আড্ডা


কাৰণটো এইটোৱেই যে দুয়োজন বন্ধু লগ হোৱাৰে পৰাই এইমাত্ৰ এখন বেচ অন্তৰংগ আলাপ আৰম্ভ হৈ গ’ল। তেনে সময়ত পৰিবেশটো ইমানেই জমি উঠিল যে কোনো শ্ৰেষ্ঠ দাৰ্শনিকৰ তত্বগধুৰ আলোচনাকো আপুনি নিৰিবিলি সময়ত পাহৰি যাবলৈ চেষ্টা কৰিব। আন্দাজ কৰি ল’ব পাৰে, কি এক দামী আড্ডা এই সময়ত তেওঁ দুজনৰ মাজত চলিব লাগিছে!

দুয়োজন বন্ধু যথেষ্ট চহকী। উচ্চশিক্ষাও কোনো খ্যাতিসম্পন্ন বিশ্ববিদ্যালয়ৰ পৰাই লাভ কৰা। গতিকে হাৰ্ভাড, কৰ্ণেল অথবা কলিকতাৰ কোনো উচ্চ প্ৰতিষ্ঠানৰ বেছি জনপ্ৰিয় ছাত্ৰবোৰেও সিহঁত দুয়োকে চেৰ পেলাব নোৱাৰে বুলি গৰ্ব কৰি আহিছে। অইনহাতে দুয়ো যিকোনো সময়তেই শ্ৰেষ্ঠ বিষয়ৰ ওপৰত আলোচনা অথবা তৰ্ক কৰি ভাল পায়। পিছে কেতিয়াবা জনপ্ৰিয় কিতাপবোৰত দখল থকা হেতুকে দুয়ো নিজকে বখানি তেনে সময়ত যথেষ্ট হাল্লাও কৰে।

আমাৰ এই দুয়োজন বন্ধু বেচ দেখনিয়াৰো। দুয়োৰে যিকোনো ষ্টাইল আৱিষ্কাৰ কৰিবলৈ কোনো কঠিন প্ৰচেষ্টাৰ প্ৰয়োজন নাই। পিন্ধনত দুয়ো একেবাৰে সৰল। পিছে দ্বিতীয়জনে যিকোনো ভদ্ৰলোকৰ টুপী পৰিধান কৰি ভাল পায়। অৱশ্যে এয়া কোনো ষ্টাইল বুলি তেওঁ ফোপজহী মাৰিব নোখোজে। কিন্তু ক’লা কোটটোক তেওঁ বেছিভাগ সময়তে ব্যৱহাৰ কৰে।

প্ৰথমজনৰ ডিঙিৰ পৰা নাভিৰ তিনি ইঞ্চিমান তললৈ এডাল বগা বৰণৰ টাইয়াৰ। তেওঁ ক্ষীণ হ’লেও তাক প্ৰায়েই পছন্দ কৰে। তেওঁ মূৰৰ চুলিখিনিৰ যতন লয়। কিন্তু সাধাৰণ কথাতে তেওঁৰ খং উঠাৰ নিয়ম আছে। তেওঁৰ ডিঙিত কায়দা কৰি বনোৱা এটা উজ্জ্বল টাটু জঘন্য মুষ্টি খেলুৱৈবোৰে যেনেদৰে ৰাখে, তেনেধৰণৰ। তেওঁৰ কপালৰ সিৰবোৰ অলপ কোঁচখোৱা। ঠিক ডাঙৰ কোম্পানীৰ কম কম বেতন লাভ কৰা কৰ্মচাৰীৰ দৰে। অৱশ্যে আমাৰ দ্বিতীয়জনৰ দৰে তেওঁ ক’লা বৰণৰ কোট পিন্ধিবলৈ প্ৰায়েই ইচ্ছা কৰে।

যিটো পৰিবেশত তেওঁলোক দুজনে আড্ডাখন উদ্যাপন কৰিছে তাত কোনো অট্টালিকাৰ মহলবোৰৰ দৰে সৌন্দৰ্য মুঠেই ফুটি উঠা নাই। পিছে ব্যস্ততাৰ মাজতো দুয়ো তেনে এক পৰিবেশত এনেকুৱা আৰামত বহি পৰিছে যে সেয়া এক আকৰ্ষণীয় বৈঠকেই হৈ পৰিছে।

