ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ


অসম তথা অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকা সমগ্ৰ বিশ্বৰ এক চিৰপৰিচিত সত্বা। বিশেষকৈ গীতৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতেই তেওঁৰ গীতৰ বিশ্বজনীন আৱেদনৰ কথা ক’ব পাৰি। এই সাৰ্বজনীন আৱেদনযুক্ত গীতৰ কথাত আৰোপ কৰা তেওঁৰ যাদুকৰী কণ্ঠই তেওঁৰ গীতক আৰু অধিক অনন্য ৰূপত তুলি ধৰিছে। হাজৰিকাৰ বহুবোৰ গীতত মানৱতাৰ জয়গানৰ অনুৰণন শুনা যায়। যি সময়ত সমাজৰ মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় হৈছে, দুনীতি, ভ্ৰষ্টাচাৰ, অসামাজিকতা আৰু অপৰাধ প্ৰৱণতাই মানৱ সমাজ অন্ধকাৰাছন্ন কৰি তুলিছে, যি সময়ত সকলো দিশৰপৰাই মানৱতাবাদৰ ভূ-লুণ্ঠিত হৈছে, হত্যা-হিংসাৰ বিভীষিকাই সমাজ চানি ধৰিছে ঠিক তেনে এক সময়তে হাজৰিকাই সুদীৰ্ঘ কাল জুৰি মানৱতাৰ জয় গান প্ৰচাৰ কৰিছে। তেওঁৰ প্ৰায়বোৰ গীততেই ইয়াৰ ঘ্ৰান পোৱা যায়। একপ্ৰকাৰে মানুহৰ অস্তিত্ব, সমাজত মানুহৰ স্থান, মানৱ জীৱনৰ ৱাস্তৱ সমস্যা, আৰু মানৱ প্ৰীতিয়েই হাজৰিকাৰ গীতৰ মূল উপজীব্য বুলিব পাৰি। তেওঁ গীতৰ মাধ্যমেৰেই ক্ষয়িষু, অধঃপতনমুখী মানৱসমাজত মানৱতাক এক উচ্চ আসনত প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। ভূপেন হাজৰিকাই কিয় গীত গাইছে, কিয় গীত লিখিছে তাৰ লক্ষ্য আৰু উদ্দেশ্য স্পষ্ট। হাজৰিকাৰ প্ৰায়বোৰ গীতৰ প্ৰতিপাদ্য বিষয় মানুহ আৰু মানৱতা।১ সেই কথা হাজৰিকাই গীতৰ জৰিয়তে নিজেই স্বীকাৰ কৰি গৈছে- ‘মানৱতা মোৰ প্ৰিয় বিষয় ভাবিলেও সুখ আনন্দ হয়’ । আনকি ক’ৰবাত যদি বিহুতলীৰ সমদল গীতো গাব লগা হৈছে তাতো তেওঁ মানুহ আৰু মানৱতাৰ কথা ক’বলৈ পাহৰা নাই। মুঠৰ ওপৰত হাজৰিকাৰ গীতত মানৱতাৰ জয়গন মানুহ মাত্ৰেই উপলব্ধি কৰিব পাৰে। হাজৰিকাৰ গীতত মানৱতাবাদৰ সুৰ কেনেদৰে ধ্বনিত হৈছে সেয়া আলোচনা কৰাৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি।আসামান্য প্ৰতিভাৰ অধিকাৰী ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে সকলো গীত ইমান কম পৰিসৰতে সামৰা সম্ভৱ নহয়। আধ্যয়নৰ সীমাবদ্ধতালৈ লক্ষ্য ৰাখি হাজৰিকাৰ মাত্ৰ কেইটিমান নিৰ্বাচিত গীতৰ আধাৰতহে এই আলোচনা প্ৰস্তুত কৰা হৈছে।

গীতিকাৰ হিচাপে ভূপেন হাজৰিকা :

