সৰাপাতৰ চিৎকাৰ


হুইল চেয়াৰখন ঘাঁহনিৰ ওপৰেদি ঠেলি সুগন্ধাই নৈখনৰ পাৰলৈ নি আছে। এয়া তাইৰ দৈনন্দিন জীৱন। জীৱন যুঁজত পৰাজয়বৰণ কৰাৰ পাছত এয়া সিঁহতে নতুনকৈ জী উঠিবলৈ কৰা আয়োজন মাত্ৰ। লাহে লাহে ভাল লগা হৈ অহা এই নদীৰ দুই পাৰ, নদীৰ বালি, পানীত মুক্তমনে বিচৰণ কৰি ফুৰা প্ৰাণীবোৰ, দুই পাৰ উপচি থকা সেউজীয়া ঘাঁহনিডৰা। সকলোকে আবেলিৰ সংগীৰ দৰে লগা হ'ল সিঁহতৰ। মুকলিমুৰীয়াকৈ কথাবোৰ কৈ পেলাব পাৰে সিঁহতৰ উপস্থিতিতে, সাৱটি ধৰিব পাৰে ইটোৱে সিটোক, বাগৰি অহা চকুলোবোৰ মচি দিব পাৰে!!

পাতলৈ বৈ অহা বতাহজাকে খেলিমেলি কৰি পেলোৱা নৈঋতৰ চুলিবোৰ আঙুলিৰে ফনিয়াই দিছে সুগন্ধাই। এনেকুৱা মূহুৰ্তবোৰত সি একেথিৰে চাই থাকে, তাইলৈ। বৰ অসহ্য লাগে সুগন্ধাৰ সেই দৃষ্টি। হুইল চেয়াৰত একে ভাঁজতে বহি বহি সি নদীৰ উঠা নমাবোৰ চাই থাকে। তাৰ বুকুৰ উঠা নমাবোৰৰ লগত ৰিজাই চায়। নদীৰ পাৰৰ কেঁচুমটাৰ দলিবোৰ দলিয়াই দলিয়াই তাই ঢৌ তুলি থাকে পানীত। ইটোৰ পাছত সিটোকৈ দলিয়াই থকা দলিবোৰৰ লগতে বুকুৰ ভাৰবোৰো দলিয়াই পেলাই দিয়ে নদীখনৰ বুকুত।

নদীখন বৈ থাকে নিৰলে।

সিহঁতো ঠিক নদীখনৰ দৰেই গৈ থাকে আগুৱাই। সিহঁতৰ অন্তৰংগ আলাপবোৰৰ নীৰৱ সাক্ষী হৈ বৈ থাকে নদীখন। ৰিঙিয়াই থাকে সিহঁতক নদীৰ দু্য়োটা পাৰে। নোযোৱাকৈ থাকিব নোৱাৰি। জীয়াই থাকিবৰ বাবে বহুতো কিবাকিবি বিছাৰি পায় সিহঁতে নৈখনৰ সান্নিধ্যত।

বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক নৈঋতৰ জীৱনলৈ হঠাৎ আহিছিল অভিলাষা। এই যে আহিছিল, আহিল আৰু গ'ল, ঠিক যেন এজাক ঠিকনাবিহীন বতাহ। অভিলাষাৰ শান্ত সমীহিত চকুযোৰ বিচাৰি বিচাৰি সি যেনি তেনি গুছি যায়। ছাত্ৰী জিৰণি কোঠা, কিতাপঘৰৰ চুকে কোণে সি বিচাৰি ফুৰেগৈ তাইৰ সেই বিষণ্ণ চকুহাল। তাইৰ সৰল চকুযুৰিৰ বিষণ্ণতাবোৰ থপিয়াই ধৰি দলিয়াই পেলাবৰ মন যায় তাৰ। সি পাহৰি যায় গুৰু-শিষ্যৰ সম্বন্ধ। সি জানে কৰবাত ভুল হৈছে, কিন্তু সকলোকে ফাঁকি দিলেও সি জানো নিজক ফাঁকি দিব পাৰিব? অভিলাষাক সি বিচাৰে; একান্ত নিজৰভাৱে, সম্পুৰ্ণ বিবেক আৰু আত্মাৰ বিবেচনাৰে। দুহাত মেলি দিছিল সি, সেই দুহাতক আওকাণ কৰি গুচি গৈছিল অভিলাষা। একেবাৰে! খবৰটোৱে তোলপাৰ লগাইছিল সমগ্ৰ চহৰখনত। বুৰঞ্জী বিভাগৰ মেধাৱী ছাত্ৰী অভিলাষা দত্তৰ ৰহস্যজনক আত্মহত্যা!!