আচলতে এটা বিশৃংখল ৰূমৰ দৰেও ৰূমটোক সজোৱা হোৱা নাই। ৰূমটোৰ মাজতে এখন টেবুল। দেৱালত ভিনচেণ্টৰ কেইখনমান মলি লাগি অপৰিষ্কাৰ হোৱা চিত্ৰ। দেৱালৰ কাষতে এডোখৰ বিচনা। তাত এটা গাৰু আৰু এখন মখমলজাতীয় ৰঙা কাৰ্পেট পাৰি থোৱা আছে। টেবুলখন নতুন নহয়। ক’লা মলিৰে ওপৰৰ পৃষ্ঠখন একেবাৰে ডাঠ হৈ আছে। দুটা গিলাচ কিন্তু টেবুলৰ ওপৰত সুন্দৰকৈ সজাই থোৱা আছে। এটা ডাঙৰ চিচাৰ বটলত এবটল পানী টেবুলৰ তলত এতিয়াও আছে। সস্তীয়া মেকডুৱেলজাতীয় অথবা বিয়েৰৰ নিচিনা পানীয় দুয়ো কেতিয়াবা তাত গ্ৰহণ কৰে।

আমাৰ দুয়োজন বন্ধু অইনদিনাৰ দৰেই আজিও ইয়াতেই এখন টনকিয়াল আড্ডা মাৰিছে। গতিকে তেনেসময়ত কোনো অসুবিধাই নাই বুলিব পাৰি। পিছে দ্বিতীয়জনৰ সোঁফালে এখন পাত থকা খিৰিকীখনৰ মাজেৰে মাথো অকস্মাৎ এচাতি বতাহ বলি আহিছিল। কোনো এক জমি উঠা মুহূৰ্তত। ডিচেম্বৰ মাহত বলা এনে বতাহেও আমাৰ বন্ধু দুজনৰ আলাপত বিশেষ অসুবিধা দিব পৰা নাই।

ডিচেম্বৰ মাহৰ এনে এক ৰাতিত আমাৰ বন্ধু দুজনৰ আড্ডা চলি আছে যি সময়ত সৰু সৰু চহৰবোৰৰ বেছিভাগ মানুহেই শুই নিঃপাল দিয়ে। আগত বিয়েৰভৰ্ত্তি দুটা গিলাচেৰে সৈতে সেই সময়তে দুয়ো ৰোমাঞ্চ কৰিব লাগিছে। আমাৰ প্ৰথম বন্ধুক এই আড্ডাৰ মুহূৰ্তত যথেষ্ট মতলীয়া বোলাৰ লগতে খুউব ৰসিক বুলি কোৱাৰো যুক্তি আছে। কিয়নো তেওঁৰ কথাবোৰ এইখিনি সময়তেই ডাঙৰকৈ শব্দ কৰি সিঁচৰিত হৈ পৰিছে। তেওঁৰ ঘেৰঘেৰীয়া হাঁহিটোকো ইয়াত আমি লেখত ল’ব পাৰো। কিন্তু দ্বিতীয়জনহে আজি এনেদৰে বহি আছে যেন পাঁচ মিনিটৰ মূৰে মূৰে গভীৰ নিশা কঁপাই এটা চেৰেলা ফেঁচাইহে চিঞৰ মাৰিছে। অৱশ্যে তেনে সময়ত দুয়োজনক বিখ্যাত জাহাজৰ চহকী ভদ্ৰ মালিক যেনেই দেখা গৈছিল।

যিবোৰ বিষয়ত বন্ধু দুজনে দাৰ্শনিক ব্যাখ্যা আৰম্ভ কৰিছে সেইবোৰত যিকোনো শিক্ষিত লোকেই ভাগ ল’বলৈ চেলু বিচাৰি ফুৰিব, কিয়নো বিখ্যাত কিতাপৰ ওপৰত দিয়া কিছুমান সমালোচনাৰ মাজতে প্ৰশংসাই এনে জেউতি চৰাইছে যে সেয়া এক আকৰ্ষণীয় আলোচনালৈ ৰূপান্তৰিত হৈ গৈছে।

