অৰ্ধ আকাশ আমি


স্নেপশ্বট ১

কণমানিজনীয়ে কুচি মুচি কান্দি উঠিল। পিয়াহত আতুৰ হৈ সশব্দে কান্দিছে তাই। মাতৃৰ কোমল উমাল পৰশৰ পৰিৱৰ্তে তাইৰ গাত বগাই গৈছে এসোপা কুৎসিত সৰু সৰু পোক। আৱৰ্জনাৰ লেতেৰা পদাৰ্থই দুৰ্গন্ধি বিয়পাই তুলিছে তাইৰ আশে পাশে। কিছু দূৰত ৰৈ থকা ভোকাতুৰ কুকুৰ কেইটাই তাইৰ কান্দোনৰ দিশে আগবাঢ়ি আহিল। সন্মুখত কণমানিজনীৰ কোমল লোভনীয় শৰীৰ দেখি ফপৰা কুকুৰ কেইটাৰ পৰা পৰি ৰৈছে ক্ষুধাৰ টোপাল।

স্নেপশ্বট ২

জপিয়াই উঠিল তাই। তাইৰ আটাইতকৈ মৰমৰ খুৰাক আহিছে। খুৰাকক যে তাই ইমান ভালপায়! উলাহতে আকৌ এবাৰ জাপ মাৰি উঠিল তাই। ফুটফুটীয়া ফ্ৰকটোৰে সঁচাই বৰ মৰমলগাজনী হৈ উঠিছে তাই। দৌৰ মাৰি একেকোবে অকলশৰে বহি থকা খুৰাকৰ কোঁচত উঠি ললেগৈ। খুৰাকক যে কিমান কথা কবলগীয়া আছে তাইৰ! কিন্তু এয়া কি? তাইৰ গাত যেন বগাবলৈ ধৰিছে খুৰাকৰ দুখন ধাৰাল হাত।

স্নেপশ্বট ৩

এবুকু ভালপোৱাৰে ভৰি আছে তাইৰ হৃদয়খন তাৰ বাবে। প্ৰথম প্ৰেমৰ অনুভূতিবোৰ সঁচাকৈয়ে বৰ মধুৰ হয়। আৰু আজি! তাক ইমান নিবিড়ভাবে পোৱাৰ সুযোগ তাই কেতিয়াও এৰিব নোৱাৰে। ক্লাচততো বহু কথাই থাকি যায়। আজি যেন সকলো হিয়া উজাৰি ক'ব তাই। মাক দেউতাকৰ অনুপস্থিতিত তাৰ কেইজনমান বন্ধুৰ সৈতে সি তাইকো নিমন্ত্ৰণ কৰিছিল তাৰ ঘৰলৈ। আৰু এয়া তাৰ কোঠাত সি আৰু তাই। কিন্তু, তাই যেন গোটেইখন ধুঁৱলী-কুঁৱলী দেখিছে। মূৰটো গধুৰ হৈ আহিছে। গিলাছত থকা শীতল পানীয়খিনি খোৱাৰ অলপ পিছত তাই ক্ৰমশ অৱশ হৈ আহিছে। সি আৰু তাৰ বন্ধু কেইজনৰ বেঁকা হা্ঁহিটোত যেন কিবা এক ৰহস্য সোমাই আছে।

স্নেপশ্বট ৪

প্ৰেম বিবাহ হৈছিল তাৰ। আচলতে ঠিক বিবাহ নহয়। পলাই গৈছিল তাই। ঘৰখনে তাক গ্ৰহণ কৰা নাছিল। তথাপি, সিহঁতৰ প্ৰেমক যুগ্ম জীৱনৰ স্বীকৃতি দিবলৈ তাই গুচি আহিছিল তাৰ কাষলৈ ওৰে জীৱনৰ বাবে। দোভাগ ৰাতি এহাত দীঘল ওৰণিৰে তাৰ হাতত ধৰিয়ে তাই আহিছিল তাৰ ভগা জুপুৰিটোলৈ, দুচকুত অলেখ সপোন লৈ। দুটা কণমানিৰে এখন সৰু সুখৰ সংসাৰ গঢ় দিয়াৰ সপোন আছিল তাইৰ। আৰ্থিকভাৱে স্বচ্ছল ঘৰ এখনৰ পৰা আহি দৰিদ্ৰ পৰিয়াল এটাত অভিযোজনৰ বাবে যথেষ্ট কষ্ট হৈছিল। সকলো সহি গৈছিল মাথো তাৰ বাবে। আৰু আজি! যি দুখন হাতেৰে আঁকোৱালি লৈছিল তাইক, সেই দুখন হাতৰ আঘাতত কঁপি উঠে তাইৰ সৰ্বসত্তা। আৰু ক্ৰমশ তাইৰ দিনবোৰ গৈ থাকে স্বামীৰ অশ্লীল গালি গালাজ আৰু মাৰ পিটেৰে।