দেউতাকৰ পুৰণি কিতাপঘৰটো অভিলাষাৰ শেষ আশ্ৰয় আছিল। মাক দেউতাকৰ মৃত্যুৰ লগে লগে অভিলাষাও একপ্ৰকাৰ মৰিয়েই গৈছিল। দেউতাকৰ কিতাপঘৰটোৱে তাইক জীয়াই থাকিবলৈ শিকালে। নিজৰ বাবে ক্ষুদ্ৰ আকাশ এখন গঢ়ি তুলিছিল বৰ কষ্টেৰে। ককায়েক-বৌৱেকৰ বাবে তাই আছিল বিৰাট বোজা এটা। ফুটাকড়ি এটাও পোৱা নাছিল তাই ককায়েকৰ পৰা। দেউতাকৰ জমা টকাৰে নতুন মডেলৰ গাড়ী কিনিছিল ককায়েকে। পুৱা গধূলি ইটোৰ পাছত সিটো টিউছন কৰি নিজৰ প্ৰয়োজনীয় খৰচ উলিয়াইছিল তাই। শান্তি বিচাৰি লৈছিল এনেকৈয়ে। লাহে লাহে আৰম্ভ হৈছিল তাইৰ সেই শেষ শান্তিকণো কাঢ়ি নিয়াৰ গোপন ষড়যন্ত্ৰ।

"ইমান ডাঙৰ কোঠাটো অদৰকাৰী কিতাপ এসোপাৰে ভৰাই ৰাখিছে। কিমান ভাল কামত আহিব এইটো কোঠা। মানুহবোৰো যে কি ধৰণৰ বুজিব নোৱাৰি, ইমানবোৰ কিতাপ কিনি মিছাতে টকা নষ্ট কৰে। তাতে আকৌ এজনী দিনৰ দিনটো এইটোতে সোমাই থাকে, কি যে পায়। ৰহ সোমাবি আৰু,,,"- বৌয়েকে প্ৰায় চিঞৰ বাখৰ কৰে। তেওঁৰ মতে কিতাপবোৰ অলাগতিয়াল আৱৰ্জনা মাত্ৰ। একো নামাতে অভিলাষাই।

এদিন কলেজৰ পৰা উভটি আহি শিল হৈ গৈছিল তাই। বিক্ৰী হৈ গৈছিল তাইৰ মৰমৰ ঘৰখন, কিতাপৰ সৈতে দেউতাকৰ কিতাপঘৰটো, তাই নজনাকৈয়ে। কল্পনাৰো অতীত দুখ এটাই হেঁচি ধৰিছিল তাইক। তাইৰ শেষ শান্তিকণ, তাইৰ উশাহবোৰ আধাদামত বিক্ৰী কৰি গুচি গৈছিল তাইৰ তেজৰ ককায়েক। অথচ এই তেজৰ সম্পৰ্ককে দোহাই দি আইনৰ কাষ চপা নাছিল তাই। এতিয়া সকলো শেষ হৈ যোৱাৰ পাছত একোৱেই আশা নকৰে তাই।

পৰাজয় স্বীকাৰ কৰি লৈছিল অভিলাষাই। নিজৰ ওচৰতে ঘোৰ পৰাজয়। এই পৰাজয় স্বীকাৰৰ এটাই পথ, আত্মহত্যা। সেই পথৰে পথিক হৈ পৰিল অভিলাষা।

লোকে লোকাৰণ্য ঘৰটোৰ পৰা সম্পূৰ্ণ বেলেগ এটা মানুহ হৈ উভটি আহিছিল নৈঋত। লগত কাগজৰ এটা সৰু টুকুৰা, অভিলাষাৰ শেষ বাক্যশাৰী, "ক্ষমা নকৰিবা মোক"।

তাৰপাছত কেৱল শূন্যতা। কেইবাদিনৰ পাছত নাৰ্চিংহোমৰ এখন বিছনাত চকুলো টুকিছিল নৈঋতে। দূৰ্ঘটনাত বিকল হৈ পৰা দুখন ভৰি আৰু হেৰুৱাই পেলোৱা হৃদয়খনেৰে নৈঋত কেৱল এটুকুৰা উশাহ নিশাহ ল'ব পৰা কাঠ হৈ ৰৈ গ'ল।