আমাৰ বন্ধু দুজনৰ প্ৰথমজনে যিকোনো বিষয়ৰ কিতাপ ভাল পায় অথবা প্ৰশংসা কৰিব খোজে। গতিকে এই সময়ৰ জমি উঠা আড্ডাখনত তেওঁ কিতাপৰ প্ৰসংগ হিচাপে ‘দি পিজেণ্টছ’খনকে টানি অনাটোকে উচিত হ’ব বুলি ভাবিলে। ভাৱনাতে তেওঁ বেচ উত্তেজিত হৈ উঠিল। লগে লগে বন্ধুক উদ্দেশ্যি কৈয়েই পেলালে আপুনি বাৰু বাইল্ডছলোৰ দি পিজেণ্টছ কেতিয়াবা পঢ়িছে নেকি? আড্ডাখনৰ ঠিক এই সময়তে আমাৰ দ্বিতীয়জনে মুখলৈ বিয়েৰভৰ্ত্তি গিলাচ টানিবলৈ সাজু হৈছে। তদুপৰি নানান ভাৱনাই তেওঁৰ মগজু ভৰাই পেলাইছে। তেওঁৰ ঘৰত যোৱা কিছুদিনৰ পৰা চিৰিয়াছ গোলমালেই হৈ আছে। কিয়নো তেওঁৰ পত্নীয়ে নতুনকৈ আনি পৰিধান কৰা হাত কটা দীঘল ব্লাউজটো ইমান ফূৰ্তিত পিন্ধিছে যে তেওঁৰ চকু একেবাৰে কপালত উঠিছে। আচলতে তেওঁ তেনেধৰণৰ পোছাক ভাল নাপায়। পৃথিৱীৰ যিকোনো মহিলাক সেইবিধ পোছাক পিন্ধাৰ পোষকতা নকৰে। তেওঁ এনে ব্যক্তি যি বিখ্যাত হোটেলৰ আৱৰ্জনাবোৰৰ লগত সেইবোৰক জ্বলাই দিয়াটোকে সমৰ্থন কৰে।

এই মুহূৰ্তত কথাষাৰ আমাৰ দ্বিতীয়জন কাণত পৰোঁতেই গহীনভাবে কিবা এটা ভাৱনাত নিমগ্ন হৈ পৰিল। একেবাৰে ৰঙা নেজৰ ঘোঁৰাবোৰৰ দৰে। কিন্তু উত্তৰ দিয়াৰ আগতেই তেওঁ গিলাচৰ গোটেই পেগটো একেটা সোহাতে গিলি পেলালে আৰু গিলাচটো টেবুলত মিহিকৈ ৰাখি তেওঁক ক’লে পৃথিৱীৰ যিকোনোধৰণৰ কিতাপ পঢ়িলেও মই দ্বিতীয়বাৰ ‘দি পিজেণ্টছ’ নপঢ়ো। প্ৰকৃততে সমাজৰ নিম্নশ্ৰেণীৰ সমস্যাসোপাক মই সমূলি দেখিব নোৱাৰো। তাতকৈ মই আপোনাক অখ্যাত কবিৰ ৰোমন্থনৰ কবিতা এসোপাকে পঢ়িবলৈ পৰামৰ্শ দিম।

অৱশ্যে এই সময়তো আমাৰ দ্বিতীয়জনৰ মূৰত আউল লাগিয়েই আছিল। আড্ডাৰ মাজতে তেওঁক কিছুখিনি কথাই দ’কৈ ব্যতিব্যস্ত কৰি পেলাইছে। এই আড্ডাৰ সময়ত তেওঁ হয়তো এতিয়া নিজৰ পত্নীৰ কথাকেই ভাবিছে। যি সময়ত হয়তো তেওঁৰ পত্নীয়ে ওচৰৰ মালিকনীক কৈছে আমাৰ সেইজন যিকোনো কামতে একেবাৰে চিৰিয়াছ। মোৰ ব্লাউজটো মুঠেই ভাল নাপায়। তেওঁৰ ব্যৱসায়ত কিজানি ঘাটি হৈছে।

