জন্মদিনৰ প্ৰাসংগিকতা


"Happy Birth Day to You..." সকলোৱে একেলগে গীতটি গোৱাৰ লগে লগে কণমানিটোক জ্বলি থকা মমকেইডাল নুমুৱাই দিবলৈ কোৱা হ'ল। শিশুটিয়ে ফুঁ মাৰি মমকেইডাল নুমুৱাই দিয়াৰ লগে লগে তাৰ হাতত এখন চুৰী দি কেক কাটিবলৈ দিলে আৰু উপস্থিতসকলে শিশুটিৰ হাতত বিভিন্নধৰণৰ উপহাৰ দি জন্মদিনৰ শুভেচ্ছা জনালে।

এয়া হৈছে বৰ্তমান আধুনিক সমাজৰ এক পৰিচিত দৃশ্য। বৰ্তমান সমাজত মাক-দেউতাক, আত্মীয়-স্বজন, পৰিয়ালৰ সকলোৱে মিলি মহা আড়ম্বৰেৰে এনেদৰে পালন কৰে নিজৰ সন্তানৰ জন্মদিন। কিন্ত এইখিনিতে এটা প্ৰশ্নৰ উদয় হয় যে প্ৰত্যেক বছৰে একলা দুকলাকৈ বাঢ়ি অহা শিশুটিৰ ওপজা দিনৰ দিনা এনেদৰে মম নুমুৱাই, কেক কাটি জন্মদিন পালন কৰা প্ৰথাটো সমীচিন নে, বিশেষকৈ এই ভাৰতবৰ্ষত? যি ভাৰতীয় সংস্কৃতিত যিকোনো পৱিত্ৰ দিন, উৎসৱ-পাৰ্ৱণত চাকি বন্তি জ্বলাই দীপকেৰে আলোকিত কৰা চৌদিশ, সেই মহান ভাৰতবৰ্ষৰ নাগৰিক হৈ এনেদৰে এটা পৱিত্ৰ দিনত জ্বলি থকা মমবাতি ফুঁ মাৰি নুমুৱাইদি জন্মদিন পালন কৰাটো উচিতনে? অন্যান্য বহুক্ষেত্ৰত দেখা যায় যে কোনো শুভ কাৰ্যত আগবঢ়াৰ আগতে চাকি বন্তি জ্বলাই মানুহে মংগল কামনা কৰে আৰু কামত আগবাঢ়ে। তেনেস্থলত জন্মদিন উদযাপন কৰা কণমানিটোক মমকেইডাল বা বন্তিগছি নুমুৱাই দিবলৈ দিয়াৰ অৰ্থ কি? তাৰ সলনি যদি শিশুটিক প্ৰত্যেকবছৰে তাৰ জন্মদিনৰ দিনা ৰাতিপুৱা এটা গছপুলি ৰোপণ কৰিবলৈ দিয়া হয়, নাইবা মাক দেউতাকে কোনো অনাথ আশ্ৰম বা তেনে কোনো ঠাইলৈ শিশুটিক লৈ যায়, তেতিয়া হয়তু সি কিছু লাভৱান হ'ব, কিছু কথা অনুভৱ কৰিব পৰাৰ লগতে মানসিকভাৱেও সবল হ'ব। অথবা তাক যদি সেই দিনটোত কোনো মন্দিৰলৈ নি বা ঘৰত হ'লেও কোনো দৰিদ্ৰ মানুহক বা মগনীয়াক দান দিবলৈ শিকোৱা হয়, তেতিয়াও শিশুটিৰ মানসিক, বৌদ্ধিক, আধ্যাত্মিক আদি দিশৰ বিকাশ সাধন হব বুলি ধাৰণা হয়। তাৰোপৰিও, শিশুটোৰ জন্মদিনৰ দিনা যদি মাক দেউতাকে ঘৰলৈ কেইজনমান ভকত মাতি আনি নাম-কীৰ্তন কৰে, বা নামঘৰত চাকি বন্তি জ্বলাই শিশুটিক লগত লৈ সেৱা কৰে, তেতিয়াও হয়তু শিশুটিৰ ধৰ্মীয় দিশৰ কিছু উৎকৰ্ষ সাধন হ'ব।

গতিকে পশ্চিমৰ দেশৰ পৰা গ্ৰহণ কৰা এই ৰীতিবোৰ বাদ দি যদি এটা সূস্থ, সবল, ৰুচিবোধসম্পন্ন পৰিৱেশৰ সৃষ্টি কৰি শিশুটি লাভৱান হোৱাকৈ তাৰ জন্মদিনটো পালন কৰা হয়, তেতিয়াহে শিশুটোৰ সৰ্বতোদিশৰ বিকাশ সাধন হ'ব, তথা জন্মদিন পালন কৰাৰ সাৰ্থকতা হ'ব বুলি মই ভাবোঁ।


ঘৰ এখনৰ পৰা ল’ৰা এজন ওলাই যাওঁতে কোনেও ক’ত যায়, কিমান দেৰি হ’ব কেতিয়াও নোসোধে৷ সি ক’ত কি কৰি ঘূৰি ফুৰে জনাৰ কোনো প্ৰয়োজনেই নাই৷ ল’ৰা মানুহ, ছোৱালীৰ দৰে ঘৰতে সোমাই থাকিবনে?

স্বাধীনতা সকলোৱে বিচাৰে৷ চৰাই এটাইও বাঁহত আবদ্ধ থাকি ভাল নাপায়৷ ল’ৰা-ছোৱালী...


জনসাধাৰণৰ কাৰণে কৰা কিছুমান অভিনৱ আৰু আচহুৱা আৱিষ্কাৰ আৰু নতুন চিন্তাৰ দ্বাৰা কিছুসংখ্যক বিশেষ ব্যক্তিয়ে সমাজত বিশেষভাৱে স্থান পায়। আৱিষ্কাৰসমূহৰ দ্বাৰা জনমানসত সৃষ্টি কৰে বিৰল আলোড়ণৰ। সাধাৰণতে বিজ্ঞানী বা গণিতজ্ঞসকল নিজৰ গৱেষণাৰ বিষয়ৰ ভিতৰতে ব্যস্ত থাকে। সেয়ে তেওঁলোক সাধাৰণৰ মানুহৰ সংস্পৰ্শলৈ খুব কম...

শিতানসমূহ