আঁঠুত মুখ গুজি কেঁচা ঘাঁহবোৰ চিকুটি আছিল সুগন্ধাই। নৈঋতৰ জীৱনৰ গতি সলনি কৰি পেলোৱা ঘটনাটো তাইৰ বুকুৰ ভিতৰত এজাক ধুমুহা হৈ ঘূৰিবলৈ ধৰিলে। ধুমুহাজাকে খুলি পেলাব খুজিছে তাইৰ বুকুৰ ৰূদ্ধদ্বাৰখন,হুৰহুৰকৈ ওলাই আহিব খুজিছে তাইৰ অতীতটো। চকুযোৰ মুদি দিলে তাই। অতীতৰ সুগন্ধাজনীক বিচাৰি উৰি উৰি গৈ আছে তাই এৰি অহা দিনবোৰলৈ।

উফন্দি উঠা পেটটোক ঢাকি ৰখাৰ সকলোবোৰ কৌশল শেষ হৈছিল। শাৰিৰীক মানসিক সকলোফালৰে পৰাই ভাগি পৰিছিল সুগন্ধা। জটিলৰ পৰা জটিলতৰ হৈ পৰা তাইৰ জীৱনটোৰ মূল আঁতডালেই হেৰাই গৈছিল। ভিতৰুৱা গাঁও এখনৰ মধ্যবিত্ত পৰিয়াল এটাত ডাঙৰ দীঘল হোৱা সুগন্ধাই অসম্ভৱ ভুল এটা কৰি পেলালে যি ভুলৰ প্ৰায়শ্চিত্ত নাই।

বাঢ়িবধৰা নিৰ্বোধ জীৱনটোক পেটৰ ভিতৰতে অবৈধ, কলংক, ঘোষণা কৰি প্ৰশ্নৰ উপৰি প্ৰশ্ন সুধি গৈছে তাইক গাঁৱৰ মূখিয়ালকেইজনে। ক'ব পাৰিব জানো তাই সেই প্ৰৱঞ্চকৰ নামটো? নাম ক'লেই যেন তৎক্ষণাতে ধৰি বান্ধি আনি বিয়াত বহুৱাব তাইৰ লগত। কিন্তু প্ৰয়োজন আছে জানো? ইমানটো ডাঙৰ বিপদত তাইক অকলশৰীয়া কৰি এৰি যোৱা, কেৱল সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী এটা মেচিনৰ লগত গোটেই জীৱন কটাবলৈ তাই নোৱাৰে, যাৰ আৱেগ-অনুভূতি বুলিবলৈ শূয, যি কেৱল অভিনয় কৰিব জানে, যি মুখাৰে ঢাকি ৰাখে নিজৰ কুৎসিত চেহেৰা, সেই মুখাপিন্ধা কাপুৰুষৰ লগত বিয়াত বহাতকৈ গাঁও এৰি যাব তাই।

সমাজে এঘৰীয়া কৰিলে সিঁহতক। গাঁবৰ কোনো মানুহে পানী এটোপাও খাব নোৱাৰে সিঁহতৰ ঘৰত। ককায়েকৰ তৰ্জন গৰ্জন বাঢ়ি গৈছিল দিনে দিনে। তাই মানি লয় সকলো। তাই মাত্ৰ বুজে এই সকলোবোৰ তাইৰ প্ৰাপ্য।

"তই গুচি নাযাৱ কিয়? গোটেই গাঁওখনত আমাৰ মুখ ক'লা কৰিলিয়েই এতিয়া আৰু আমাৰ মুৰকেইটা চোবাবলেহে বাকী আছে। যা, ওলাই যা তই, তোৰ এই পচা শৰীৰটোৰ বেপাৰ কৰিলেই থকা খোৱাৰ সুবিধা হৈ যাব। অযথা এই ঘৰ মাটি চুৱা কৰি বৰ শান্তি পাইছ নহয়? তই ওলাই গ'লেই ইয়াত নতুন মাটি উঠাই তোৰ কলংকভৰা খোজৰ দাগবোৰ নোহোৱা কৰি পেলাব লাগিব। সোনকালে ঘৰ খালী কৰ।"

ককায়েকৰ তীক্ষ্ণ ধাৰুৱা শব্দবোৰে ৰেপি ৰেপি কাটি থাকে তাইৰ কেঁচা শৰীৰটো। ধৈৰ্য্য হেৰুওৱাৰ উপক্ৰম হ'লেই তাই দুখন গালত দুটা প্ৰচণ্ড চৰ শোধায়। দুচকুৰে পানীবোৰ বাগৰি আহিলেই তাই শান্ত হৈ পৰে। সকলো পাহৰি যায়।

