বিশ্বকর্মা পূজা আৰু নতুন প্ৰজন্মৰ অনুভৱ


প্ৰতিবছৰে ১৭ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে। উল্লেখযোগ্য এই বিশেষ পূজাভাগ অনুষ্ঠিত কৰা কোনো নিৰ্দিষ্ট অসমীয়া বা ভাৰতীয় দিন, তাৰিখ, সময় নাই। সেইটো এটা বেলেগ প্ৰসংগ। আমি মানৱ বিৱৰ্তন সম্পৰ্কে অৱগত। এক দীৰ্ঘ বিৱৰ্তনৰ মাধ্যমেৰে মানৱ সমাজ আজি একবিংশ শতিকাৰ সাম্প্ৰতিক প্ৰেক্ষাপটত উপনীত হৈছোঁহি। বিজ্ঞান আশীৰ্বাদপুষ্ট মানুহৰ মগজু আজি মানৱ সৃষ্টিৰ সময়ছোৱাৰ সংকীৰ্ণতাৰপৰা মংগল গ্ৰহত ঘৰ সাজিবপৰাকৈ বিকশিত হৈছে, যি সময়ত আমি নিজকে আধুনিক বুলি অভিহিত কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু আমি কিমান দূৰ আধুনিক? শিক্ষিত ব্যক্তিসকলে জানে যে হেন্ৰি ফৰ্ডে মটৰ গাড়ীৰ আৱিষ্কাৰ কৰিছিল। যাৰ অন্তৰালত অন্তনিৰ্হিত হৈ আছিল তেখেতৰ কঠোৰ শ্ৰম আৰু সাধনাৰ। টমাছ আলভা এডিচনে আৱিষ্কাৰ কৰিছিল বিজুলি বাতি। অৰ্থাৎ বিশ্ববৰেণ্য এই বিজ্ঞানীসকলৰ অক্লান্ত সাধনা আৰু পৰিশ্ৰমৰ ফলশ্ৰুতিতহে আমি এক উন্নত জীৱন যাপন কৰিবলৈ সক্ষম হৈছোঁ। যন্ত্ৰ আৱিষ্কাৰে মানুহৰ পৰিশ্ৰম লাঘৱ কৰিছে। যাৰ আৱিষ্কাৰত অন্তনিৰ্হিত হৈ আছে উপৰিউক্ত সকলৰ দৰে বহুসংখ্যক বিজ্ঞানীৰ অৱদান। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনকভাৱে আমি এইবোৰৰ সৃষ্টিৰ কৃৰ্তিত্ব বিশ্বকৰ্মা নামৰ এজন তথাকথিত অভিযন্তা ঈশ্বৰৰ হাতত অৰ্পন কৰি ১৭ ছেপ্তেম্বৰ তাৰিখে ‘বিশ্বকৰ্মা পূজা’ আয়োজন কৰি আহিছোঁ।

