খুজিছে আনৰ দৃষ্টিত? তাইৰ নিজৰে অনাগত সংসাৰী জীৱনৰ পাতনি হিচাপে নে ককায়েক-বৌৱেকৰ এটা বোজা আঁতৰাবলৈ নে সেই অচিনাকি পুৰুষৰ হাতত নিজকে সমৰ্পণ কৰিবলৈ? অৱন্তী দোধোৰ মোধোৰত পৰিল। যিজনী অৱন্তীয়ে যোৱা ছটা বছৰে ছাত্ৰ ছাত্ৰীক সমগ্ৰ বিশ্বৰে ভূগোলৰ জ্ঞান দি আহিছে। সেই মানুহজনী আজি নিজৰ বুকুৰ আভ্যন্তৰৰ অসমতল অৱয়ৱবোৰৰ ওচৰত হেয় হৈ পৰিছে।হৃদয় নদীত চাকনৈয়াৰ সৃষ্টি হৈছে। দুগাল দুধাৰি চকুলো বৈ আহিল অৱন্তীৰ।

"তোৰ চকুৰ চকুলোবোৰ মোৰ কাৰণে মুকুতামণিসদৃশ। মুকুতা জানো ইমান স হজে পাব পাৰি? গতিকে সৰু সৰু কথাতে যদি কান্দি কান্দি এই মুকুতাবোৰ উলিয়াই থাক মোৰ ভাগত নপৰিবই দেখোন। এনেয়েও মুকুতাৰ চাহিদা বেছি। সকলোৱে হাত পাতি ল'ব।"- অৱন্তীৰ চকুপানী মচি সৌৰভে তাইক সাৱটি ধৰিলে। তাইৰো মুখত এমোকোৰা হাঁহি বিয়পি পৰিল। "যাঃ, পাগল"- বুলি তাইক সৌৰভক লাহেকৈ ঠেলা মাৰি দৌৰি গৈ অলপ আঁতৰত ৰ'লগৈ। সৌৰভেও ব হাৰ পৰা উঠি তাইৰ ওচৰ পালেগৈ আৰু ডাঙৰকৈয়ে ক'লে,"চকুলো মচিৎোক হাঁহি এটা দিব পৰাটোৱেই মোৰ গৰ্ব।" সঁচাকৈয়ে। এই কথাষাৰে অৱন্তীকো চুই গ'ল। তাই সৌৰভৰ চকুলৈ চালে আৰু ভাবিলে এই পুৰুষজনেই তাইৰ জীয়াই থকাৰ উৎসাহ। সৰুতেই মাক-দেউতাকক হেৰুৱাই নিথৰুৱা হৈ পৰা অৱন্তীৰ বাবে তাইৰ ককায়েকৰ পিছতে সৌৰভেই শেষ ভৰষা। সৌৰভৰ বুকুতে অৱন্তীয়ে তাইৰ মাক-দেউতাক, ককায়েক সকলোৰে মৰম বিচাৰি পায়।

ৰৌদ্ৰোজ্জ্বল দুপৰীয়া। অৱন্তীয়ে অষ্টম শ্ৰেণীৰ ভূগোলৰ শ্ৰেণীটো কৰি ওলাই আহিছে মাত্ৰ। তেনেকুৱাতে তাইৰ ম'বাইলটো চিনাকি সুৰেৰে বাজি উঠিল। স্ক্ৰীণত সৌৰভৰ নাম্বাৰ। সদ্য কথিত স্বৰেৰে তাই 'হেল্ল' বুলি ফোনটো ৰিছিভ কৰিছে। বিপৰীত মূৰৰ পৰা এক অচিনাকি পুৰুষ কণ্ঠত তাই শুনা পালে যে সৌৰভ এটা মটৰ দূৰ্ঘটনাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছে আৰু ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে। অৱন্তীৰ হাতৰ পৰা ফোনটো সৰি পৰিল আৰু তাই বজ্ৰ পৰা মানুহৰ দৰে ঠিয় হৈ থাকিল।

অৱন্তী যেতিয়া ডিব্ৰুগড় মেডিকেলত উপস্থিত হৈছিল তেতিয়া সৌৰভৰ দেহ বগা আভৰণেৰে সুশোভিত হৈ আছিল। অৱন্তীয়ে তাৰ নিথৰ গাত পৰি চিঞৰি চিঞৰি কান্দি এ্টা সময়ত অচেতন হৈ পৰিল। যেতিয়া তাই গভীৰ নিদ্ৰাৰ পৰা সাৰ পাইছিল তেতিয়ালৈ তাইৰ মৰমৰ সৌৰভটোৰ চিতাৰ ধোঁৱাই কুণ্ডলীকৃত হৈ দূৰ-দিগন্তলৈ ঢাপলি মেলিছিল, অৱন্তীক অকলশৰীয়া কৰি; তাইক তাৰ হাজাৰ খং, অভিমান, মৰমৰ স্মৃতিৰ সৈতে এৰি।