আড্ডাখন যদিও জমি উঠিছিল আমাৰ দ্বিতীয়জনৰ ঘৰুৱা এসোপামান সমস্যাই এই ক্ষণতে দেখা দিছেহি। এইবোৰ সমস্যা তেওঁৰ পুৰণি বাতবিষটোৰ দৰে নহয়। যোৱা কিছুদিনৰ পৰাহে এনেবোৰ সৰু সৰু সমস্যা পকনীয়াৰ দৰে সৃষ্টি হৈছে। পিছে ইবোৰো কম নহয়। আড্ডাৰ মাজত তেওঁৰ মনটোক ঘূৰাই লৈ ফুৰিছে। গতিকে এই সময়ত তেওঁ কিতাপৰ গভীৰতালৈ নোসোমোৱাটোকে ঠিক হ’ব বুলি বিবেচনা কৰাত লাগিল।

বন্ধুৰ এনে উত্তৰত প্ৰথমজনে গ্লাচটো আগবঢ়াই দিয়াটোকে চিন্তা কৰিলে। ঠিক এই সময়তে খিৰিকীখনৰ মাজেদি ভিতৰলৈ হোঁ হোঁৱাই বতাহ এচাতি সোমাই আহিল।

প্ৰথম বন্ধুৰ উপন্যাসৰ প্ৰতি যিদৰে বিশেষ নিচা আছে কবিতাতো ভাল আগ্ৰহ আছে। তেওঁ আজিলৈ যিমানখনি কবিতা পঢ়িছে প্ৰকৃতিৰ জয়গান গোৱাবিধেই সৰহ। কিন্তু সংস্কাৰ অথবা ব্যংগভাবে লিখাবিধো বেয়া নাপায়। অৱশ্যে অইনে ইয়াক কিমান ভাল পায় তেওঁ কোনোপধ্যেই নাজানে। গতিকে দ্বিতীয়জনৰ কবিতাপ্ৰীতিৰ কথা জানি সুধিয়েই পেলালে বাৰু কওঁকচোন ‘এবছালেম এণ্ড এচিটোফেল’খন পঢ়ি আপোনাৰ কি প্ৰতিক্রিয়া হৈছে?

প্ৰথমজনৰ প্ৰত দ্বিতীয়জন উধাতু খাই আহিল। তেওঁ ইতিমধ্যে চাৰিবাৰতকৈও অধিক কিতাপখন পঢ়িছে। গতিকে সেই তাত যে প্ৰচুৰ অভিজ্ঞতা আছে কোনো সন্দেহ নাই।সংস্কাৰৰ উদ্দেশ্যে লিখা তাৰ কবিতাবোৰ সকলো লোকৰ বাবেই প্ৰয়োজন আছে বুলি মই ভাবো। পিছে ড্ৰাইডেনে একে শিৰোনামেৰে কবিতাটো অতিশয় ব্যংগ কৰি পেলাইছে। দ্বিতীয়জনে ক’লে।মানে আপুনি ব্যংগক ভাল নাপায়?

দ্বিতীয়জন উচপিচাই উঠিল। কেৱল তেওঁৱে যে এনে হয় তেনে নহয়। ৰাজনীতিক আটাইতকৈ ঘিন কৰাজনেও হয়তো ইয়াক ভাল নাপাব। কিন্তু মোৰ পুথিখনত যথেষ্ট আকৰ্ষণ আছে। কাৰণ মই বুজাৰ দিনৰে পৰাই ৰাজনীতিক একেবাৰে ভাল নাপাওঁ। আপোনাৰ সৈতে মই এই বিষয়ত একমত। মোৰো ৰাজনীতিৰ প্ৰতি বিশেষ আকৰ্ষণ নাই। যদিও মোৰ দেউতাৰ বাপেক এজন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি আছিল; মোৰ পিছে তেওঁলোকৰ আচৰণ মুঠেই পছন্দৰ নহয়। প্ৰথমজনে টপৰাই ক’লে। আড্ডাখন আকৌ জমি উঠিল।