"অ'অই,দুৰ্গন্ধৰ বাহ,ইইচ নাম শুন তাইৰ, সুগন্ধা, চাল্লী জাবৰৰ দম,, এই গাঁৱৰ মাটি চুৱা কৰিবলৈ আৰু বেছি দিন নাপাৱ। অতি সোনকালে নিজৰ গতি লগা বুজিলি, আমাৰ গাঁৱৰ মুখিয়ালহঁতৰ বৰ চিন্তা বুজিছ-তোৰ এই উফোন্দা পেটডাল দেখুৱাই দেখুৱাই গাঁৱৰ আলিত ঘুৰি নুফুৰিবিগৈ। তোক দেখি থাকিলে বোলে আমাৰ গাঁৱৰ ছোৱালী বোৱাৰীবোৰ নষ্ট হৈ যাব। ল' ল' পঢ়ি ল' এইখন,,বহুত চাকৰি, তোৰ এই ধুনীয়া মুখখন দেখুৱাই দিলে বহুত চাকৰি পাই যাবি, যা যা!"

ককায়েকৰ মদে দোৰোল খুৱাই পেলোৱা জিভাত গালিৰ আখৈ ফুটিছিল। তাইলৈ দলিয়াই দিয়া দৈনিক কাকতখন এনেয়ে লুটিয়াই চালে তাই। এখন নাৰ্চিংহোমৰ ৰিচিপচনিষ্টৰ সৰু চাকৰি এটাৰ বিজ্ঞাপনটোত চকু ৰৈ গৈছিল তাইৰ। বহুত কষ্টেৰে নাৰ্চিংহোমৰ স্বত্তাধিকাৰী ড০ বিনয়ক লগ ধৰিছিল সুগন্ধাই। আউসীৰ পাছৰ পোহৰ এছাটিৰ দৰে ড০ বিনয়ে তাইৰ সন্মুখৰ অন্ধকাৰ বাটছোৱা পোহৰাই পেলালে।

নমাহ দিন সীমাহীন যন্ত্ৰণা, অপমান, প্ৰতাৰণা সহ্য কৰি সেই নাৰ্চিংহোমখনতে তাই তাইৰ হেঁপাহৰ সপোনটো জনম দিলৰ, কিন্তু যি সপপোনে তাইক ইমানদিনে জীয়াই ৰাখিছিল, সেই সপোনটো আছিল মৃত, আধৰুৱা। কেৱল আকাৰ আকৃতিবিহীন মাংসপিণ্ড এটা জন্ম দিলে তাই। কাঁচৰ বৈয়ামত ভৰই ৰখা মাংসৰ টুকুৰাটো দেখি চকুযোৰ জ্বলি গৈছিল সুগন্ধাৰ, লগে লগে জ্বলি ছাঁই হৈ গৈছিল তাইৰ বাকী থকা নিজস্বতাখিনিও।

নাৰ্চিংহোমৰ চাকৰিটো এৰি দিছিল তাই। সদ্যভূমিস্থ শিশুবোৰৰ কান্দোন শুনিলে উশাহ নিশাহ বন্ধ হৈ যাব খোজে সুগন্ধাৰ। নৈঋতৰ সকলোবোৰ যাৱতীয় কাম চম্ভালাৰ দায়িত্ব লৈ পেলাইছিল তাই এগৰাকী গৃহ পৰিচাৰিকা হিচাপে। নাৰ্চিংহোম এৰি গুচি আহিছিল একেবাৰেই। আৰম্ভ হৈছিল অন্য এক জীৱন, অন্য এক যাত্ৰাৰ। তথাপিও যেন শেষ নহ'ব সুগন্ধাৰ জীৱনৰ যন্ত্ৰণাৰ পৃষ্ঠাবোৰ। এদিন আকস্মিক ঘটনা এটা ঘটিল, ঘটনা নহয় যেন দূৰ্ঘটনাহে। এখন বেনামী চিঠি আহিল তাইৰ ঠিকনাত। চিঠিখনৰ শব্দবোৰে শেল একোপাত হৈ তাইৰ বুকুখন ইমূৰৰ পৰা সিমূৰলৈ শালি পেলালে। তাই জন্ম দিয়া সন্তানটো হেনো মৃত নাছিল, বহু টকাত বিক্ৰী কৰি দিয়া হ'ল তাইৰ সন্তানটো,,তাইৰ তেজ, মঙহ আৰু উশাহবোৰ!! ইমানৰ পাছতো তাই জীয়াই থাকিব লাগিছিলন? নিজকে প্ৰশ্ন কৰে সুগন্ধাই।এনেদৰেই তুলাচনীত উঠাই বিক্ৰী কৰি দিয়া হয় বহুতো অভিলাষা, বহুতো সুগন্ধা আৰু অকাৰণতে জ্বলি পুৰি ছাঁই হৈ যায় বহুতো নৈঋতৰ হৃদয়। হয়তো জীৱন এনেকুৱাই-যোগ, বিয়োগ, পূৰণ হৰণৰ অংক; ভাগফল,ভাগশেষৰ নিমিলা হিচাপ। শেষ হ'ব ধৰা আবেলিটোলৈ চাই নৈঋতে সুগন্ধাৰ হাত দুখন নিজৰ দুহাতৰ মাজত খামুচি ধৰিলে। বুকুত শিল হৈ যাব খোজা অপ্ৰাপ্তিৰ বোজাটো কিছু পাতলাই নিজৰ মাজতে আলাপ কৰিবলৈ ধৰিলে সিহঁতে-শব্দহীন আলাপ। সকলোৰে বুকুত গোপনে গজি উঠা দুখবোৰৰ অপমৃত্যু কামনাৰে সিহঁতে প্ৰাৰ্থনা জনাইছে, নীৰৱ সাক্ষী হৈ ৰৈ আছে নৈখন-সদায় থকাৰ দৰে।


