স্বাধীনতা


ঘৰ এখনৰ পৰা ল’ৰা এজন ওলাই যাওঁতে কোনেও ক’ত যায়, কিমান দেৰি হ’ব কেতিয়াও নোসোধে৷ সি ক’ত কি কৰি ঘূৰি ফুৰে জনাৰ কোনো প্ৰয়োজনেই নাই৷ ল’ৰা মানুহ, ছোৱালীৰ দৰে ঘৰতে সোমাই থাকিবনে?

স্বাধীনতা সকলোৱে বিচাৰে৷ চৰাই এটাইও বাঁহত আবদ্ধ থাকি ভাল নাপায়৷ ল’ৰা-ছোৱালী সমান বুলিয়েই ছোৱালী এজনীকো সময়ে অসময়ে ঘৰৰ পৰা ওলাই ল’ৰাৰ দৰে স্বাধীনতা ভোগ কৰিবলৈ দিয়াটো কিমান দূৰ সমীচিন? নাৰী স্বাধীনতা মানে পুৰুষৰ লগত সমানে সমানে পুৰুষে ভোগ কৰি অহা সুবিধাবোৰ পোৱা নে মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ পোৱা সেয়া বিচাৰ্যৰ বিষয়৷

নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে যিদৰে ছোৱালী এজনী ক’ত গৈছে কি কৰিছে তাৰ হিচাপ অভিভাৱকে লৈ থাকে একেধৰণৰ ব্যৱহাৰ ল’ৰাজনৰ ক্ষেত্ৰতো হোৱা উচিত৷ কিন্তু সমস্যা হ’ল এই কথাটোত অভিভাবক মান্তি হ’লেও ল’ৰাবোৰ জানো মান্তি হ’ব? ক’ত যায়, কি কৰে অভিভাৱকক কৈ যোৱাটো নাৰী এগৰাকীৰ নিজৰ বাবেও নিৰাপদ সেয়ে ছোৱালী এজনীয়ে সহজে কথাটো মানি লয়৷ কিন্তু পুৰুষ এজনৰ নিশ্চয় তেনে সজাগতাৰ প্ৰয়োজন নাই আৰু সেয়ে ল’ৰা এজনে উদঙীয়া গৰুৰ দৰে পৃথিৱীত বিচৰণ কৰিবলৈ দ্বিধাবোধ নকৰে৷ তেন্তে ল’ৰা এজনে ঘৰত কৈ থৈ যোৱাৰ প্ৰয়োজনীয়তা ক’ত?

সাধাৰণতে শুনা যায় প্ৰেমত নাৰীয়ে পুৰুষক প্ৰতাৰণা কৰাৰ এটা মূল কাৰণ (বাকী কাৰণবোৰ ইয়াত আলোচনা কৰি লেখাটো অযথা দীঘল নকৰিলো) অভিভাৱকে ছোৱালীজনীৰ বাবে ভাল পাত্ৰ ঠিক কৰি দিয়াটো৷ এনে কিয় হয়??

নাৰী এগৰাকীৰ ডাঙৰ হোৱা ধৰণ-কৰণ পুৰুষতকৈ বহুত বেলেগ৷ ঘৰৰ মানুহে বাধা দি থকা যেন লাগিলেও সৰুৰে পৰাই ছোৱালী এজনীয়ে নিৰাপত্তাৰ খাতিৰত অভিভাৱকৰ হাক-বচন মানিবলৈ বাধ্য হয়৷ অভিভাৱকেও কৰ্তৃত্ব খটুৱাই খটুৱাই ছোৱালীজনীয়ে কৰিব পৰা কাম এটাও কৰিবলৈ নিদিয়া হয়৷ অভিভাৱকে পাহৰি পেলাই যে ছোৱালীজনীয়েও সঠিক সিদ্ধান্ত ল’ব পাৰে বা তাইৰো ইচ্ছা-অনিচ্ছাৰ কথা থাকে৷ এক অৰ্থত তেওঁলোকে পাহৰি যায় যে নাৰী কেৱল শাৰীৰিক ভাৱেহে পুৰুষতকৈ দুৰ্বল৷ সৰুৰে পৰাই অভিভাৱকৰ কৰ্তৃত্বত ডাঙৰ হয় বাবেই নাৰী এগৰাকীৰ জীৱন শৈলীও কম বেছি পৰিমানে অভিভাৱকৰ মতামতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে৷