আমাৰ দ্বিতীয়জন বন্ধু আকৌ কিবা ভাৱনাত বিভোৰ হ’বলৈ গৈ আছে। ঘৰুৱা চিন্তাই সম্ভৱতঃ হ’ব পাৰে। ক’বলৈ গ’লে এইবোৰ সমস্যাত অতিশয় চেঙেলী গিৰীয়েকবোৰো প্ৰায়ে ফঁচি যোৱা দেখা যায়। অইন এচামটো পুৰামাত্ৰাই গভীৰ হৈ পৰে। খুউৱসম্ভৱ দ্বিতীয়জনো পিচৰ চামৰে ব্যক্তি। গতিকে তেওঁ আৰু আগবাঢ়িব খোজা নাই। কিয়নো এই সময়ত যিকোনো কিতাপৰ প্ৰসংগই মগজু গৰম কৰি দিব পাৰে বুলি তেওঁৰ বিশ্বাস হৈ গ’ল।

ইতিমধ্যে নিশা দহ বাজি পাৰ হৈ গৈছে। চাৰিওফালৰ পৰিবেশো ক্রমে নিজম পৰিবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত অইন ব্যক্তি এনে আলোচনাত যে অধৈৰ্য হৈ যাব তাত কোনো সন্দেহ নাই।

এটা পাত নথকা পুৰণি খিৰিকীখনৰ বাহিৰত জ্বলি থকা ইলেক্ট্রিক বাববোৰ এতিয়া নুমাল। কাৰেণ্ট গ’লত খিৰিকীখনৰ চিন জপোৱাৰ দৰে হৈ গ’ল। পাতলীয়া মৌচুমী যেন এজাক ভিতৰলৈ আকৌ সোমাই আহিল। বতাহজাকে দুয়োকে সামান্য আক্রমণ কৰিলে। গতিকে প্ৰথমজনে কোটৰ গলাটোৰ ভাজটো মেলি ডিঙিৰ সৈতে লগাই দিলে। দ্বিতীয়জনে টুপীটো টানি কাণ দুখন ভালদৰে ঢাক খুৱাই ল’লে।

এই নিজম পৰিবেশত আমাৰ দুই বন্ধুৰ আড্ডাখন ম্লান পৰা অৱকাশেই আহিব নোৱাৰে। দুয়োৰে এইধৰণৰ অভ্যাস ভালেদিন পুৰণি। সেয়েহে প্ৰথম বন্ধুৱে দ্বিতীয়জনৰ গ্লাচত আকৌ মাল ঢালি দিলে। পৰিবেশটো পাতল হৈ গ’ল। প্ৰথমজনে আকৌ আৰম্ভ কৰিলে আপুনি বাৰু ‘টেছ অৱ দি ডাৰবাৰভাইলছ’খনৰ নাম শুনিছেনে? যুৱাৱস্থাত ইয়াৰ কাৰণেই মই এবাৰ নিৰাশাবাদী হৈ পৰিছিলো। কিতাপখন মোৰ ওচৰত এতিয়াও আছে। আপুনি যদি পঢ়া নাই নিব পাৰে। মোৰ ধাৰণা ভাল কলিজাৰ ব্যক্তিকো এইখনে বিবৰ্ণ কৰি তুলিব পাৰে।

এই সময়তো হয়তো আমাৰ দ্বিতীয়জন ঘৰুৱা চিন্তাতেই গধুৰ হৈ আছে. যিহেতু বন্ধুৰ উত্তৰ দিবলৈ গৈও তেওঁ থমকি ৰ’ল। অৱশ্যে বিয়েৰভৰ্ত্তি গিলাচটো তেতিয়াও হাতৰ পৰা এৰাই যোৱা নাই।যিখন কিতাপৰ কথা মোক সুধিছে সেইখন আচলতে ছোৱালী বোলা মানুহচামে পঢ়াই অনুচিত। তেনে কিতাপ মই মোৰ নাতিনীকো পঢ়িবলৈ নিদিম। আপুনি জানেনে? পঁচিশ কি ছাবিবশ নৌহওঁতেই মই কিতাপখন ফিনিছ কৰি দিছিলো। এতিয়া মোৰ তাত নিচা নাই। মোৰ পত্নীয়েও হয়তো দ্বিতীয়বাৰ ইয়াক নপঢ়িব। গতিকে আপুনি সেইসৱ কিতাপৰ কথা এতিয়া নুলিয়াব আৰু মোক দ্বিতীয়বাৰ নক’ব।