গীত আৰু মানুহৰ আজন্ম সম্পৰ্ক। গীতে মানুহক বিভিন্ন সময়ত সংগ দিয়াৰ লগতে মানসিক তৃপ্তিও প্ৰদান কৰে। এই ক্ষেত্ৰত গীতৰ কথা আৰু সুৰৰ সমাহাৰৰ কথা ক’ব লাগিব। গীতৰ কথাত সঠিক সুৰাৰূপে গীতৰ সৌন্দৰ্য বৃদ্ধি কৰে। আধুনিক অসমীয়া গীতি-সাহিত্যত জ্যোতিপ্ৰসাদ, বিষুপ্ৰসাদৰ পাচতেই ড০ হাজৰিকাৰ স্থান বুলি ক’ব পাৰি।ভূপেন হাজৰিকাই এটি সাংগীতিক পৰিৱেশৰ মাজেৰে ডাঙৰ হৈছিল। নিচেই কুমলীয়া বয়সতে ভূপেন হাজৰিকাৰ অসাধাৰণ সাংগীতিক প্ৰতিভাই জ্যোতিপ্ৰসাদ আৰু বিষুপ্ৰসাদ ৰাভাৰ চকুত ধৰা দিছিল। তেওঁ শিপ্লী দুগৰাকীৰ তত্ত্বাৱধানতে আঠ-দহমান বয়সতে সেই সময়ত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰা ‘শোণিতকুঁৱৰী’ নাটকৰ স্ত্ৰীকণ্ঠৰ গীতবোৰ গোৱাৰ সুবিধা পাইছিল।২ তাৰ পাচতেই তেওঁ জয়মতী আৰু ইন্দ্ৰমালতী কথাছবি দুখনতো গীত গাবলৈ পাইছিল।গীতৰ মাজেৰেই প্ৰকাশ পাইছে ভূপেন হাজৰিকাৰ ব্যক্তিত্বৰ বিশালতা। ভূপেন হাজৰিকাই তেওঁৰ অক্ষয় অমৰ গীতৰাজিৰে অসম আৰু অসমীয়াৰ এক স্পষ্ট পৰিচয় দিৱলৈ সক্ষম হৈছে। তেওঁৰ গীতসমূহত আছে লুইতৰ পৰা আটলান্টিকালৈ উজাই-ভটিয়াই যাব পৰা অনুভৱ আৰু উপলব্ধিৰ বিশালতা। পঞ্চাচৰ দশকৰ আৰম্ভণিৰ পৰাহে অনন্য সাধাৰণ সংগীতকাৰ স্বৰূপে ভূপেন হাজৰিকাৰ প্ৰতিভা ক্রমান্বয়ে প্ৰকাশিত হ’বলৈ ধৰে।৩ জ্যোতিপ্ৰসাদৰ সাৰ্থক উত্তৰ সাধক হাজৰিকাই তেখেতৰ সাংগীতিক আদৰ্শক পৰিপূৰ্ণভাৱে বাস্তৱত ৰূপায়িত কৰিলে আৰু তাৰ পৰিধি বহুখিনি বিস্তৃত কৰিলে। যৌৱন কালতে আমেৰিকাত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশত ভ্ৰমণকালত পশ্চিমীয়া সংগীতৰ সৈতেও তেওঁৰ সম্যক পৰিচয় ঘটে। ভাৰতীয় আৰু পশ্চিমীয়া এই দুয়োটা সংগীত ধাৰাৰ জ্ঞান আৰু অভিজ্ঞতাই তেওঁৰ অসাধাৰণ সৃষ্টিশীল প্ৰতিভাক সজাক আৰু সক্রিয় কৰি তোলে। তেওঁ সমসাময়িক অসমীয়া সংগীতৰ প্ৰচলিত বিষয়বস্তু আৰু সংযোজন ৰীতিৰ পৰা ফালৰি কাটি গৈ এটি স্বকীয় বৈশিষ্ট্যপূৰ্ণ সংগীতৰ নতুন ধাৰাৰ সৃষ্টি কৰিলে। অসমৰ থলুৱা গীত-মাতৰ উপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ গীত মাত আৰু প্ৰকাশভংগীৰ সমন্বয় ঘটাই কিছুমান অগতানুগতিক আৰু সুমধুৰ সুৰৰ সৃষ্টিৰে তেওঁ অসমীয়া আধুনিক গীতৰ দিগন্ত ভালেখিনি প্ৰসাৰিত কৰিলে। পল ৰবচনৰ দৰে সংগ্ৰামী শিপ্লীক লগ পোৱাৰ পাছৰেপৰাই তেওঁৰ মনত প্ৰতিবাদী প্ৰৱণতাৰ ধাৰা জাগ্ৰত হৈ পৰিল। শ্ৰেণীবৈষম্য আৰু সামাজিক শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, দলিতৰ প্ৰতি সহানুভূতি আৰু সাধাৰণ মানুহৰ সুখ দুখৰ অনুভূতি তেওঁৰ গীতসমূহত অন্তৰস্পৰ্ষীকৈ ফুটি ওলাইছিল।ভূপেন হাজৰিকাই অসমীয়া জাতিটোক এক সূকীয়া ৰূপত প্ৰতিষ্ঠা কৰিলে। অসমীয়াৰ চিৰ চিনাকি পিৰালিৰ কাষৰ কচু, ঢেকীয়া, খুতৰা, খৰিচা, বিলাহী, মানিমুনি, মাটিকাদুৰী, কলখাৰনী, নেমু, জলকীয়া আদি তেওঁৰ গীতৰ বিষয়বস্তু হৈ পৰিছে। এই বিলাকে তেওঁৰ গীতক মানুহৰ কাষলৈ লৈ যোৱাত আৰু আধিক সহায় কৰিছে। এই বিলাকৰ উপৰিও বহ্মপুত্ৰ, শীতৰ সেমেকা ৰাতি, গংগা, পদ্মা, পুৰুষ, নাৰী, যুৱতী অনামিকা গোস্বামী,চিলঙৰ গালং, আলসুৱা মেঘ, ধুমুহা, ধৰিত্ৰী আদি বিভিন্ন বিষয়বস্তুৰ প্ৰাচুৰ্য ড০ হাজৰিকাৰ গীতত দেখা যায।

ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ :

অসমীয়া গীতি সাহিত্যৰ ভঁৰাল চহকী কৰাত চৰ্যাপদৰ সময়ৰেপৰা মহাপুৰুষ শংকৰ-মাধৱকে আদি কৰি বিভিন্নজনে অৱদান আগবঢ়াই আহিছে। এই ক্ষেত্ৰত গুৰুদুজনাৰ পাছতেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষুপ্ৰসাদ ৰাভাৰ নাম ল’ব পাৰি। তেওঁলোক প্ৰত্যেকৰে গীত অসমীয়া গীতিসাহিত্যৰ একোখিলা সোণালী পাত বুলিব পাৰি। ই বিলাকে অসমীয়া গীতি-সাহিত্যৰ ভঁৰাল মেটমৰা কৰি ৰাখিছে।ভূপেন হাজৰিকাৰ গীতৰ মূল প্ৰেৰণা হ’ল মানুহ। মানুহক ভাল পোৱাৰ বাবেই তেওঁ নিজৰ দেশখনকো ভাল পাব পাৰিছিল। সেয়ে তেওঁ প্ৰকৃতাৰ্থত এজন দেশপ্ৰেমিক। অসমৰ বিভিন্ন অঞ্চলত বসতি কৰা বিভিন্ন জনগোষ্ঠীয় লোকসকলক তেওঁ শ্ৰদ্ধা আৰু আদৰ কৰিছিল। যাযাবৰী জীৱন কটোৱা ভূপেন হাজৰিকাই পৃথিৱীৰ বহু মানুহৰ সংস্পৰ্শলৈ আহি মানুহৰ জীৱনৰ মহত্ত্ব উপলব্ধি কৰিব পাৰিছিল। সেয়ে তেওঁৰ গীতত মানৱতাবাদৰ সুৰৰ গুঞ্জণ শুনা যায়।হাজৰিকাৰ অধিকাংশ গীততেই মানৱতাবাদৰ প্ৰকাশ স্পষ্ট। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা আৰু মনৰ জগতখনৰো পৰিবৰ্তন হ’বলৈ ধৰে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানুহক যন্ত্ৰ সদৃশ কৰি তুলিলে। মানুহৰ মনত মানৱীয় প্ৰমূল্যবোধৰ অবক্ষয় হ’বলৈ ধৰিলে। সমাজখনত দুনীতি-ভ্ৰষ্টাচাৰে বেৰি ধৰিলে, সকলো দিশৰ পৰা মানৱতাবাদৰ ভূলুণ্ঠিত হ’বলৈ ধৰিলে। সেই সময়তে ভূপেন হাজৰিকাই মানৱতাৰ জয়গান গাবলৈ ধৰিলে। ফলত তেওঁৰ গীতসমূহে অসমীয়া মানুহৰ স্বভাৱসুলভ এলাহ আৰু সন্তুষ্টিৰ বিপৰীতে অসমীয়া মানুহৰ মনলৈ বোৱাই আনিলে এক নতুন উদ্দীপনা।ভূপেন হাজৰিকাৰ মানৱতাবাদ প্ৰকাশ পোৱা এটি উল্লেখযোগ্য গীত হৈছে ‘মানুহে মানুহৰ বাবে’। গীতটি ৰচনাৰ উদ্দেশ্য আছিল ১৯৬০ চনত ভাষা আন্দোলনত অসমীয়া আৰু অনাঅসমীয়াৰ মাজত যি সংঘাত হৈছিল সেয়া নিৰাময় কৰা।৫ মানুহে নিজকেই জীৱশ্ৰেষ্ঠ বুলি ভাৱে। কিন্তু জীৱশ্ৰেষ্ঠ মানুহেই মানুহৰ জীৱনৰ মূল্য বুজি নাপায়। আজিৰ পৃথিৱীত মানুহৰ জীৱনৰ মূল্য নাইকীয়া হৈ পৰিছে। সামান্য কথাতেই মানুহক হত্যা কৰা হয়। গোষ্ঠীসংঘৰ্ষত কিমান মানুহৰ মৃত্যু হ’ল তাৰ হিচাপ নাই। কত মাতৃৰ বুকু শুদা হ’ল, কিমান বোৱাৰী অকালতে যে বিধ্বৰ সাজ পিন্ধিবলগা হ’ল। দোষীতকৈ নিৰীহ লোকৰ মৃত্যুৰ সংখ্যাই বেছি। সেয়েহে তেওঁ উপলব্ধি কৰিছে যে মানুহেই যদি মানুহৰ কথা চিন্তা নকৰে তেনেহলে কোনে কৰিব? সেয়ে তেওঁ এই গীতটিত গাইছে-মানুহে মানুহৰ বাবেযদিহে অকনো নাভাবেঅকণি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া....