নব্য সন্ত্ৰাসবাদৰ উত্থানঃ


‘জোৰ যাৰ মুলুক তাৰ’আছিল আদিতেই গঢ় লোৱা শোষণৰ স্বৰূপ। শক্তিশালীজনে দুৰ্বলীজনৰ ওপৰত যুগে যুগে প্ৰভূত্ব বিস্তাৰৰ চেষ্টা কৰি আহিছে। কিন্তু মুক্তিকামী মানুহে প্ৰতি মুহূৰ্ততে স্বতন্ত্ৰতা আৰু গোষ্ঠীসত্ত্বাক জীয়াই ৰাখিবলৈ সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে। বন্যৰ পৰা সমাজলৈ, ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ, আমোলা ব্যৱস্থাৰ পৰা বৰ্তমানৰ মুক্ত সমাজ ব্যৱস্থালৈ বিৱৰ্তনৰ কালত নানান ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ধৰ্ম-বৰ্ণ-ভাষাভিত্তিক সংগ্ৰামৰ সন্মুখীন হৈ আহিছে আৰু একোটা বিপ্লৱৰ জন্ম দি মানৱ জাতিৰ ইতিহাসত একোটা ছাপ’ বহুৱাই থৈ গৈছে। কিন্তু বৰ্তমানেও সংখ্যাগুৰুৰ সংখ্যালঘুৰ ওপৰত শোষণ, দুনৰ্ীতি, অৰ্থনৈতিক শোষণ, ধৰ্মীয়-সামাজিক কাৰকৰ পৰিপ্ৰেক্ষিতত মানৱৰ সংগ্ৰাম চলিয়েই আছে।দ্বিতীয় সহস্ৰাব্দৰ পাছৰে পৰা বিভিন্ন দেশৰ সাম্ৰাজ্যবাদীসকলে অন্য স্থানত উপনিৱেশিকতাবাদৰ পাতনি মেলিছিল। সময় বাগৰাৰ লগে লগে পুনৰ মুক্তিকামী মানুহৰ আৰম্ভ হ’ল এই উপনিৱেশিকতাবাদীসকলৰে সংঘাত। উপনিৱেশিকবাদী শাসন ওফৰাই ১৭৭৬ চনত সশস্ত্ৰ বিপ্লৱেৰেই আমেৰিকাই স্বতন্ত্ৰতা লাভ কৰিছিল। ইয়াৰ পিছত অৰ্থনৈতিক শোষণ-দমনৰ বিৰুদ্ধে ৰাছিয়াৰ বলছেভিক বিপ্লৱ, চীন প্ৰজাতন্ত্ৰত সংঘটিত মাও জে ডংৰ ৰেড আৰ্মিৰ নেতৃত্বত সশস্ত্ৰ বিপ্লৱে দুয়োখন দেশৰ লগতে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছিল। ‘বন্দুকৰ নলীৰেহে স্বতন্ত্ৰতা অহা’ ৰ মাওৰ বাণীয়ে পৰৱৰ্তী কালৰ সংগ্ৰামীসকলক যথেষ্ট অনুপ্ৰেৰণা দিছিল। কিউবাৰ গুৱেভাৰাৰ নেতৃত্বত সংগ্ৰামো এই পথেৰে গমন কৰিছিল। এনেবোৰ সফল বিপ্লৱৰ অনুসৰণ কৰি ভাৰতীয় স্বতন্ত্ৰতা সংগ্ৰামত সুভাষ চন্দ্ৰ বসুৱে জন্ম দিছিল ‘আজাদ হিন্দ ফৌজ’ৰ।আফগান যুদ্ধত আমেৰিকাই ব্যৱহাৰ কৰি আৱৰ্জনাত পেলাই দিয়া লাডেনে তেতিয়াই আমেৰিকা আৰু মিত্ৰগোষ্ঠীৰ ওপৰত ‘ইছলামীয় যুদ্ধ’ ঘোষণা কৰে। ইয়াৰ পিছত আমেৰিকাত ৯১১ আক্রমণ আৰু লাডেনক বিচাৰি পুনৰ আমেৰিকাৰ মধ্য প্ৰাচ্যত উৎপীড়ন। এনে ঘটনাৰাজীয়ে প্ৰকৃততে লাডেনৰ নেতৃত্বত হোৱা এখন বিশাল ইছলামীয় সাম্ৰাজ্যৰ সপোনক বাস্তৱৰ দিশেহে লৈ আহিলে আৰু ইছলামীয় সন্ত্ৰাসবাদী ধাৰণাটোক নতুন ৰূপ দিলে। দীৰ্ঘদিনীয়া কু-শাসনৰ পৰা মুক্ত হৈ, দৰিদ্ৰতা, সাম্ৰাজ্যবাদী শোষণ আদি কাৰকে এনে দেশসমূহত ইছলামীয় সন্ত্ৰাসবাদৰ প্ৰতি প্ৰায়বোৰ জনগণকে সহানুভূতিশীল কৰি তুলিছিল। ফলত ঠাই বিশেষে পুঞ্জীভূত ক্ষোভবোৰৰ ডাল-পাতবোৰ লগ হৈ এক ইছলামীয়ত্বৰ হকত যুঁজাৰ অনুপ্ৰেৰণা দিছিল। ইয়াত অৱশ্যে এনে দেশসমূহৰ প্ৰায়বোৰ অঞ্চলতে বৰ্তি থকা ধৰ্মীয় গোড়ীমীয়তায়ো কাৰক হিচাপে কাম কৰিছিল।নতুনকৈ বিকাশ লাভ কৰা ‘নৱ্য সন্ত্ৰাসবাদ’ৰ প্ৰধান বৈশিষ্ট্যবোৰ হৈছে যেপ্ৰায়বোৰ সন্ত্ৰাসবাদী সংগঠনে আমেৰিকাৰ প্ৰত্যক্ষ বা পৰোক্ষ হস্তক্ষেপত জন্ম পোৱা বাবে গোলকীয় পৰ্যায়তো বিস্তৃতি আৰু প্ৰভাৱ পেলাইছে। নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, প্ৰচুৰ সম্পদশালী এনে সংগঠনবোৰে বিমান হাইজেকৰ পৰা পণবন্দী, আত্মঘাটী আক্রমণ, ইণ্টাৰনেট তথা ছ’ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ আদি অত্যাধুনিক পদ্ধতিৰ জৰিয়তে এনে সংগঠনবোৰে অধিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে।এনেক্ষেত্ৰত প্ৰথমেই আল-কায়দাৰ পিছতে নাম আহিব Islamic State of Iran and Syria (ISIS)ৰ। ইৰাকী চৰকাৰক শাসনচ্যুত কৰাৰ নামতে আমেৰিকাৰ সাহাৰ্যত ছুন্নী বিদ্ৰোহীসকলে চলোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিততে বিদ্ৰোহীসকলে ISIS ৰ জন্ম দিছে। পূৰ্বৰ ছাদ্দাম হুছেইন চৰকাৰৰ সামৰিক বিষয়াসকলেৰে পুষ্ট ISIS য়ে কমসময়ৰ ভিতৰতে প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। নিত্য নতুন সন্ত্ৰাসী আদব-কায়দাৰ ছ’ছিয়েল মেজিয়াত প্ৰচাৰ, ইৰাক আৰু ছিৰিয়াৰ বহুবোৰ প্ৰধান চহৰ দখল, প্ৰচুৰ অৰ্থ-সদস্যৰ সমাহাৰে আইছিছক গোলকীয় সন্ত্ৰাসলৈ পৰিৱৰ্তিত কৰিছে। আইছিছৰ টাৰ্গেট হৈ অমুছলমানসকল আৰু অ-ছুন্নী মুছলমান। নৱ্য সন্ত্ৰাসবাদৰ এটা অন্যতম বৈশিষ্ট্য হিচাপে অধিক লোকক নিহত কৰিব পৰা ভয়ংকৰ আক্রমণসমূহো কৰি আহিছে আইছিছে। বৰ্তমানে ‘খলিফৎ’ স্থাপন কৰি ইছলামীয় শাসন প্ৰৱৰ্তন কৰা হৈছে আইছিছৰ নেতৃত্বত। সংখ্যালঘু পীড়ন, কঠোৰ সামাজিক নিয়ম, নেতাসকলৰ ভোগ-বাসনা, কট্টৰতাবাদী শাসনে এনে সংগঠনবোৰক জনগণৰ পৰা পৃথক কৰিছে।নাইজেৰিয়ান ইছলামীয় সংগঠন বকো হাৰামেও একবিংশ শতিকাৰ প্ৰথমৰে পৰা নাইজেৰিয়াৰ অমুছলমানসকলৰ ওপৰত ভয়ংকৰ আক্রমণ চলাই আহিছে। আত্মঘাতী আক্রমণ, পণবন্দী, বোমা বিস্ফোৰণেৰে এটা বিশাল পৰিমাণৰ হত্যাৰ অভিলেখ গঢ়িবলৈ সমৰ্থ হোৱা ৰকো হাৰামে ২০১৪ চনত ISIS লৈ সমৰ্থন ঘোষণা কৰিছিল।