তেওঁৰ কথা শুনি প্ৰথমজনৰ মুখৰ পৰা ঘেৰঘেৰীয়া হাঁহি এটা ওলাই গ’ল। লগে লগে বন্ধুক যিমান পাৰি ধন্যবাদ জনালে। কথাটো হ’ল যে, কিতাপখন তেওঁৰ নিজৰ বাবেও আমনিদায়ক হৈ পৰিছিল।

ৰাতি যিমান গভীৰ হৈ আহিল দ্বিতীয়জনৰ মানসিক অন্তৰ্দ্বদ্বইও আড্ডাৰ মাজতে মূৰত গোলাকাৰ ৰূপ ল’লেহি। তেওঁ পত্নীৰ কথাবোৰ আগতীয়াকৈ ভাবিছে। তেওঁ যদিও ক্ষীণ কিন্তু ছোৱালীজনী যথেষ্ট শকত। এই সময়ত মাকে ছোৱালীজনীৰ যতন কিদৰে লৈছে তাকে ভাবি তেওঁ আৰু ব্যাকুল হৈ পৰিল তেওঁৰ একমাত্ৰ ল’ৰাটো যথেষ্ট উৎপতীয়া। সি হয়তো এতিয়া মাকৰ গাৰ ওপৰতেই ভৰি দুখন তুলি শুই আছে।

এইবোৰ কথাই আমাৰ বন্ধুজনক বেচ মচগুল কৰি তুলিলে। তেওঁ আৰু এতিয়া বাহিৰা কথাৰ প্ৰতি আগ্ৰহী নহয়। তেওঁৰ মুখখনো ক্রমান্বয়ে জাপ খাই আহিল। এইবাৰ কিন্তু তেওঁৰ গিলাচটোত এতিয়াও আধামান বিয়েৰ বাকী ৰৈয়েই আছে। পিচে তাক কোনোপধ্যেই এৰি নিদিয়ে। যদিও পত্নীৰ ওপৰত খং উঠিছিল তথাপি গিলাচটো লাহে লাহে মুখৰ ওচৰলৈ লৈ গ’ল।

নিশা এঘাৰ বাজি পাৰ হোৱাৰ পিছতো আমাৰ প্ৰথম বন্ধু ৰোমাঞ্চিত হৈয়েই আছে। তেওঁ ভাবিছে এওঁক মই এইবোৰ কিতাপৰ কথা এইবাৰ একেবাৰেই নুসুধিম। যিবোৰ তেওঁ ইতিমধ্যে ফিনিছ্ কৰি পেলাইছে। এওঁক অইন বিখ্যাত কিহবাৰ কথাই সোধাই ভাল হ’ব যিবোৰ তেওঁ আজিলৈকে পঢ়িবলৈ অকণো আহৰিয়েই পোৱা নাই।

সময় যোৱাৰ লগে লগে নিশাও সজীৱ হৈ আহিল এইবাৰ বাহিৰত বলা বতাহজাকৰ শব্দ ভালদৰেই শুনা গ’ল। সম্ভৱতঃ এই সময়ত চুবুৰীয়া বেছিভাগ লোকেই গভীৰ টোপনিত মগ্ন। কোনোৱে হয়তো কম্বলখনৰ তলতে ভাল সপোনো দেখিছে আৰু হয়তো চক্মক খাই ভাবিছে - এনে ঠাণ্ডাত সস্তীয়া কোম্পানীবোৰৰ কম্বলবোৰৰ উম ইমানেই কম পোৱা যায় যে একেবাৰে ভাল সপোনবোৰো নষ্ট হৈ যায়।

