সুন্দৰ মনৰ মানুহজন


জনসাধাৰণৰ কাৰণে কৰা কিছুমান অভিনৱ আৰু আচহুৱা আৱিষ্কাৰ আৰু নতুন চিন্তাৰ দ্বাৰা কিছুসংখ্যক বিশেষ ব্যক্তিয়ে সমাজত বিশেষভাৱে স্থান পায়। আৱিষ্কাৰসমূহৰ দ্বাৰা জনমানসত সৃষ্টি কৰে বিৰল আলোড়ণৰ। সাধাৰণতে বিজ্ঞানী বা গণিতজ্ঞসকল নিজৰ গৱেষণাৰ বিষয়ৰ ভিতৰতে ব্যস্ত থাকে। সেয়ে তেওঁলোক সাধাৰণৰ মানুহৰ সংস্পৰ্শলৈ খুব কম আহে আৰু এনে কাৰণতে তেওঁলোক অপৰিচিত হৈ ৰয়। নতুন চিন্তাৰ দ্বাৰা সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিকে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হোৱা ব্যক্তিৰ সংখ্যা তেনেই সীমিত। তেনে এজন ব্যক্তি আছিল কুৰি শতিকাৰ মহান গণিতজ্ঞ জন্ নাশ্ব, যি প্ৰকৃত চিন্তা আৰু সাহসৰ দ্বাৰা নানা প্ৰত্যাহ্বানেৰে পিছ পেলাই জনমানসত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। খেল তত্ব (game theory)ৰ দ্বাৰা জীৱ বিজ্ঞান, সমাজবিজ্ঞান, অৰ্থনীতি, বাণিজ্য, ৰাজনীতি এই সকলো বিষয়ৰ লগত জড়িত ব্যক্তিসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা গণিতজ্ঞ জন নাশ্বক আমি এজন কিংবদন্তী পুৰুষ বুলি আখ্যা দিব পাৰো, কিয়নো তেখেতে নিজৰ জীৱনত ইতিমধ্যেই দেখুৱাই গ’ল শাৰীৰিক বাধা নেওচি জীৱনত জয়ী হোৱাৰ এক উৎকৃষ্ট উদাহৰণ।তেনে এজন কিংবদন্তী পুৰুষৰ মৃত্যু হোৱাতো সমাজখনৰ কাৰণে এক বৃহৎ ক্ষতি। যোৱা ২৩ মে’ৰ দিনা বহুসংখ্যকেই অনুভৱ কৰিছিল তেখেতৰ মৃত্যুৰ ফলত হোৱা এই ক্ষতিৰ কথা। কিয়নো তেখেতৰ মৃত্যুৰ লগে লগে পৃথিৱীত এনে এক বিৰাট শূন্যৰ সৃষ্টি হ’ল। যাৰ প্ৰতিষ্ঠাপন কৰাতো অসম্ভৱ। আকস্মিকভাৱে তেখেতে বিদায় লোৱাৰ লগে লগে সকলোৱে তেখেতৰ অৱদানৰ গুৰুত্ব অনুধাৱন কৰিছিল আৰু হুমুনিয়াহ কাঢ়িছিল। প্ৰিন্সটনৰ অধ্যক্ষ ক্রিষ্টফাৰ এল. এইচগ্ৰুবাৰে তেখেতৰ গণিত, অৰ্থবিজ্ঞান আৰু বিজ্ঞানৰ জগতত তেখেতৰ অৱদানৰ কথা স্বীকাৰ কৰিছিল। নাশ্বৰ জীৱনৰ ওপৰতে নিৰ্মিত ‘A beautiful mind’ নামৰ ছবিখনত চৰিত্ৰটি ৰূপায়ণ কৰা ৰাচ্ছেল ক্রাবে মন্তব্য কৰিছিল‘Stuned,...my heart goes out to John & Alicia & family. An Amazing Partnership. Beautiful minds, beautiful hearts.’পশ্চিম ভাৰ্জিনিয়াৰ ব্লুফিল্ড নামৰ পিছপৰা নগৰ এখনত ১৯২৮ চনৰ ১৩ জুনত জন নাশ্বৰ জন্ম হৈছিল। পিতৃ জন ফৰ্বছ, জ্যেষ্ঠ এটা বৈদ্যুতিক প্ৰতিষ্ঠানৰ অভিযন্তা আৰু মাক আছিল এগৰাকী শিক্ষয়িত্ৰী। মাক-দেউতাকে পঢ়া-শুনাৰ বাবে ভালদৰে সুবিধা প্ৰদান কৰিছিল। প্ৰাথমিক শিক্ষা লাভৰ পিছত কাৰ্নেগী ইনষ্টিটিউট অৱ টেকন’লজিত ৰাসায়নিক অভিযান্ত্ৰিক আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন আৰম্ভ কৰে। কিন্তু তেখেতৰ শিক্ষক John Lighton Synge ৰ পৰামৰ্শ অনুসৰি গণিত পঢ়িবলৈ আৰম্ভ কৰে আৰু ১৯৪৮ চনত গণিতত বি. এছ. আৰু এম. এছ. হৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ লয়। গৱেষণাৰ বিষয় হিচাপে বাছি ল’লে Non-cooperative games আৰু ইয়াতেই সাম্যাৱস্থাৰ ধাৰণা প্ৰয়োগ ঘটাই বিখ্যাত ‘নাশ্ব সাম্যাৱস্থাৰ সংজ্ঞা আৰু ধৰ্ম আগবঢ়ালে। Non-cooperative gamesৰ সেই বিশেষ তত্ত্বৰ বাবে তেখেতলৈ আগবঢ়োৱা হ’ল ১৯৯৪ চনৰ অৰ্থনীতিৰ ন’বেল বঁটা।৯৫১ চনত নাশ্ব মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকন’লজিলৈ C.L.E. Moore Instructor হিচাপে আহে আৰু ইয়াতে Eleanor Stier নামৰ নাৰ্ছ এগৰাকীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে।tier ৰ লগত সম্পৰ্ক ভংগ হোৱাৰ পিছত নাশ্বে এম. আই.