স্নেপশ্বট ৫

আজিকালি শৰীৰতো ভাগৰুৱা যেনেই লাগি থাকে তাইৰ। অৱশ্যে বয়সো হৈছে যথেষ্ট। প্ৰায় সত্তৰৰ ওচৰা ওচৰি। স্বামীৰ মৃত্যুৰ পিছৰ পৰা দিনবোৰ যেন অধিক আমনিদায়ক হৈ পৰিছে। তথাপিও সুখী হোৱাৰ প্ৰয়াস কৰিছে তাই। সুখী নহবই বা কিয়? এজন সুযোগ্য পুত্ৰ, বোৱাৰী আৰু নাতিৰে ভৰা ঘৰ তাইৰ। সুযোগ্য বুলি নিশ্চয়কৈ কব লাগিব পুত্ৰক। ৰাস্তাৰ কাষত নিজ জন্মদাত্ৰী মাতৃক আবৰ্জনা স্তূপত পেলাই থৈ যাব পৰা জন জানো নিশ্চয়কৈ সুযোগ্য নহয়!

কিছু ব্যক্তিগতঃ

আমি নাৰী। নাৰী হোৱাৰ সকলো গৌৰৱেৰে গৌৰাৱান্বিত হব খোজো আমি। আমিও বিচাৰো জীৱনৰ আকাশত ৰামধেনুৰ সাতোৰঙী ৰহণ সানিবলৈ, বিচাৰো সময় বালিত যুগমীয়া পদচিহ্ন ৰাখিবলৈ আৰু বিচাৰো সঁচা মৰম আৰু ভালপোৱাৰ এখন জীয়া হৃদয়।

কি ভুলৰ বাবে জন্তুৰ আহাৰ হ'ল সেই মৰমলগা কণমানিজনী? ফুটফুটিয়া ফ্ৰক পিন্ধা অকণমানিজনীৰো জানো আছিল কোনো ভুল? প্ৰথম মৰমৰ আৱেশ অথবা জীয়া যৌৱনৰ তুমুৰলি প্ৰেমক বিশ্বাস কৰাটোৱেই আছিলনে তাইৰ প্ৰকৃত ভুল? কিয় বাদ পৰি নগ'ল জন্মদাত্ৰী মাতৃও নিজ পুত্ৰৰ আতিশয্যৰ পৰা? হৃদয়ৰ আপোনজনক বিশ্বাস কৰাটো জানো আমাৰ ভুল? বিশ্বাসঘাটক হৈ পৰে যেতিয়া আপোনকন তাতকৈ নিষ্ঠুৰ জানো থাকিব পাৰে আন কিবা? আপোনজনৰো আঁচোৰ লাগি ৰক্তাক্ত হৈ উঠিছে ঈশ্বৰ শ্ৰেষ্ঠ সৃষ্টি নাৰী। অতি সাম্প্ৰতিক কালৰ এই ঘটনাৰাজিৰ প্ৰেক্ষাপটত নাৰীক 'অৰ্ধ আকাশ' বুলি আখ্যা দিয়াৰ সঁচাকৈয়ে অৱকাশ আছেনে??


ঘৰ এখনৰ পৰা ল’ৰা এজন ওলাই যাওঁতে কোনেও ক’ত যায়, কিমান দেৰি হ’ব কেতিয়াও নোসোধে৷ সি ক’ত কি কৰি ঘূৰি ফুৰে জনাৰ কোনো প্ৰয়োজনেই নাই৷ ল’ৰা মানুহ, ছোৱালীৰ দৰে ঘৰতে সোমাই থাকিবনে?

স্বাধীনতা সকলোৱে বিচাৰে৷ চৰাই এটাইও বাঁহত আবদ্ধ থাকি ভাল নাপায়৷ ল’ৰা-ছোৱালী...


জনসাধাৰণৰ কাৰণে কৰা কিছুমান অভিনৱ আৰু আচহুৱা আৱিষ্কাৰ আৰু নতুন চিন্তাৰ দ্বাৰা কিছুসংখ্যক বিশেষ ব্যক্তিয়ে সমাজত বিশেষভাৱে স্থান পায়। আৱিষ্কাৰসমূহৰ দ্বাৰা জনমানসত সৃষ্টি কৰে বিৰল আলোড়ণৰ। সাধাৰণতে বিজ্ঞানী বা গণিতজ্ঞসকল নিজৰ গৱেষণাৰ বিষয়ৰ ভিতৰতে ব্যস্ত থাকে। সেয়ে তেওঁলোক সাধাৰণৰ মানুহৰ সংস্পৰ্শলৈ খুব কম...


‘জোৰ যাৰ মুলুক তাৰ’আছিল আদিতেই গঢ় লোৱা শোষণৰ স্বৰূপ। শক্তিশালীজনে দুৰ্বলীজনৰ ওপৰত যুগে যুগে প্ৰভূত্ব বিস্তাৰৰ চেষ্টা কৰি আহিছে। কিন্তু মুক্তিকামী মানুহে প্ৰতি মুহূৰ্ততে স্বতন্ত্ৰতা আৰু গোষ্ঠীসত্ত্বাক জীয়াই ৰাখিবলৈ সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে। বন্যৰ পৰা সমাজলৈ, ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ, আমোলা ব্যৱস্থাৰ পৰা বৰ্তমানৰ মুক্ত সমাজ...

শিতানসমূহ