আচলতে পৰিবেশটো নিজমেই হৈ আহিছিল। ডিচেম্বৰৰ এনেকুৱা ৰাতিত সাধাৰণতে অতিপাত ঠাণ্ডা বতাহ বলে। কোনো কোনো ঠাইত বৰফো পৰে। বিশেষকৈ শীতপ্ৰধান দেশৰ কথাই নকওঁ। এইবোৰ দেশৰ বেছিভাগ ভিক্ষাৰী ঠাণ্ডাতে মৰে। সেই দেশৰ প্ৰশাসনেও কোনো ব্যৱস্থা হাতত নলয়।

আকৌ ভাবিছো যে আমাৰ বন্ধু দুজনৰ আড্ডাখনত যদিও ঘৰুৱা প্ৰসংগই হঠাতে দেখা দিছেহি তথাপি ইয়াত বিশেষ অসুবিধা হোৱা যেন লগা নাই। দ্বিতীয়জনৰ মুখখনহে সামান্য বিবৰ্ণ যেন দেখা গৈছিল। অইনহাতে কপালৰ সিৰাকেইডালো জিলিকি উঠিছিল। ডিচেম্বৰ মাহৰ কুঁৱলীসনা ৰাতিত তেওঁৰ মুখমণ্ডলৰ সেই দৃশ্য বাবৰ পোহৰতো আমাৰ প্ৰথমজনাৰ দৃষ্টিগোচৰেই নহ’ল। বিয়েৰৰ নতুন পেগৰ নিচাই পৰিবেশটোক আকৌ অকণমান উত্তেজিত কৰি তুলিলে। প্ৰথম বন্ধুজনে এইবাৰ হাল্লা কৰাও দেখা গ’ল। তেওঁ দ্বিতীয়জনক উদ্দেশ্যি গৰ্বৰে ক’লে শুনিছেনে পৃথিৱীৰ আটাইতকৈ সুন্দৰী তিৰোতাবোৰৰ ভিতৰত মোৰ পত্নীও এনে এগৰাকী যিজনীয়ে যৌৱন কালত মোক একদম মতলীয়া কৰি তুলিছিল। সেয়ে এবাৰ মই তাইক ৰঙা ফিটাৰে বন্ধা গোলাপৰ থোপা এটা উপহাৰ দিছিলো। তেতিয়া মই এনেকুৱা অনুভৱ কৰিছিলো যেন ডিঙি মেলি পূৰ্ণিমাৰ জোনটোক সাৱতি ল’ব খুজিছো। কিন্তু আজিকালি তাইৰ প্ৰতি মোৰ সেই আকৰ্ষণ নাই। তাই যেতিয়া বাগিচাত ফুলবোৰৰ গুৰিবোৰ খুঁচৰি খুঁচৰি প্ৰতিপাল কৰে অথবা মোৰ ছোৱালীজনীক কোলাত লৈ কাৰোবাৰ সৈতে কথাৰ মাহলা মাৰে তেতিয়া মই একদম আমনিদায়ক হৈ পৰো। গতিকে যিকোনোধৰণৰ দম্পতিৰ সমস্যাক মই মোৰ সৈতে ৰিজাবলৈ খুব টান পাওঁ।

প্ৰথমজনৰ কথাত দ্বিতীয়জন বন্ধুৰ মনটো অলপ খোলোচা লাগি গ’ল। অকণমান আনন্দ পালে। আৰু ওলোটাই ক’বলৈ ধৰিলে মানে কি আপুনি কেৱল পত্নীৰ সৌন্দৰ্যহে চাবলৈ বিচাৰে?

