নৱৰাত্ৰি আৰু শাৰদীয় দূর্গা পূজাৰ তাৎপর্য তথা ইয়াৰ বিভিন্ন পৰম্পৰা


শাৰদীয় নৱৰাত্ৰি সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহেৰে পালন কৰা হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সর্ম্পূণ নটা ৰাতি আৰু দহ দিন ধৰি এই উৎসৱ পালিত হয়৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ নৱৰাত্ৰি উৎসৱ বিশেষকৈ শক্তি পূজাৰ বাবে উৎসর্গিত৷ এই নৱৰাত্ৰিত দেৱী দূর্গাৰ নটা বিভিন্ন অৱতাৰক পূজা কৰা হয়৷ দশম দিনটো বিজয়া দশমী বা দশেৰা বুলি জনাজাত আৰু সেইদিনা দেৱী দূর্গাক বিসর্জন দি বিদায় দিয়াৰ পাছতেই নৱৰাত্ৰি উৎসৱৰো সামৰণি পৰে৷

শৰৎ ঋতুৰ আগমনৰ সময়ছোৱা হৈছে দেৱী তথা শক্তি পূজা কৰিবৰ বাবে সর্বোত্তম তথা পবিত্ৰ ক্ষণ৷ নৱৰাত্ৰি উৎসৱত সেয়েহে দেৱী দূর্গাক শক্তিৰ ৰূপত পূজা কৰা হয়৷ গোটেই ন দিন ধৰি মা মহিষাসুৰমর্দিনিৰ পূজা-অর্চনাত ভক্তপ্ৰান ৰাইজ মগ্ন হৈ থাকে৷

শক্তিৰ বিভিন্ন ৰূপ তথা অৱতাৰ:

নৱৰাত্ৰি উৎসৱত শক্তিৰ নটা বিভিন্ন অৱতাৰক ভক্তই পূজা কৰে৷ বিভিন্ন ঠাইৰ পৰম্পৰা আৰু ৰীতি-নীতি অনুযায়ী ভিন্ন ৰূপত দেৱী পূজা পালিত হয়৷ শক্তিৰ বিভিন্ন অৱতাৰ সমূহ হৈছে- ১) দেৱী দূর্গা, ২) মা ভদ্ৰকালী, ৩) মা অম্বা বা জগদম্বা, ৪) অন্নপূর্ণা দেৱী, ৫) সর্বমংগলা, ৬) ভৈৰৱ, ৭) চন্দিকা, ৮) ললিতা, ৯) ভৱানী, ১০) মূকঅম্বিকা৷

ভাৰতবর্ষৰ ভিন্ন প্ৰান্তত এই উৎসৱ উদযাপনৰ নিয়ম-নীতি তথা প্ৰথা বেলেগ বেলেগ৷ উত্তৰ ভাৰতত গোটেই ন দিন উপবাস কৰি ৰাইজে পূজা পালন কৰে৷ বিহাৰ, পশ্চিমবংগ, অসম আদি ৰাজ্যত নৱৰাত্ৰিৰ শেষৰ তিনি দিন জাক-জমকতাৰে পালিত হয়৷ এইকেইখন ৰাজ্যত দূর্গা পূজা বছৰটোৰ এক ডাঙৰ উৎসৱ৷ পশ্চিম ভাৰতত বিশেষকৈ গুজৰাটত নৱৰাত্ৰিৰ সময়ত গাৰবা আৰু দান্ডিয়া নৃত্য প্ৰদর্শিত হয়৷ যোৱা কিছুবছৰৰ পৰা গুজৰাট চৰকাৰে নৱৰাত্ৰি উৎসৱ নিয়মিতভাবে ন দিন ধৰি অনুষ্ঠিত কৰি আহিছে৷ এই উৎসৱ বিদেশত থকা ভাৰতীয় মূলৰ লোকৰ মাজতো সমানে জনপ্ৰিয়৷

কেৰেলাত নৱৰাত্ৰিৰ শেষৰ তিনিদিনত অর্থ্যাৎ অষ্টমী নৱমী তথা বিজয়া দশমীত সৰস্বতী পূজা পালন কৰে যত কিতাপ-পুথি আদিৰ পূজা অর্চনা কৰা হয়৷ অষ্টমী দিনা সকলোৱে নিজৰ ঘৰত কিতাপ-পুথিৰ পূজা কৰে আৰু বিজয়া দশমীৰ দিনা সকলোৱে সৰস্বতী দেৱীৰ পুজা কৰাৰ পাছত কিতাপসমূহ পঢ়িবলৈ লয়৷সেইদিনা শিশুসকলক বিদ্যাৰম্ভ কৰোৱাৰ এক উপযুক্ত দিন বুলি জনবিশ্বাসত প্ৰচলিত৷ কেৰেলাত শিশুসকলক এই দিনটোতে বিদ্যাৰম্ভ কৰোৱা হয়৷ তেলেংগানা ৰাজ্যত নৱৰাত্ৰিৰ ন দিনত ৰাইজে ‘বাথুকাম্মা’ উংসৱ পালন কৰে৷