মই লাহেকৈ নামটো সুধিলো। দকপুন মিলি, তাই ক’লে। সিহঁতৰ ঘৰ এম.ই স্কুলখনৰ কাষতে। তাই আজি গুমৰাগ নৃত্য নাচিব। এনেতে তাই আৰু মোৰ ওচৰেদি সৰু ল’ৰা এটাই কিবা কথা এষাৰ কৈ কৈ গুচি গ’ল। হাফপেন্ট আৰু দাগলগা বগা চোলা এটা ল’ৰাটোৱে পিন্ধি আছিল। মুখেৰে এটা মিঠাই চোবাই যোৱা ল’ৰাটোৱে কি ক’লে জানো মই বুজি নাপালো। মই দকপুনক সুধি পেলালো, কি কৈছিল সি? মোৰ দদাইদেউ পৰহি মৰিছে। সি মোক জোকাইছে। অ’। কি হৈছিল?...



ৰাতিপুৱাৰে পৰা কেইবাবাৰো অৱন্তীয়ে নিজৰ মুখখনকে দাপোণত চাইছে। ৰঙা ফোঁটটোৰে সৈতে গাঢ় সেউজীয়া চাদৰ মেখেলাযোৰ তাইৰ গাৰ বৰণৰ লগত মিলি পৰিছে। বসন্তৰ আটাইবোৰ সেউজীয়া যেন তাইৰ গাতে থূপ পাতি ৰৈছেহি। কিচকিচীয়া ক'লা দীঘল চুলিৰ বেণীডাল সোলোক ঢোলোক হৈ কঁকাললৈকে পৰি আছে। চকুযুৰিত পাতলকৈ কাজলো সানি ল'লে অৱন্তীয়ে। সাতবছৰীয়া ভতিজী বিৰিণাইও এবাৰ দৌৰ মাৰি আহি কৈ থৈ গ'লহি,"পেহী, তোমাক বৰ ধুনীয়া লাগিছে।"...



শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰাসমূহ নিসন্দেহে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অংকীয়া নাটৰ তুলনাত মাধৱদেৱৰ নাটসমূহ কিছু পৃথক। যিহেতু শংকৰদেৱৰ নাটসমূহৰ তুলনাত মাধৱদেৱৰ নাটমূহৰ কাহিনীৰ পৰিসৰ সংকীৰ্ণ সেয়েহে এনেধৰনৰ নাটক ঝুমুৰা বুলি অভিহিত কৰা হৈছে। এই নাটসমূহত শংকৰদেৱৰ নাটৰ দৰে পূৰ্ণ আখ্যান বা উপাখ্যান পোৱা নাযায়। মাধৱদেৱে শংকৰদেৱক অনুসৰণ কৰি ছখন নাটক ৰচনা কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু পাছলৈ তেখেতৰ নামত ভণিতা পেলাই কোনো কোনোৱে গীত ৰচনা কৰাৰ দৰে কেইবাখনো নাট অন্য লোকে ৰচনা কৰা বুলি সন্দেহ কৰা যায়। সি যি কি নহওক মাধৱদেৱৰ নামত প্ৰচলিত পাঁচখন নাটক সন্দেহমুক্ত আৰু মাধৱদেৱৰ ৰচনা বুলি নিশ্চিত। সেই নাট চাৰিখন হ’লঃ অৰ্জুন ভঞ্জন,ভূমি লেটোৱা,চোৰধৰা,পিপৰা গুচোৱা আৰু ভোজন বিহাৰ। ...