--- মানুহে নিজৰ পথৰ পৰা পিচলি পৰিলেই দানৱৰ শাৰীত ভৰি দিব লাগে। তেওঁ মানুহৰ এই অৱদমনক চাব নোখোজে, চাব খোজে মানুহৰ উত্তৰণক। সেয়ে তেওঁ এই গীতটিত মানৱতাবাদ সুন্দৰ ভাৱে প্ৰকাশ পাইছে।ভূপেন হাজৰিকাৰ মানৱতাবাদ প্ৰকাশ ঘটা আন এটা গীত হৈছে ‘দোলা হে দোলা ’। এই গীতটিৰ মাজেৰে মানুহৰ মনত বিদ্ৰোহ, আবেগ, অনুভূতি জগাই তুলি একতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল। এই গীতটি বিদ্ৰেহী হ’লেও ইয়াত মানৱতাবাদ আৰু সাম্যবাদৰ ধ্বনিও স্পষ্ট। গীতটি সমাজৰ শোষিত আৰু নিষ্পেষিত মানুহৰ মুক্তিৰ বাবেই ৰচনা কৰিছে। সৰ্বহাৰা হোৱা এজন দোলাভাৰীৰ অন্তৰ্দাহ গীতটিৰ মূল উপজিব্য। এই গীতটিত হাজৰিকাৰ সৃষ্টিশীল প্ৰতিভাই সুৰৰ বহুতো খেলা খেলিছে।দেশে স্বাধীনতা লাভ কৰিছে যদিও প্ৰকৃত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজিও দোলাভাৰীয়ে যেন বৰ মানুহৰ দোলা কঢ়িয়াই ফুৰিছে। বৰ্তমান সময়ত দোলাৰ ব্যৱহাৰ নাই যদিও সমাজৰ দুখীয়া শ্ৰমিক শ্ৰেণীটোৰ ওপৰত এতিয়াও শোষণ কাৰ্য চলিয়েই আছে। সমাজৰ উচ্চ অভিজাত শ্ৰেণীৰ পৰা এই সাধাৰণ লোকসকল যুগে যুগে শোষিত, বঞ্চিত আৰু নিষ্পেষিত হৈ আহিছে। কিন্তু মানুহ হিচাপে এই দোলাভাৰীসকলৰ বুকুতো বহু আশা আকাংক্ষা আৰু সপোন আছে। এনেবোৰ কথাতেই এই যুগজয়ী গীতটি ৰচিত। এই গীতটিৰ মাজেৰে তেওঁ বণুৱা শ্ৰমিক শ্ৰেণীটোৰ দুখ-দুৰ্দশাৰ এখন সুন্দৰ প্ৰতিছবি অংকন কৰিছে। গীতটিৰ শেষত ‘ওখকৈ পাহাৰৰ টিঙত উঠিছো খোজটি ভালকৈ মিলা ’--- কথাষাৰৰ মাজেৰে বিপ্লৱ সুচনাৰ অনুৰণন শুনা যায়। এজন দোলাভাৰীৰ এটা ভৰিও যদি পিছলি যায় তেন্তে অঘটন ঘটিব পাৰে। অৰ্থাৎ দোলাৰ ভিতৰত আৰামত টোপনিয়াই যোৱা মানুহজনৰ হাড়-মূৰ ভাঙিব পাৰে। সেয়ে এই গীতটোৰ জৰিয়তে তেওঁ সমাজৰ শ্ৰমিক শ্ৰেণীৰ জীৱনৰ মূল্য অনুধাৱন কৰিবলৈ সকলোকে আহ্বান কৰিছে। কাৰণ এই শ্ৰমিক শ্ৰেণীৰ অবিহনে সমাজখন আগুৱাই যাব নোৱাৰে। সমাজত এই লোকসকলৰ অৱদান অপৰিসীম। গতিকে এই গীতটিৰ জৰিয়তে তেওঁ সমাজৰ এই শ্ৰমিক শ্ৰেণীৰ জীৱনৰ মহত্ত্বক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদৰ প্ৰকাশ ‘শীতৰে সেমেকা ৰাতি ’ শীৰ্ষক গীতটিৰ জড়িয়তেও বিচাৰ কৰি চাব পাৰি। সৰ্বহাৰাৰ দুখ-যন্ত্ৰণাৰ এখন স্পষ্ট ছবি তেওঁৰ এই গীতৰ মাজেৰে প্ৰকাশ পাইছে। অৰ্থনৈতিকভাৱে দুৰ্বলজনৰ মনোবেদনা তেওঁৰ গীতত মূৰ্ত হৈ উঠিছে। এগৰাকী দ্বায়বদ্ধ শিপ্লী হিচাপে হাজৰিকাই সমাজৰ সকলো সংস্কাৰৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছিল। দৰিদ্ৰ মানুহৰ প্ৰতি থকা দৰদ আৰু আকুল হৃদয়ৰ বাবেই তেওঁ শীতৰ সেমেকা ৰাতিত কেৱল তুঁহ জুইকুৰাই সৰ্বস্ব হোৱা বস্ত্ৰবিহীন খেতিয়কৰ উত্তাপ হ’ব খোজে। স্বাধীনতা লাভৰ পাছতো একাংশই প্ৰচণ্ড শীততো এডোখৰ কাপোৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তাৰেই এক মনোৰম চিত্ৰ এই গীতটিত পোৱা যায়।অন্ন, বস্ত্ৰ আৰু বাসস্থান এই তিনিটা মৌলিক প্ৰয়োজনৰ বাবেও আজি বহুতে সংগ্ৰাম কৰিবলগা হৈছে। বুভুক্ষা বহুতৰে জীৱনৰ লগৰী হৈ পৰিছে। যিসকলে জীৱন যুজঁত জয়ী হ’ব পৰা নাই তেওঁৱেই এনবোৰ পৰিস্থিতিৰ মুখামুখী হ’ব লগা হৈছে। দৰিদ্ৰতাই মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলে। কিন্তু সমাজৰ শোষক শ্ৰেণীটোৱে এই কথা বুজি নাপাই। তেওঁ সংখ্যালঘুজনৰ নিৰাপত্তা আৰু কণ্ঠৰুদ্ধ গায়কৰ এটি সুধাকণ্ঠ হ’ব খোজে। গীতটোৰ মাজেৰে সেইসকল লোকৰ মনোবেদনাৰ জীৱন্ত প্ৰকাশ পোৱাৰ লগতে মানুহৰ প্ৰতি থকা তেওঁৰ অনুভূতি সুন্দৰভাৱে প্ৰকাশ পাইছে।হাজৰিকাৰ মানৱতাবাদ প্ৰকাশ পোৱা আন এটি গীত হৈছে ‘শৈশৱতে ধেমালীতে ’। বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ন ন আবিষ্কাৰে মানুহৰ জীৱন-যাপন পদ্ধতিক অতি আৰামদায়ক কৰি তুলিছে। ধন সম্পত্তিয়ে মানুহৰ পৰম সত্যৰূপে চিহ্নিত হৈছে। সমাজত মনুষ্যত্বতকৈ ধন-সোণক অধিক গুৰুত্ব দিয়া দেখা গৈছে। আজিৰ সমাজত মানৱীয় মহৎ গুণ আৰু মূল্যবোধৰ কোনো মূল্য নোহোৱা হৈ পৰিছে। সেয়ে ভূপেন হাজৰিকাই এনে পশ্চাৎগামী সমাজ ভাঙি এখন সুন্দৰ সমাজ গঢ়িব খুজিছিল, য’ত ধন-সোণতকৈ মানুহৰ মূল্য অধিক। এই কথা তেওঁ গীতেৰেই প্ৰকাশ কৰিছে-জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছেয’ত সোণতকৈ মানুহৰ দাম অলপ হ’লেও বেছি আছে ...এনেদৰে ভূপেন হাজৰিকাই মানুহৰ মৃত্যুকাতৰ যণা দেখি মানুহৰ কল্যাণ ভিক্ষা কৰি মানুহক মানুহৰ মহত্ত্বৰ শিক্ষা দি দূৰ্বল-দুখীয়া মানুহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান কৰি বহুতো গীত ৰচনা কৰিছিল।