নৱৰাত্ৰিৰ প্ৰথম তিনি দিনঃ

নৱৰাত্ৰিৰ প্ৰথম তিনি দিনত দেৱীক মা দূর্গা আৰু মা কালীৰ ৰূপত পূজা কৰা হয়৷

নৱৰাত্ৰিৰ দ্বিতীয় তিনি দিনঃ

নৱৰাত্ৰিৰ দ্বিতীয় তিনি দিনত দেৱীক ধন-সম্পত্তি , এৈশ্বর্যৰ অধিকাৰী মা লক্ষ্মীৰ ৰূপত পূজা কৰা হয়৷

নৱৰাত্ৰিৰ শেষৰ তিনি দিনঃ

নৱৰাত্ৰিৰ শেষৰ তিনি দিনত দেৱীক বিদ্যা-বুদ্ধি আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী মা সৰস্বতীৰ ৰূপত পূজা কৰা হয়৷ জীৱনত সকলো ধৰণৰ সুখ-সমৃদ্ধি আৰু সফলতা পাবলৈ ভক্ত সকলে ন দিন ধৰি দেৱীক উক্ত তিনি ৰূপত পূজা কৰে৷ পৰম্পৰাগত ভাবে অষ্টমীৰ দিনা অসম তথা পশ্চিমবংগত দূর্গাঅষ্টমী ৰূপে পালন কৰা হয়৷ দক্ষিন ভাৰতৰ বিভিন্ন প্ৰান্তত নৱমীৰ দিনা সৰস্বতী পূজা পালন কৰে৷ উত্তৰ ভাৰতত দশমীৰ দিনা ৰামলীলা আৰু দশেৰা উৎসৱ পালিত হয় যত লোকসকলে ৰাবণ, মেঘনাথ আৰু কুম্ভকর্ণৰ প্ৰতিকৃতি দাহ কৰি ভগৱান ৰামচন্দ্ৰৰ লংকা জয়ৰ বিজয়উৎসৱ পালন কৰে৷

নৱৰাত্ৰিত পালন হোৱা বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাঃ

১) অক্ষয় বন্তি প্ৰজ্বলনঃ- নৱৰাত্ৰিৰ এক উল্লেখযোগ্য পৰম্পৰা হৈছে অক্ষয় বন্তি প্ৰজ্বলন৷ সম্পূর্ণ ন দিনৰ বাবে ইয়াক অক্ষয় ৰূপত ৰখা হয়৷ এই পৰম্পৰা পালন কৰিলে তলত উল্লেখ কৰা ধৰণে সুফল পাব পাৰি-ক) ঋণাত্মক শক্তিৰ মাত্ৰা হ্ৰাস পায়৷,খ) পৃথিৱীৰ সমগ্ৰ দৈৱিক শক্তি বন্তিৰ ৰশ্মিৰ পোহৰত আকর্ষিত হয় আৰু আশে-পাশে থকা সকলো লোককে ই উপকৃত কৰে৷,গ) বন্তিৰ পৰা নির্সগিত হোৱা ৰশ্মিৰ সহায়ত জীৱৰ অন্তৰাত্মা শুদ্ধ হয় আৰু মানসিক শান্তি লাভ কৰে৷

২) নৱৰাত্ৰিৰ দিনত উপবাসঃ- নৱৰাত্ৰিৰ দিনত উপবাস কৰা লোকসকলৰ অন্তৰাত্মাই সুফল লাভ কৰে আৰু ছয় ৰিপুৰ প্ৰভাৱ হ্ৰাস পায়৷ ফলত ই মানুহক সকলো দিশৰ পৰাই সুখ-সমৃদ্ধি আৰু সুফল প্ৰদান কৰে৷

৩) কুমাৰী পূজাঃ- কুমাৰী পূজা নৱৰাত্ৰি উৎসৱৰ এক অন্যতম পৰম্পৰা৷ এই উৎসৱত সম্পূর্ণ ন দিন ধৰি কুমাৰীক পূজা আৰু ভোগ দিয়া হয়৷ এজনী কুমাৰী ছোৱালী হৈছে প্ৰচন্ড শক্তিৰ ভৰাঁল আৰু তাইক পূজা কৰিলে সেই শক্তি সক্ৰিয় হয় আৰু ইয়াৰ দ্বাৰা ভক্তসকল লাভাম্বিত হয়৷

৪) দেৱীক নৈবেদ্য প্ৰদানঃ- নৱৰাত্ৰি উৎসৱত দেৱীক ভোগ আৰু নৈবেদ্য আগবঢ়োৱা হয়৷ এই নৈবেদ্যই বিশ্বব্ৰহ্মান্ডত থকা সকলো দৈৱিক শক্তিক আকর্ষিত কৰে৷ ভক্তসকলে এই নৈবেদ্য প্ৰসাদ হিচাবে গ্ৰহন কৰাৰ পাছতে তেওঁলোকৰ শৰীৰ আৰু আত্মাই শক্তি আৰু পূর্ণতা লাভ কৰে৷