পাকিস্তান, আফগানিস্তানত পূৰ্বৰে পৰা সক্রিয় অৱস্থাত থকা তালিবানে আইছিছৰ উত্থানৰ পাছত নিজৰ আক্রমণ তথা খোপনি অধিক মজবুত কৰিছে। পূৰ্বতে সংখ্যালঘু ছিয়া মুছলমান বা সেনাবাহিনীৰ ওপৰত আক্রমণ চলালেও বৰ্তমানে সাধাৰণ জনতাৰ মহিলা-শিশুকে ধৰি বহুতো নিশৃংস আক্রমণ চলাইছে। ইয়াৰ অন্যতম উদাহৰণ যোৱা বছৰৰ ডিচেম্বৰত পেছোৱাৰৰ সামৰিক স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আক্রমণ। যি প্ৰতীয়মান কৰিছে যে সন্ত্ৰাসবাদৰ শিশু-মহিলা-পুৰুষ কোনো কথা নাই কেৱলমাত্ৰ ই সন্ত্ৰাসৰ ভাষাহে বুজি পায়।একবিংশ শতিকাৰ আদিভাগলৈ কিছুমান সংগঠন যেনে শ্ৰীলংকাৰ তামিলসকলৰ অধিকাৰৰ সপক্ষে মাত মাতি অহা LTTE, ইংলেণ্ডত আইৰিছসকৰ স্বাধীনতাৰ দাবী কৰি অহা আইৰিছ ৰিপাব্লিকান আৰ্মী, স্বাধীন পেলেষ্টাইনৰ দাবীত হামাছ আদিয়ে সক্রিয় ভূমিকা পালন কৰি নিজৰ দাবীক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল।কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰেপৰা মেৰুকেন্দ্ৰিক সংঘাত আৰু ক্ষমতাৰ অৰিয়া-অৰিৰ ফলত ক্ষমতাৰ কেন্দ্ৰস্থলসমূহে (বিশেষকৈ আমেৰিকা) সন্ত্ৰাসবাদী সংগঠনবোৰক নিজৰ হিতাৰ্থে ব্যৱহাৰ কৰা দেখা গৈছে। যি সংগ্ৰামটোৰ পথ বিচ্ছিন্ন কৰি এচাম ক্ষমতা পিপাসুৰ জিংঘাসা পূৰণৰ পথ কৰি পেলাইছে আৰু যাৰ ফলশ্ৰুতিত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একবিংশ শতিকাৰ আদিভাগতে গঢ় ল’লে এক নতুন ধাৰণাৰ যাৰ নাম ‘নৱ্য সন্ত্ৰাসবাদ’।‘যেতিয়া প্ৰফেট হজৰত মহদে Bannu Qurayza (এটা ইহুদী গোট, যিসকলে মদিনাত বাস কৰিছিল) নৰমেধ আৰম্ভ কৰিছিল তেতিয়া তেওঁ আদেশ কৰিছিল তাৰ শিশুসকলক হত্যা কৰিবলৈ। প্ৰায় ১৪০০ বছৰ পূৰ্বতে এনেদৰে মহদৰ নিৰ্দেশত প্ৰায় আঠশ শিশু মহিলাক হত্যা কৰাৰ উদাহৰণ Sahihal-Bukhari এ দিছে’এইটো আছিল বৰ্তমান সময়ৰ এক প্ৰখ্যাত সন্ত্ৰাসবাদী গোট তেহৰিক-ই তালিবান (পাকিস্তান)ৰ প্ৰেছ বিবৃত্তি পেছোৱাৰৰ এখন বিদ্যালয়ৰ প্ৰায় ডেৰশ শিশুক হত্যা কৰি অহাৰ পিছত আৰু ই হৈছে বৰ্তমানে বিকশিত ‘নৱ্য সন্ত্ৰাসবাদী ধাৰা’ৰ এটা উদাহৰণ। যিটো ধাৰাৰ জন্ম আনুষ্ঠানিকভাৱে ২০০১ চনৰ ১১ ছেম্বেৰত ওছামা বিন লাডেনে কৰিছিল, কিন্তু অনানুষ্ঠানিকভাৱে আমেৰিকাই লাডেনৰ দ্বাৰাই ৰাছিয়াৰ বিৰুদ্ধে আফগানিস্থানৰ যুদ্ধৰ সময়ত কৰিছিল।