উপসংহাৰ :

কিশোৰ কালৰেপৰাই থলুৱা সুৰৰ সৈতে পৰিচয় থকা ভূপেন হাজৰিকাই আমেৰিকাত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ পশ্চিমীয়া সংগীতৰ সুৰৰ আমদানি কৰে। ভাৰতীয় আৰু পশ্চিমীয়া এই দুয়োটা সুৰৰ জ্ঞানে ভূপেন হাজৰিকাৰ আসাধাৰণ সৃষ্টিশীল প্ৰতিভাক সজাগ আৰু সক্রিয় কৰি তোলে। বিদেশৰ পৰা উলতি আহি সমসাময়িক অসমীয়া সংগীতৰ প্ৰচলিত বিষয়বস্তু আৰু সংযোজনাৰ ৰীতিৰ পৰা ফালৰি কাটি গৈ তেওঁ স্বকীয় বৈশিষ্ট্যপূৰ্ণ এটি নতুন সংগীতৰ ধাৰা সৃষ্টি কৰিলে। অসমৰ থলুৱা গীত মাতৰ উপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ গীত-মাত আৰু প্ৰকাশভংগীৰ সমন্বয় ঘটাই কিছুমান অগতানুগতিক আৰু সুমধুৰ সুৰৰ সৃষ্টিৰে ভূপেন হাজৰিকাই অসমীয়া আধুনিক সংগীতৰ দিগন্ত ভালেখিনি প্ৰসাৰিত কৰিলে। তেওঁৰ গীত সৰ্বজন সমাদৃত হোৱাৰ মূলতেই মানৱতাৰ জয়গান বুলি ক’লেও বঢ়াই কোৱা নহয়। মুঠৰ ওপৰত আধুনিক অসমীয়া গীতি সাহিত্যত মানৱতাৰ জয়গান ভূপেন হাজৰিকাইৰ গীতৰ জৰিয়তে সুন্দৰকৈ বিচাৰ কৰি ছাব পাৰি।