যিকোনো ধর্মীয় অনুষ্ঠান বা উৎসৱ সকলো শ্ৰেণীৰ লোকৰ সহায়-সহযোগীতা তথা সক্ৰিয় অংশগ্ৰহনৰ দ্বাৰাহে সম্ভবপৰ হৈ উঠে৷ তাতে দূর্গা পূজা বা নৱৰাত্ৰিৰ দৰে এক ডাঙৰ উৎসৱ অনুষ্ঠিত কৰিবলৈ যাওঁতে সকলোৰে সহযোগ নিতান্তই বান্চনীয়৷ এনে উৎসৱে সামাজিক বান্ধোনো কটকটীয়া কৰে৷ কাৰণ বর্তমানৰ প্ৰতিযোগীতাৰ যুগত সকলোৱে নিজৰ ব্যস্ত কার্যসূচীৰে মাজত অলপ হলেও সময় উলিয়াই সমাজৰ সকলোৰে লগত মিলি ৰং-ৰইচ, হাঁহি-ধেমালি কৰিব পাৰে৷ প্ৰকৃততে সকলো মানুহৰে ব্যৱহাৰ আত্মনিয়ন্ত্ৰনশীল হব লাগে, কিন্তু সচাঁ অর্থত সেয়া নহয়গৈ৷ গতিকে এনে ধর্মীয় উৎসৱসমূহে মানুহক আত্মসংযমী হবলৈ উৎসাহ যোগায়৷ ইয়াৰ ওপৰিও বিজয়াদশমীত উদযাপন কৰা দশেৰাই অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ক প্ৰতিফলিত কৰে আৰু ই সুস্হ সামাজিক বাতাবৰণ সৃষ্টি কৰাত যথেষ্ট অৰিহনা যোগায়৷

আমাৰ ৰাজ্য অসমো বর্তমান বিভিন্ন সমস্যাত জর্জৰিত৷ বানপানী, গৰাখহনীয়া, হত্যা-হিংসাকে ধৰি ভিন্ন সমস্যাৰে ভাৰাক্লান্ত আমাৰ অসমী আই৷ এনে সমস্যাই ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে দেৱী দূর্গাৰ আগমনে যেন সকলো লোকলৈ কঢ়িয়াই লৈ আনে সুখ-সমৃদ্ধি আৰু শান্তিৰ বতৰা৷ মহিষাসুৰমর্দিনী দেৱী মাৰ চৰণত আমাৰ এয়ে প্ৰার্থনা৷


"Happy Birth Day to You..." সকলোৱে একেলগে গীতটি গোৱাৰ লগে লগে কণমানিটোক জ্বলি থকা মমকেইডাল নুমুৱাই দিবলৈ কোৱা হ'ল। শিশুটিয়ে ফুঁ মাৰি মমকেইডাল নুমুৱাই দিয়াৰ লগে লগে তাৰ হাতত এখন চুৰী দি কেক কাটিবলৈ দিলে আৰু উপস্থিতসকলে শিশুটিৰ হাতত বিভিন্নধৰণৰ উপহাৰ দি জন্মদিনৰ...


স্নেপশ্বট ১

কণমানিজনীয়ে কুচি মুচি কান্দি উঠিল। পিয়াহত আতুৰ হৈ সশব্দে কান্দিছে তাই। মাতৃৰ কোমল উমাল পৰশৰ পৰিৱৰ্তে তাইৰ গাত বগাই গৈছে এসোপা কুৎসিত সৰু সৰু পোক। আৱৰ্জনাৰ লেতেৰা পদাৰ্থই দুৰ্গন্ধি বিয়পাই তুলিছে তাইৰ আশে পাশে। কিছু দূৰত ৰৈ থকা ভোকাতুৰ...


অসম তথা অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা সমগ্ৰ বিশ্বৰ এক চিৰপৰিচিত সত্বা। বিশেষকৈ গীতৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতেই তেওঁৰ গীতৰ বিশ্বজনীন আৱেদনৰ কথা ক’ব পাৰি। এই সাৰ্বজনীন আৱেদনযুক্ত গীতৰ কথাত আৰোপ কৰা তেওঁৰ যাদুকৰী কণ্ঠই তেওঁৰ...


ঘৰ এখনৰ পৰা ল’ৰা এজন ওলাই যাওঁতে কোনেও ক’ত যায়, কিমান দেৰি হ’ব কেতিয়াও নোসোধে৷ সি ক’ত কি কৰি ঘূৰি ফুৰে জনাৰ কোনো প্ৰয়োজনেই নাই৷ ল’ৰা মানুহ, ছোৱালীৰ দৰে ঘৰতে সোমাই থাকিবনে?

স্বাধীনতা সকলোৱে বিচাৰে৷ চৰাই এটাইও বাঁহত আবদ্ধ থাকি ভাল নাপায়৷ ল’ৰা-ছোৱালী...

শিতানসমূহ