সমাজৰ ব্যৱস্হাই এনেকুৱা যে পুৰুষেই সদায় ৰজা৷ প্ৰাকৃতিক ভাৱে পুৰুষ এজনে নাৰীৰ দৰে মাহে মাহে ঋতুচক্ৰৰ কষ্ট, গৰ্ভধাৰণ কৰি গৰ্ভধাৰণকালৰ কষ্টকৰ সময় অনুভৱ কৰিবলৈ নাপায়৷ কষ্ট সহ্য কৰাৰ ক্ষমতা পুৰুষতকৈ নাৰীৰ বেছি৷ বহুতো মানুহেই নাজানেই যে শাৰীৰিক কষ্টৰ লগে লগে এই দুই পৰিঘটনাত নাৰীয়ে মানসিক কষ্টও যথেষ্টখিনি পাৰ কৰিবলগীয়া হয়৷ প্ৰকৃতিৰ নিয়মেই বুলি মানুহে নাৰী গৰাকীৰ এই কষ্টখিনিক সহানুভুতি নেদেখুৱাই সম্পূৰ্ন আওকান কৰে আৰু নাৰীৰ মানসিক জগতখনতো আধিপত্য জাহিৰ কৰে৷ এনে সামাজিক ব্যৱস্হাত নাৰী এগৰাকীয়েও সেয়ে মানসিক ভাৱেও ক্ৰমে পিতৃ, স্বামী আৰু শেষত পুত্ৰ নিৰ্ভৰশীল হৈ পৰে৷

কিন্তু প্ৰেম যেতিয়া হয়, ছোৱালী এজনীয়ে কেতিয়াও মুক্ত মনেৰে ল’ৰাটোক ভাল পাব নোৱাৰে৷ ঘৰখনে ল’ৰাজনক ভাল পাব নে নাই সেই লৈ ছোৱালীজনীৰ মনত সংশয় সদায় থাকে৷

"সব কথা যদি ঘৰত কৈয়ে কৰা, তেন্তে প্ৰেম কৰোঁতেও ঘৰত সুধিয়েই কৰিব লাগিছিল" বুলি প্ৰেমত প্ৰতাৰিত পুৰুষে প্ৰেমিকাৰ ওপৰত খং উজাৰে৷

পুৰুষে পাহৰি পেলাই যে তেওঁলোকে সৃষ্টি কৰা পুৰুষ প্ৰধান সামাজিক ব্যৱস্হাৰ পৰিনাম তেওঁলোকে নিজেই ভোগ কৰিবলৈ বাধ্য৷ সেয়ে ল’ৰাজনে ছোৱালীজনীৰ লগত প্ৰথমেই খোলাখুলিকৈ ছোৱালীজনীৰ ঘৰখন কেনেকুৱা জানি লোৱাটো দৰকাৰ৷

ভুল মানুহে নজনাকেও বহুত কৰে৷ সৎ পুৰুষ এজনে নাৰীক কামনা চৰিতাৰ্থৰ বাবে কেতিয়াও ব্যৱহাৰ নকৰে৷ সৎ ল’ৰা এজনে সেয়ে জোৰ দি কয় "ঘৰত ক’লৈ গৈছো কোৱাৰ কি প্ৰয়োজন? মই নাজানো নেকি ভাল বেয়া কি?"

কিন্তু ভাল বেয়া কি নিৰ্ধাৰণ কৰাৰ ক্ষমতা থাকিও অজানিতে আমি এনে পাকচক্ৰত সোমাও যে নদীৰ ইটো পাৰলৈও যাব নোৱাৰো, সিটো পাৰলৈও যাব নোৱাৰো, মাজ পানীত ডুবি মৰাৰ বাদে উপায় নাথাকে৷ ভগৱানৰ প্ৰতি থকা ভয়েও সেয়ে মানুহক কেতিয়াবা সৎ কৰি ৰাখে৷ অজানিতে ভুল নহবলৈকে যদি অভিভাৱকক ক’ত কিয় যোৱা হৈছে সেয়া কৈ যোৱা হয় তেতিয়া খন্তেকীয়া মানসিক শান্তিৰ বাবে কৰিবলৈ যোৱা বেয়া কামটো কৰোঁতে নিশ্চয় ল’ৰাজনৰ মনত অপৰাধবোধ আহিব৷ প্ৰকৃত সৎ মানুহে আনক কেতিয়াও ঠগিব নোৱাৰে৷ বন্ধুৰ ঘৰত পঢ়িবলৈ যাওঁ বুলি কৈ ঘৰলৈ ঘূৰি অহাৰ পিচত যদি ল’ৰাজনে কি কি পঢ়িলে অভিভাৱকৰ ওচৰত খাতিয়ান দিয়াৰ ব্যৱস্হা থাকে তেন্তে ল’ৰাজনে নকৰিবলগীয়া কাম কৰোতে নিশ্চয় বিবেক দংশনত ভুগিব৷ অভিভাৱকেও সেয়ে ল’ৰাই ক’ত কি কৰি ঘুৰি ফুৰিছে সেয়া দৈনিক সোধা উচিত৷ ছোৱালীজনীৰ দৰে ল’ৰাজনকো বুজাই দিয়া উচিত যে পৃথিৱীত সৎ অসৎ দুয়ো প্ৰকাৰৰ মানুহ আছে আৰু অসৎ সংগৰ পৰা বাচিবলৈকে সি ক’ত কিয় গৈছে সেয়া অভিভাৱকক কৈ থৈ যাবলৈ তেওঁ বাধ্য৷