পূৰ্বৰ প্ৰায়বোৰ সন্ত্ৰাসবাদী সংগঠন আছিল জনতাৰ প্ৰতিনিধিত্ব কৰা একোজন বিপ্লৱী। যিসকলে ব্যক্তিগত স্বাৰ্থক নুই কৰি প্ৰতিপক্ষৰ ওপৰত কেৱল সামৰিক ৰাজনৈতিক আক্রমণ চলাইছিল। বৰ্তমানে ইয়াৰ সংজ্ঞা সলনি কৰিছে উপৰোক্ত ধাৰাৰ সন্ত্ৰাসবাদী সংগঠনসমূহে। ইছলামীয়ত্বৰ আচিনা লৈ শোষিত, দৰিদ্ৰতাকে ধৰি অশিক্ষিত আৰু ধৰ্মীয় শিক্ষাৰে নিৰ্বোধ যুৱকসকলক দিয়া হয় ধৰ্মৰ নামত আত্মঘাতী আক্রমণৰ দায়িব, অত্যাধিক প্ৰচাৰ আৰু প্ৰসাৰ, ভোগ-বিলাকৰ বাবে প্ৰচুৰ সম্পদ, যৌনদাসীৰ ব্যৱহাৰে বন্য প্ৰকৃতিৰ কৰি তোলা এইসকলৰ চকুত ভাঁহি উঠে সমুখৰ প্ৰতিজনে তেওঁৰ পৰা ধৰ্ম-জাতিগতভাৱে পৃথক তেজ-মঙহৰ লোক। বৰ্তমানে বিশ্বশক্তিয়ে আক্রমণৰ পথ গ্ৰহণ কৰিলেও গোলকীয় বিস্তৃতি, প্ৰচুৰ ধনবল আৰু বাহুবল লাভ কৰা ‘নৱ্য সন্ত্ৰাসবাদী’সকলক মষিমূৰ কৰা নিশ্চয়কৈ কঠিন হ’ব।


পৰিৱৰ্তনশীলতা যিহেতু ভাষাৰ স্বাভাৱিক ধৰ্ম, পৰিৱৰ্তনশীলতাৰ পৰা অসমীয়া ভাষাও আঁতৰি থাকিব পৰা নাই। ভৌগোলিক, সামাজিক, ৰাজনৈতিক আদি কাৰণৰ লগতে ভিন্ন ভাষাৰ প্ৰভাৱ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন আদিৰ কাৰণবশত পৰিৱৰ্তন পৰিলক্ষিত হয়। ভাষাৰ ক্ষয়িষু ৰূপৰ প্ৰধান কেন্দ্ৰস্থল হ’ল আমেৰিকা। আমেৰিকান বৰ্ণাশুদ্ধিয়ে...


প্ৰতিবছৰে ১৭ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে। উল্লেখযোগ্য এই বিশেষ পূজাভাগ অনুষ্ঠিত কৰা কোনো নিৰ্দিষ্ট অসমীয়া বা ভাৰতীয় দিন, তাৰিখ, সময় নাই। সেইটো এটা বেলেগ প্ৰসংগ। আমি মানৱ বিৱৰ্তন সম্পৰ্কে অৱগত। এক দীৰ্ঘ ...


শাৰদীয় নৱৰাত্ৰি সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহেৰে পালন কৰা হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সর্ম্পূণ নটা ৰাতি আৰু দহ দিন ধৰি এই উৎসৱ পালিত হয়৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ নৱৰাত্ৰি উৎসৱ বিশেষকৈ শক্তি...


"Happy Birth Day to You..." সকলোৱে একেলগে গীতটি গোৱাৰ লগে লগে কণমানিটোক জ্বলি থকা মমকেইডাল নুমুৱাই দিবলৈ কোৱা হ'ল। শিশুটিয়ে ফুঁ মাৰি মমকেইডাল নুমুৱাই দিয়াৰ লগে লগে তাৰ হাতত এখন চুৰী দি কেক কাটিবলৈ দিলে আৰু উপস্থিতসকলে শিশুটিৰ হাতত বিভিন্নধৰণৰ উপহাৰ দি জন্মদিনৰ...

শিতানসমূহ