প্ৰসংগসূত্ৰ নিৰ্দেশ :

১ বন্তি গগৈ হাওবৰা : ভূপেন্দ্ৰজ্যোতি, পৃষ্ঠা : ১১৭

২ তফজ্জুল আলি : অসমীয়া আধুনিক গীতৰ সংগীতকাৰসকল, পৃষ্ঠা : ৩৫

৩ উল্লিখিত : পৃষ্ঠা : ৩৬

৪ বন্তি গগৈ হাওবৰা : ভূপেন্দ্ৰজ্যোতি, পৃষ্ঠা : ৩৬

৫ উল্লিখিত : পৃষ্ঠা : ১১৬

গ্ৰন্থপঞ্জী :

আলি, তফজ্জুল : অসমীয়া আধুনিক গীতৰ সংগীতকাৰসকল, প্ৰকাশক,ডক্টৰ জগদীশ পাটগিৰি, অসম সাহিত্য সভা, চন্দ্ৰকান্ত

সন্দিকৈ ভৱন যোৰহাট ,৭৮৫০০১, প্ৰকাশ কাল : ১৭ ফেব্ৰুৱাৰী, ২০০৫ খ্ৰীষ্টাব্দ

দাস, শোণিত বিজয়, বায়ন, মুনিন (সম্পা.) : কথা বৰেণ্য ১০০, কথা, প্ৰথম প্ৰকাশ : ২০০৬

দত্ত, দিলীপ কুমাৰঃ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, বনলতা, পানবজাৰ গুৱাহাটী-১,পঞ্চম সংস্কৰণ : ডিচেম্বৰ,২০১১

হাজৰিকা, ভূপেন : গীতাৱলী, সূৰ্য হাজৰিকা শৈক্ষিক ন্যাস,চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱাহাটী-৭৮১০০৫, তৃতীয় সংস্কৰণ : ২০১০

হাজৰিকা, ইভা : মৰমৰ ভূপেন দা…, সূৰ্য হাজৰিকা শৈক্ষিক ন্যাস,চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱাহাটী-৭৮১০০৫, প্ৰথম প্ৰকাশ : ২০১৪


পৰিৱৰ্তনশীলতা যিহেতু ভাষাৰ স্বাভাৱিক ধৰ্ম, পৰিৱৰ্তনশীলতাৰ পৰা অসমীয়া ভাষাও আঁতৰি থাকিব পৰা নাই। ভৌগোলিক, সামাজিক, ৰাজনৈতিক আদি কাৰণৰ লগতে ভিন্ন ভাষাৰ প্ৰভাৱ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন আদিৰ কাৰণবশত পৰিৱৰ্তন পৰিলক্ষিত হয়। ভাষাৰ ক্ষয়িষু ৰূপৰ প্ৰধান কেন্দ্ৰস্থল হ’ল আমেৰিকা। আমেৰিকান বৰ্ণাশুদ্ধিয়ে...


প্ৰতিবছৰে ১৭ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে। উল্লেখযোগ্য এই বিশেষ পূজাভাগ অনুষ্ঠিত কৰা কোনো নিৰ্দিষ্ট অসমীয়া বা ভাৰতীয় দিন, তাৰিখ, সময় নাই। সেইটো এটা বেলেগ প্ৰসংগ। আমি মানৱ বিৱৰ্তন সম্পৰ্কে অৱগত। এক দীৰ্ঘ ...