বৈজ্ঞানিক মানসিকতা আৰু যুক্তিৰ আধাৰত বিশ্বকর্মা সপূজা সম্পর্কে আমি কিছুমান সিদ্ধান্তত উপনীত হৈছিলোঁ। সেই সম্পৰ্কে সংক্ষিপ্তভাৱে তলত আলোচনা কৰি আমাৰ অসমৰ পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।। আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে যিটো দিনত ‘বিশ্বকৰ্মা পূজা’ পালন কৰা হয়, সই দিনটো কোনো ভাৰতীয় বা অসমীয়া দিনপঞ্জীনুসৰি পালন কৰা নহয়। প্ৰত্যেক বছৰে ১৭ ছেপ্তেম্বৰ তাৰিখেহে এই পূজা আয়োজন কৰা হয়। আচলতে কুৰি শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকৰপৰা বৃটিছসকলে প্ৰথমে এনেধৰণৰ এটা পূজা আয়োজনৰ দিন নিৰ্ধাৰণ কৰি দিছিল। ইয়াৰ পূৰ্বে এনেধৰণৰ পূজা বহুলভাৱে উদ্যাপনৰ দৃষ্টান্ত অসমত পোৱা নাযায়। অৰ্থাৎ প্ৰায় সাত দশকৰ পূৰ্বে বৃটিছসকলৰপৰা স্বাধীন হোৱাৰ পাছতো এক সামন্তীয় চিন্তাধাৰাৰে এই নিৰ্দিষ্ট দিনটোত এনেদৰে পূজা আয়োজন কৰি আমি পৰোক্ষভাৱে বৰ্তমানো বৃটিছৰ পৰাধীনতাক স্বীকাৰ কৰি লোৱা নাইনে?। আমি পুজা অনুষ্ঠিত কৰিছোঁ। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথাটো হ’ল অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক যিজন মহাপুৰুষ শংকৰদেৱে এনেধৰণৰ পূজা অৰ্চনাৰ বিৰোধিতা কৰি অসমত একশৰণ ভাগৱতী ধৰ্মৰ প্ৰচাৰ কৰিছিল সেইজন শংকৰদেৱৰে সৃষ্টি হৰিনামৰ অপপ্ৰয়োগ আমি বিশ্বকৰ্মা পূজাত কৰিছোঁ। আমাৰ এনে লজ্জাজনক কাৰ্যৰ জৰিয়তে আমি মহাপুৰুষজনাক যে অপমান কৰিছোঁ সেই কথা স্বীকাৰ কৰিবলৈ বাধ্য। এই প্ৰংসগতে মাহ-প্ৰসাদৰ কথাটো অন্তৰ্ভুক্ত কৰিব পাৰি। আনুষ্ঠানিক মাহ-প্ৰসাদৰ প্ৰয়োগ সম্ভৱতঃ শংকৰদেৱেই আৰম্ভ কৰিছিল । আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে বিজ্ঞানীসকলৰ চেষ্টাতহে বৰ্তমানৰ উন্নত আধুনিক সভ্যতাৰ সৃষ্টি হৈছে। কিন্তু সেই বিজ্ঞানৰ আৱিষ্কাৰসমূহৰ কৃৰ্তিত্ব বিশ্বকৰ্মা নামৰ এটা কাপ্লনিক আৰু অলৌকিক সত্তাৰ ওপৰত আৰোপ কৰি আমি নিজৰেই মানসিক দীনতাৰ পৰিচয় দিয়া নাইনে? যদি সম্ভৱ হয় এটা দিন এনেদৰে অপব্যয় কৰাতকৈ যদি আমি চাৰ আইজাক নিউটন, আইনষ্টাইন আদি বিজ্ঞানীসকলৰ আৱিষ্কাৰ আৰু অৱদান সম্পৰ্কে আলোচনা কৰো তেন্তে ই আমাৰ বাবে উপকাৰী হ’ব।। বিশ্বকৰ্মা পূজাৰ উদ্দেশ্যলৈ যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, তেন্তে আমি পাওঁ আমাৰ যান-বাহন তথা বিভিন্ন যন্ত্ৰ-পাতিসমূহ সূচল ৰূপত থকাৰ লগতে দীৰ্ঘদিন ব্যৱহাৰৰ উপযোগী হৈ থাকিবলৈ আমি ‘বিশ্বকৰ্মা পূজা’ৰ আয়োজন কৰোঁ। এনেধৰণৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে অযুক্তিকৰ আৰু হাস্যকৰ। যদি আমি আমাৰ ব্যৱহৃত যন্ত্ৰ-পাতিসমূহ সূচল ৰূপত থকাটো বিচাৰো তেন্তে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সেইসমূহৰ মেৰামতি, পুনৰীক্ষণ কৰিলেই যথেষ্ট। অন্যহাতে যেতিয়াই অপৰিষ্কাৰ হয় তেতিয়াই পৰিষ্কাৰ কৰি ল’ব পাৰো। ইয়াৰ বাবে এটা দিন নিৰ্ধাৰণ কৰি পূজাৰ মাধ্যমেৰে সময়ৰ অপচয় কৰাতো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। অন্যহাতে আমি ব্যৱহাৰ কৰা যান-বাহন, যন্ত্ৰ-পাতিসমূহৰ অধিক সংখ্যক বিদেশৰেই উৎপাদন আৰু এনেধৰণৰ সমজাতীয় যান-বাহন আৰু যন্ত্ৰ-পাতিৰ ব্যৱহাৰ অন্য দেশতো হয়। কিন্তু ‘বিশ্বকৰ্মা পূজা’ অনুষ্ঠিত নকৰাৰ বাবে সেই যান-বাহন বা যন্ত্ৰপাতিসমূহ সেই ঠাইসমূহত বিকল হৈ যোৱা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ সেইবোৰ দেশ আমাৰ ভাৰতবৰ্ষতকৈ দোপত দোপে উন্নতিৰ শীৰ্ষত আগবাঢ়ি গৈছে।। যদি উচ্চ শিক্ষানুষ্ঠানসমূহত ‘বিশ্বকৰ্মা পূজা’ উপলক্ষে কোনোধৰণৰ বন্ধ নাথাকে কিন্তু বিশ্বকৰ্মা পূজা উদ্যাপন কৰা পৰিলক্ষিত হয়। শিক্ষানুষ্ঠানসমূহত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ ফলত শৈক্ষিক পৰিৱেশ বিনষ্ট হয়। বিজ্ঞান শাখাৰ অন্তৰ্গত বিভাগসমূহত ‘বিশ্বকৰ্মা পূজা’ আয়োজন কৰাতো অত্যন্ত দুৰ্ভাগ্যজনক।। আমি প্ৰয়োজনতকৈ পৰম্পৰাৰ প্ৰতি বেছি আকৰ্ষণ অনুভৱ কৰোঁ। সেইয়ে বহুসংখ্যকে ক’ব পাৰে যে আমি পৰম্পৰাগতভাৱে পালন কৰি অহা এনে এটা অনুষ্ঠান বন্ধ কৰি দিয়াতো উচিত নহয়। এনে সংকীৰ্ণ মানসিকতাৰ ব্যক্তিসকলক উদ্দেশ্যি এটা কথা ক’লেই যথেষ্ট যে এসময়ত আমি নগ্ন হৈ আছিলোঁ, তাৰ পাছত গছৰ ছাল পিন্ধিছিলোঁ। অসমীয়া সমাজৰ চুৰিয়া, মেখেলা, চাদৰ পিন্ধাতো এটা পৰম্পৰা কিন্তু সম্প্ৰতি আমি চাৰ্ট, লংপেণ্ট, জিন্চ পৰিধান কৰিছোঁ। এনেধৰণৰ পৰম্পৰাৰ পৃষ্ঠপোষকসকলে পৰম্পৰা ৰক্ষাৰ বাবে আজি একবিংশ শতিকাত গছৰ বাকলি পৰিধান কৰিব নেকি? যদি নকৰে তেন্তে বিশ্বকৰ্মা পূজাৰ দৰে অশুভ পৰম্পৰা পালন কৰি অহাতো যুক্তিৰ কথা নহয়। কিছুমান পৰম্পৰা আছে যিবোৰ যুক্তিসংগত আমাৰ বাবে উপকাৰী আৰু উপযোগী। সেই পৰম্পৰাসমূহক আমি ধৰি ৰাখিব লাগিব। কিন্তু মূৰ্তি পূজাৰ দৰে অযুক্তিকৰ অনুপযোগী আৰু অপকাৰী এটা তথাকথিত পৰম্পৰাক পালন কৰি অহাতো আমাৰ বাবে হানিকাৰক।। পূজাৰ নামত কিছুসংখ্যক লোকে অত্যধিক ধনৰ অপচয়েৰে পৰোক্ষভাৱে নিজৰ আৰ্থিক স্বচ্ছলতাৰ প্ৰদৰ্শনৰ বৃথা প্ৰয়াস কৰে। কিন্তু সেইসকল ব্যক্তিৰ হাতত এজন ভিক্ষাৰীক দিবলৈ এটা খুচুৰা পইচাৰো অভাৱ। পূজাৰ নামত শেষ ৰাতি পৰ্যন্ত যুৱকসকলৰ যি উশৃংখলতা, নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন পৰিলক্ষিত হয়। সেইয়া এখন সমাজৰ সামাজিক বিকাশৰ ক্ষেত্ৰত এক প্ৰধান অন্তৰায়। অন্যহাতে জলাশয়ত মূৰ্তি বিসৰ্জনে যি প্ৰদূষণৰ সৃষ্টি কৰে, সেই সম্পৰ্কে আমি অৱগত।। ধৰ্মই সামাজিক বান্ধোন হেনো সুদৃঢ় কৰে। মানৱ সমাজত ধৰ্মক এক অবিচ্ছেদ্য অংগ বুলি কোৱা হয়। কিন্তু ধৰ্মৰ নামত যিবোৰ অনৈতিক আৰু সমাজৰ অপকাৰী কাম-কাজ হৈ আছে, সেইসমূহে সামাজিক বান্ধোন সুদৃঢ় কৰাৰ বিপৰীতে সমাজত বিভেদৰহে সৃষ্টি কৰে। ‘বিশ্বকৰ্মা পূজা’ আমি ইছলামধৰ্মী, খ্ৰীষ্টানধৰ্মী, হিন্দুধৰ্মী সকলোৱে একেলগে এই পূজাভাগ পালন নকৰো। ঠিক সেইদৰে বৰদিন উদ্যাপনৰ ক্ষেত্ৰতো আমি হিন্দু আৰু খ্ৰীষ্টানধৰ্মীলবীসকলে একেলগে গীৰ্জাত প্ৰাৰ্থনা নকৰো। গতিকে আমি কেনেদৰে ক’ব পাৰো যে ধৰ্মই সামাজিক বান্ধোন সুদৃঢ় নকৰে।যি সময়ত ঈশ্বৰৰ অস্তিত্ব আমি প্ৰমাণ কৰিব নোৱাৰো। সেই সময়ত এনেধৰণৰ পূজা-অৰ্চনাৰ প্ৰাসংগকিতা থকা বুলি ক’ব নোৱাৰো। আমি কাৰো ধৰ্মীয় অনুভূতিক আঘাত সানিব বিচৰা নাই। বৈজ্ঞানিক দৃষ্টিভংগী বা যুক্তি আৰু প্ৰমাণৰ ভিত্তিত আমি বিষয়টোক আলোকপাত কৰিছোঁ। আচলতে আমি নৱ প্ৰজন্মৰ বহুসংখ্যকে এনে ধৰণৰ কথাবোৰ চিন্তা কৰো কিন্তু সামাজিক বান্ধোনে এনেবোৰ চিন্তা প্ৰকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।