টিৰ পদাৰ্থ বিজ্ঞানৰ স্নাতক এলিছিয়াক (Alicia Lopex Harrison de Larde)ক লগ পায় আৰু বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ দুবছৰ পাছতে তেওঁ পেৰানয়ড স্কিজ’কেনিয়া ৰোগত ভোগে, যিসময়তে এলিছিয়া গৰ্ভৱতী আছিল। নাশ্বে চাকৰি ত্যাগ কৰিবলৈ বাধ্য হয়। নাশ্বক হাস্পতালত ভৰ্ত্তি কৰা হ’ল। তেখেতৰ সন্তানো জন্ম হ’ল। কিন্তু এবছৰ দিন সন্তানটিৰ নাম ৰখা নহ’ল, কিয়নো এলিছিয়াই নাম ৰখা সন্দৰ্ভত নাশ্বৰ পৰা পৰামৰ্শ লোৱাতো উচিত হ’ব বুলি ভাবিছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ বিবাহ বিচ্ছেদ হ’ল। কিন্তু এলিছিয়াই সহায়ৰ হাত আগবঢ়াই থাকিল। এলিছিয়াই বিশ্বাস কৰিছিল যে নাশ্ব প্ৰিন্সটনৰ গণিতৰ জগতখনত থকাটোৱেই উচিত হ’ব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’লনাশ্বে সেই জটিল সময়ছোৱাতো কাপ্লনিক বিশ্বত পৰিভ্ৰমণ কৰি গণিতৰ নতুন উদ্ভাৱনসমূহ কৰিয়েই থাকিল। নাশ্বে পুনৰ গণিতৰ কাম কৰিব পৰাকৈ সমৰ্থৱান হৈছিল। ১৯৯০ চনত এলিছিয়া আৰু নাশ্বৰ সম্পৰ্ক আকৌ গঢ়ি উঠিল আৰু দুয়ো ২০০১ ত পুনৰ্বিবাহ কৰিলে। আৰোগ্য হোৱাৰ পিছত নাশ্বে মানসিক ৰোগ গ্ৰস্ততাৰ বিষয়ে কৈছিল‘In madness, I thought I was the most important person in the world.’নাশ্বক তেখেতৰ অৱদানসমূহৰ কাৰণে সন্মান প্ৰদান কৰাতো কোনেও কৃপনালি কৰা নাই। ১৯৭৮ চনত John Von Nexmann Theory Prize, ১৯৯৪ ত John Harjany আৰু Reinhard Selton ৰ সৈতে ন’বেল বঁটা প্ৰদান কৰা হ’ল। নাশ্বে কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৯ চনত বিজ্ঞান-প্ৰযুক্তিৰ ডক্টৰেটৰ সন্মান লাভ কৰে। ২০০৩ চনত University of Naples ৰ পৰাঅৰ্থনীতিত বিশেষ সন্মান লাভ কৰে, আকৌ Unviersity of Antwoerp ৰ পৰা ২০০৭ চনত অৰ্থনীতিৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি বিশ্বৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত বক্তা হিচাপে আমন্ত্ৰণ কৰা হৈছিল।নাশ্বৰ সমস্যা জৰ্জৰিত জীৱন আৰু ইবোৰৰ মাজতো উজ্জ্বলি উঠা তেওঁৰ সৃষ্টিশীল জীৱনৰ ওপৰত চিলভিয়া নাচাৰে (Sylvia Nasar) ১৯৯৮ চনত নাশ্বৰ জীৱনীমূলক গ্ৰন্থ ‘A beautiful Mind’প্ৰকাশ কৰে। এই গ্ৰন্থৰ জনপ্ৰিয়তাৰ বাবে ২০০১ চনত এই গ্ৰন্থখনৰ ভিত্তিত আৰু একে নাম ৰাখি নিৰ্মাণ কৰা হলিউডৰ ছবিখনেও ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হ’ল। ছবিখনৰ অন্য এটা দিশ হ’লই নাশ্বৰ বিশ্বৰ সকলো প্ৰান্তৰ লোকৰ লগত ভালদৰে চিনাকি কৰি দিয়াত সফল হ’ল। চিনেমাখনৰ নামটোৰ লগতে নাশ্বৰ সম্পৰ্কে লিখা হৈছিল‘He saw the world in a way no one could have imagined.’লক্ষণীয়ভাৱে ২০১৫ চনৰ ১৯ তাৰিখে গণিত জগতৰ সৰ্বোচ্চ সন্মান ‘এবেল বঁটা’ প্ৰদান কৰা হ’লজন নাশ্ব আৰু লুই নিৰেনবাৰ্গক। দুয়ো একেলগে কাম যদিও কৰা নাছিল তথাপি দুয়ো পৰস্পৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। নৰৱেৰ বিজ্ঞান আৰু সাহিত্য একাডেমীৰ সভাপতি কিষ্টি ষ্ট্ৰম বুলে প্ত মাৰ্চত এই দুগৰাকী গণিতজ্ঞৰ নাম ঘোষণা কৰি কৈছে যে অৰৈখিক আংশিক অৱকল সমীকৰণৰ তত্ত্ব আৰু জ্যামিতিক বিশ্লেষণত ইয়াৰ প্ৰয়োগৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবেই তেখেত দুজনলৈ এই সন্মান প্ৰদান কৰা হৈছে। অতি দুৰ্ভাগ্যজনকভাৱে, এই বঁটা গ্ৰহণ কৰি আমেৰিকালৈ আহি থাকোতেই ২৩ মে’ত নিউ জাৰ্ছিত বিমানৰপৰা নামি টেক্সিৰে আহি থাকোতেই টেক্সিখন দুৰ্ঘটনাত পতিত হয় আৰু পত্নী এলিছিয়াৰসৈতে মহান গণিতজ্ঞজনৰো জীৱনৰ যতি পৰে।নিশ্চিতভাৱে নাশ্বৰ কৰ্মৰাজিয়ে সমগ্ৰ পৃথিৱীক প্ৰভাৱান্বিত কৰিলে। তেখেতৰ অৱদানসমূহ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এক অমূল্য সম্পদ। কিন্তু পৃথিৱীখনক তেওঁ আন এটা শিক্ষাও দি গ’ল। সেয় াহ’ল কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখত থিয় দিয়াৰ শিক্ষা। এই শিক্ষাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ভৱিষ্যতে জন নাশ্বৰ নিচিনা বিদ্বান লোক সমাজত সৃষ্টি হওক, এয়ে সকলোৰে কাম্য।