আমাৰ মানসিকতা যেতিয়ালৈকে "লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত" হৈ থাকিব, তেতিয়ালৈকে পুৰুষ প্ৰেমত প্ৰতাৰিত হৈ থাকিব৷ সেয়ে মানসিকতা সলাওক, কৰ্তৃত্বৰ নামত নাৰীৰ (নিজৰ ছোৱালী/মা/ বাই/ভনী/ অৰ্ধাংগিনী) মানসিক জগতখনতো আধিপত্য নচলাব৷ ছোৱালীৰ মতক গুৰুত্ব দিয়ক আৰু ছোৱালীজনীক সৰুৰে পৰাই সাহসী হ’বলৈ শিকাওক৷ লগতে ঘৰখনত এনে এটা নীতি আৰম্ভ কৰা উচিত যাতে আপুনি য’লৈকে নাযাওক ঘৰৰ বয়োজেষ্ঠ জনক কৈহে যাব আৰু দিনটো কি কৰিলে সেয়া অভিভাৱক বা ঘৰৰ মানুহক তেওঁলোকে নুসুধিলেও আপুনি নিজে জনাব৷

প্ৰকৃত, শুদ্ধ, মুকলি মনৰ পুৰুষে কেতিয়াও বাপেক হৈ জীয়েকৰ ওপৰত, পুত্ৰ হৈ মাকৰ ওপৰত, ককায়েক/ভায়েক হৈ ভনীয়েক/ বায়েকৰ ওপৰত অযথা কৰ্তৃত্ব নখটুৱাই৷ মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ মানুহে প্ৰথমে মানৱীয় গুণৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগিব৷

(লিখনিত এটা সাধাৰণ অথচ দলিয়াই পেলাব নোৱাৰা দিশ আঙুলিয়াই দেখুওৱা হৈছে৷ ইয়াৰ দ্বাৰা এয়া বুজোৱা হোৱা নাই যে সকলো পুৰুষৰ মানসিকতা একেই৷ প্ৰচলিত সমাজ ব্যৱস্হা, পৰিৱেশতে শৰনাপন্ন নহৈ যি পুৰুষে মালালা য়ুচুফজাই, কল্পনা চাউলা, ইৰা চিংঘালৰ দৰে নাৰীক আগুৱাই যোৱাত সহায় কৰিলে তেওঁলোকলৈ শতকোটি প্ৰণাম৷)


জনসাধাৰণৰ কাৰণে কৰা কিছুমান অভিনৱ আৰু আচহুৱা আৱিষ্কাৰ আৰু নতুন চিন্তাৰ দ্বাৰা কিছুসংখ্যক বিশেষ ব্যক্তিয়ে সমাজত বিশেষভাৱে স্থান পায়। আৱিষ্কাৰসমূহৰ দ্বাৰা জনমানসত সৃষ্টি কৰে বিৰল আলোড়ণৰ। সাধাৰণতে বিজ্ঞানী বা গণিতজ্ঞসকল নিজৰ গৱেষণাৰ বিষয়ৰ ভিতৰতে ব্যস্ত থাকে। সেয়ে তেওঁলোক সাধাৰণৰ মানুহৰ সংস্পৰ্শলৈ খুব কম...


‘জোৰ যাৰ মুলুক তাৰ’আছিল আদিতেই গঢ় লোৱা শোষণৰ স্বৰূপ। শক্তিশালীজনে দুৰ্বলীজনৰ ওপৰত যুগে যুগে প্ৰভূত্ব বিস্তাৰৰ চেষ্টা কৰি আহিছে। কিন্তু মুক্তিকামী মানুহে প্ৰতি মুহূৰ্ততে স্বতন্ত্ৰতা আৰু গোষ্ঠীসত্ত্বাক জীয়াই ৰাখিবলৈ সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে। বন্যৰ পৰা সমাজলৈ, ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ, আমোলা ব্যৱস্থাৰ পৰা বৰ্তমানৰ মুক্ত সমাজ...


পৰিৱৰ্তনশীলতা যিহেতু ভাষাৰ স্বাভাৱিক ধৰ্ম, পৰিৱৰ্তনশীলতাৰ পৰা অসমীয়া ভাষাও আঁতৰি থাকিব পৰা নাই। ভৌগোলিক, সামাজিক, ৰাজনৈতিক আদি কাৰণৰ লগতে ভিন্ন ভাষাৰ প্ৰভাৱ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন আদিৰ কাৰণবশত পৰিৱৰ্তন পৰিলক্ষিত হয়। ভাষাৰ ক্ষয়িষু ৰূপৰ প্ৰধান কেন্দ্ৰস্থল হ’ল আমেৰিকা। আমেৰিকান বৰ্ণাশুদ্ধিয়ে...


প্ৰতিবছৰে ১৭ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে। উল্লেখযোগ্য এই বিশেষ পূজাভাগ অনুষ্ঠিত কৰা কোনো নিৰ্দিষ্ট অসমীয়া বা ভাৰতীয় দিন, তাৰিখ, সময় নাই। সেইটো এটা বেলেগ প্ৰসংগ। আমি মানৱ বিৱৰ্তন সম্পৰ্কে অৱগত। এক দীৰ্ঘ ...

শিতানসমূহ