শাৰদীয় নৱৰাত্ৰি সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহেৰে পালন কৰা হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সর্ম্পূণ নটা ৰাতি আৰু দহ দিন ধৰি এই উৎসৱ পালিত হয়৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ নৱৰাত্ৰি উৎসৱ বিশেষকৈ শক্তি...


"Happy Birth Day to You..." সকলোৱে একেলগে গীতটি গোৱাৰ লগে লগে কণমানিটোক জ্বলি থকা মমকেইডাল নুমুৱাই দিবলৈ কোৱা হ'ল। শিশুটিয়ে ফুঁ মাৰি মমকেইডাল নুমুৱাই দিয়াৰ লগে লগে তাৰ হাতত এখন চুৰী দি কেক কাটিবলৈ দিলে আৰু উপস্থিতসকলে শিশুটিৰ হাতত বিভিন্নধৰণৰ উপহাৰ দি জন্মদিনৰ...


স্নেপশ্বট ১

কণমানিজনীয়ে কুচি মুচি কান্দি উঠিল। পিয়াহত আতুৰ হৈ সশব্দে কান্দিছে তাই। মাতৃৰ কোমল উমাল পৰশৰ পৰিৱৰ্তে তাইৰ গাত বগাই গৈছে এসোপা কুৎসিত সৰু সৰু পোক। আৱৰ্জনাৰ লেতেৰা পদাৰ্থই দুৰ্গন্ধি বিয়পাই তুলিছে তাইৰ আশে পাশে। কিছু দূৰত ৰৈ থকা ভোকাতুৰ...


অসম তথা অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা সমগ্ৰ বিশ্বৰ এক চিৰপৰিচিত সত্বা। বিশেষকৈ গীতৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতেই তেওঁৰ গীতৰ বিশ্বজনীন আৱেদনৰ কথা ক’ব পাৰি। এই সাৰ্বজনীন আৱেদনযুক্ত গীতৰ কথাত আৰোপ কৰা তেওঁৰ যাদুকৰী কণ্ঠই তেওঁৰ...

শিতানসমূহ