শাৰদীয় নৱৰাত্ৰি সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহেৰে পালন কৰা হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সর্ম্পূণ নটা ৰাতি আৰু দহ দিন ধৰি এই উৎসৱ পালিত হয়৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ নৱৰাত্ৰি উৎসৱ বিশেষকৈ শক্তি...


"Happy Birth Day to You..." সকলোৱে একেলগে গীতটি গোৱাৰ লগে লগে কণমানিটোক জ্বলি থকা মমকেইডাল নুমুৱাই দিবলৈ কোৱা হ'ল। শিশুটিয়ে ফুঁ মাৰি মমকেইডাল নুমুৱাই দিয়াৰ লগে লগে তাৰ হাতত এখন চুৰী দি কেক কাটিবলৈ দিলে আৰু উপস্থিতসকলে শিশুটিৰ হাতত বিভিন্নধৰণৰ উপহাৰ দি জন্মদিনৰ...


স্নেপশ্বট ১

কণমানিজনীয়ে কুচি মুচি কান্দি উঠিল। পিয়াহত আতুৰ হৈ সশব্দে কান্দিছে তাই। মাতৃৰ কোমল উমাল পৰশৰ পৰিৱৰ্তে তাইৰ গাত বগাই গৈছে এসোপা কুৎসিত সৰু সৰু পোক। আৱৰ্জনাৰ লেতেৰা পদাৰ্থই দুৰ্গন্ধি বিয়পাই তুলিছে তাইৰ আশে পাশে। কিছু দূৰত ৰৈ থকা ভোকাতুৰ...


ঘৰ এখনৰ পৰা ল’ৰা এজন ওলাই যাওঁতে কোনেও ক’ত যায়, কিমান দেৰি হ’ব কেতিয়াও নোসোধে৷ সি ক’ত কি কৰি ঘূৰি ফুৰে জনাৰ কোনো প্ৰয়োজনেই নাই৷ ল’ৰা মানুহ, ছোৱালীৰ দৰে ঘৰতে সোমাই থাকিবনে?

স্বাধীনতা সকলোৱে বিচাৰে৷ চৰাই এটাইও বাঁহত আবদ্ধ থাকি ভাল নাপায়৷ ল’ৰা-ছোৱালী...


জনসাধাৰণৰ কাৰণে কৰা কিছুমান অভিনৱ আৰু আচহুৱা আৱিষ্কাৰ আৰু নতুন চিন্তাৰ দ্বাৰা কিছুসংখ্যক বিশেষ ব্যক্তিয়ে সমাজত বিশেষভাৱে স্থান পায়। আৱিষ্কাৰসমূহৰ দ্বাৰা জনমানসত সৃষ্টি কৰে বিৰল আলোড়ণৰ। সাধাৰণতে বিজ্ঞানী বা গণিতজ্ঞসকল নিজৰ গৱেষণাৰ বিষয়ৰ ভিতৰতে ব্যস্ত থাকে। সেয়ে তেওঁলোক সাধাৰণৰ মানুহৰ সংস্পৰ্শলৈ খুব কম...


‘জোৰ যাৰ মুলুক তাৰ’আছিল আদিতেই গঢ় লোৱা শোষণৰ স্বৰূপ। শক্তিশালীজনে দুৰ্বলীজনৰ ওপৰত যুগে যুগে প্ৰভূত্ব বিস্তাৰৰ চেষ্টা কৰি আহিছে। কিন্তু মুক্তিকামী মানুহে প্ৰতি মুহূৰ্ততে স্বতন্ত্ৰতা আৰু গোষ্ঠীসত্ত্বাক জীয়াই ৰাখিবলৈ সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে। বন্যৰ পৰা সমাজলৈ, ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ, আমোলা ব্যৱস্থাৰ পৰা বৰ্তমানৰ মুক্ত সমাজ...

শিতানসমূহ