"অৱন্তী হলনে তোমাৰ? আলহী পাব হিয়েই অলপ পিছত।" বৌৱেকৰ মাততহে যেন তাই আজিৰ পৃথিৱীলৈ ঘূৰি আহিল। সৌৰভে তাইক এৰি যোৱা পাঁচটা বছৰ পূৰ্ণ হ'ল। ত থাপি আজিও সি অৱন্তীৰ কাৰণে জাগ্ৰত বৰ্তমান। সৌৰভেতো তাইক কেতিয়াও প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল। কেৱল ভাল বন্ধু আছিল সিঁহত। দুখন হৃদয় মিলিছিল মৌনতাৰে, নীৰৱতাৰে। কিন্তু অৱন্তীৰ কিয় এনে লাগিছে যে সৌৰভৰ লগত তাইৰ সম্পৰ্ক যুগ যুগান্তৰৰ। যিটো হয়তু বন্ধুত্বতকৈ ওপৰত, সকলোতৈ ওপৰত। সৌৰভে জানিছিল নে বাৰু এইটো কথা? তাৰ বুকুৱেও পাইছিলনে অৱন্তীৰ সৈতে হৃদয়ৰ সাঁকো বন্ধাৰ গোপন খবৰ? সৌৰভ! সৌৰভ! অৱন্তীয়ে মনৰ ভিতৰতে হাহাকাৰ কৰি উঠিল। তাইৰ পূৰঠ গাল দুখন চকুপানীৰে ভিজি গ'ল। আলহী পাবহিয়ে এতিয়া। তাই আকৌ নিজৰ মুখখন দাপোণত চাই ল'লে।

ৰঙা ফোঁট। হয়। সৌৰভেও তাইক ভাল পাইছিল। বিছাৰিছিল অৱন্তীক তাৰ অৰ্ধাংগিনী হিচাপে। অৱন্তীয়ে সেয়েহে কোনো পুৰুষৰ সৈতে বিয়াত বহিব নোৱাৰে। আলহীৰ আগত এই কথা তাই নিজেই ক'ব। তাইতো সদায়েই সৌৰভৰ আছিল, মনে প্ৰাণে তাক ভাল পাইছিল আৰু কোনো দ্বিতীয় এজন পুৰুষ তাইৰ 'পাগলা সৌৰভ'টো হ'ব নোৱাৰে। কপালৰ ৰঙা ফোঁটতো অৱন্তীয়ে তৎক্ষণাত মচি পেলালে। মনতে কেতিয়াও কোনো পুৰুষৰ চকুত নিজকে ধুনীয়া কৰাৰ প্ৰয়াস নকৰে বুলি ভাবি অৱন্তীয়ে ককায়েকক সবিশেষ জনাবলৈ কোঠাৰ পৰা লৰালৰিকৈ ওলাই গ'ল। অৱন্তীৰ কাণত ৰিণিকি ৰিণিকি ভাঁহি থাকিল সৌৰভে তাইক কাণৰ কাষত আহি কোৱা কথাষাৰ-"ৰঙা ফোঁটটোৱে তোক সৰগৰ অপেশ্বৰী কৰি তুলিছে অ'।"


মই লাহেকৈ নামটো সুধিলো। দকপুন মিলি, তাই ক’লে। সিহঁতৰ ঘৰ এম.ই স্কুলখনৰ কাষতে। তাই আজি গুমৰাগ নৃত্য নাচিব। এনেতে তাই আৰু মোৰ ওচৰেদি সৰু ল’ৰা এটাই কিবা কথা এষাৰ কৈ কৈ গুচি গ’ল। হাফপেন্ট আৰু দাগলগা বগা চোলা এটা ল’ৰাটোৱে পিন্ধি আছিল। মুখেৰে এটা মিঠাই চোবাই যোৱা ল’ৰাটোৱে কি ক’লে জানো মই বুজি নাপালো। মই দকপুনক সুধি পেলালো, কি কৈছিল সি? মোৰ দদাইদেউ পৰহি মৰিছে। সি মোক জোকাইছে। অ’। কি হৈছিল?...



হুইল চেয়াৰখন ঘাঁহনিৰ ওপৰেদি ঠেলি সুগন্ধাই নৈখনৰ পাৰলৈ নি আছে। এয়া তাইৰ দৈনন্দিন জীৱন। জীৱন যুঁজত পৰাজয়বৰণ কৰাৰ পাছত এয়া সিঁহতে নতুনকৈ জী উঠিবলৈ কৰা আয়োজন মাত্ৰ। লাহে লাহে ভাল লগা হৈ অহা এই নদীৰ দুই পাৰ, নদীৰ বালি, পানীত মুক্তমনে বিচৰণ কৰি ফুৰা প্ৰাণীবোৰ, দুই পাৰ উপচি থকা সেউজীয়া ঘাঁহনিডৰা। সকলোকে আবেলিৰ সংগীৰ দৰে লগা হ'ল সিঁহতৰ। মুকলিমুৰীয়াকৈ কথাবোৰ কৈ পেলাব পাৰে সিঁহতৰ উপস্থিতিতে, সাৱটি ধৰিব পাৰে ইটোৱে সিটোক,...