‘জোৰ যাৰ মুলুক তাৰ’আছিল আদিতেই গঢ় লোৱা শোষণৰ স্বৰূপ। শক্তিশালীজনে দুৰ্বলীজনৰ ওপৰত যুগে যুগে প্ৰভূত্ব বিস্তাৰৰ চেষ্টা কৰি আহিছে। কিন্তু মুক্তিকামী মানুহে প্ৰতি মুহূৰ্ততে স্বতন্ত্ৰতা আৰু গোষ্ঠীসত্ত্বাক জীয়াই ৰাখিবলৈ সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে। বন্যৰ পৰা সমাজলৈ, ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ, আমোলা ব্যৱস্থাৰ পৰা বৰ্তমানৰ মুক্ত সমাজ...


পৰিৱৰ্তনশীলতা যিহেতু ভাষাৰ স্বাভাৱিক ধৰ্ম, পৰিৱৰ্তনশীলতাৰ পৰা অসমীয়া ভাষাও আঁতৰি থাকিব পৰা নাই। ভৌগোলিক, সামাজিক, ৰাজনৈতিক আদি কাৰণৰ লগতে ভিন্ন ভাষাৰ প্ৰভাৱ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন আদিৰ কাৰণবশত পৰিৱৰ্তন পৰিলক্ষিত হয়। ভাষাৰ ক্ষয়িষু ৰূপৰ প্ৰধান কেন্দ্ৰস্থল হ’ল আমেৰিকা। আমেৰিকান বৰ্ণাশুদ্ধিয়ে...


প্ৰতিবছৰে ১৭ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে। উল্লেখযোগ্য এই বিশেষ পূজাভাগ অনুষ্ঠিত কৰা কোনো নিৰ্দিষ্ট অসমীয়া বা ভাৰতীয় দিন, তাৰিখ, সময় নাই। সেইটো এটা বেলেগ প্ৰসংগ। আমি মানৱ বিৱৰ্তন সম্পৰ্কে অৱগত। এক দীৰ্ঘ ...


শাৰদীয় নৱৰাত্ৰি সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহেৰে পালন কৰা হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সর্ম্পূণ নটা ৰাতি আৰু দহ দিন ধৰি এই উৎসৱ পালিত হয়৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ নৱৰাত্ৰি উৎসৱ বিশেষকৈ শক্তি...

শিতানসমূহ