বন্ধুৰ প্ৰশ্নত প্ৰথমজন আকৌ ৰোমাঞ্চিত হৈ পৰিল। তৎক্ষণাত বিয়েৰ এঢোক গিলি পেলালে।আচলতে মই মোৰ পত্নীৰ সৌন্দৰ্য পানৰ তীব্ৰ অনুভৱ কৰোঁ। কেৱল মই যে হয় এনে নহয়। প্ৰকৃতিৰ কবিসকলওে পূৰামাত্ৰাই ইয়াক অনুভৱ কৰে। সেয়েহে মই এবাৰ ছশ টকা খৰচেৰে এটা উমাল হাতকটা ব্লাউজো তাইৰ বাবে খৰিদ কৰি আনিছিলো। তেতিয়া তাইৰ ৰঙচুৱা মঙহৰ শৰীৰত সৌন্দৰ্যইকি আবুৰ মেলা পাতিছিল! তেতিয়া মোৰ কিছুমান চুবুৰীয়াইও ঈৰ্ষা কৰাত লাগিছিল।

যিখিনি সময়ত খিৰিকীখনেদি আকৌ পাতল মৌচুমী যেন এজাক বলি আহিছিল সেই সময়তে আমাৰ প্ৰথম বন্ধুৰ মতলীয়া কথাত দ্বিতীয়জন চিৎকাৰ কৰি উঠিল। ইমান সময় যিটো কথাত নিজৰ মগজু তপত হৈ আহিছিল এতিয়া সেই ধৰণৰ এটা কথাকেই শুনিব লগা হোৱাত যথেষ্ট অস্বস্তিবোধ কৰিলে। তেওঁৰ নিচিনা ব্যক্তিয়ে কপালৰ ফেৰতেই সেইবোৰ কথা শুনিব লগা হয় বুলি গভীৰ অনুভৱো কৰিলে। পিচে অইনজনে আড্ডাখন জমাই তোলাটোকে ঠিক কৰিলে।তোমাৰ পত্নীয়ে বাৰু হালধীয়া বৰণৰ নেকলেচ পিন্ধে নেকি মোৰ পত্নীয়ে নতুনতে বৰকৈ পিন্ধিছিল। এতিয়া বেছিকৈ নিপিন্ধে। তাইৰ দামী বুলিবলৈ এডালেই আছে। কিবা স্পেচিয়েল অনুষ্ঠানতহে এতিয়া সেইডাল তাই ব্যৱহাৰ কৰে। অৱশ্যে পিছফালৰ এৰাই যোৱা পিনটো মই এতিয়াও লগাই দিব পৰা নাই।

বন্ধুৰ প্ৰশ্নত দ্বিতীয়জনে টুপীটো এবাৰ টানি ল’লে। আৰু সৰু হ’ব খোজা চকুহাল ডাঙৰকৈ মেলি ক’বলৈ ধৰিলে সাধাৰণতে হালধীয়া নেকলেচ মোৰো খুবেই পছন্দৰ হয়। যোৱাবাৰ মইও মানুহগৰাকীক তেনেকুৱা এডাল ল’বলৈকে পৰামৰ্শ দিছিলো। পিছে কি হ’ল জানে? মোৰ পত্নীয়ে হীৰাৰ লগত মণি খটোৱা এডালহে পছন্দ কৰিছিল। মইও আপত্তি নকৰিলো। কিন্তু মই আপোনাৰ পছন্দৰ হাতকটা ব্লাউজটোক একেবাৰে ভাল নাপাওঁ। যোৱা কিছুদিন ধৰি মোৰ পত্নীয়েও মহা আনন্দেৰে তেনে এটাকে পিন্ধিব লাগিছে। মই এইসৱ কাপোৰ প্ৰচণ্ডভাৱে বেয়া পাওঁ। পৃথিৱীৰ যিকোনো তিৰোতাকো সেইবোৰ পিন্ধিবলৈ সমৰ্থন নকৰিম। আপুনি মোক তেনেকুৱা চোলাৰ কথা আৰু দ্বিতীয়বাৰ নক’ব।

কথাবোৰত প্ৰথমজন বন্ধুৰ আপোনা আপুনি এটা ঘেৰঘেৰীয়া হাঁহি ওলাই আহিল। কৈয়েই পেলালে আচলতে বেছিভাগ লোকৰে হাতকটা ব্লাউজ পছন্দৰ নহয়। মইও পত্নীৰ বাবে আনিবৰ সময়ত মোৰ চুবুৰীয়া এজনেও পছন্দ নকৰিছিল। কিন্তু আচৰিত কথাটো কি জানেনে? মোৰো কিছুমান বস্তু সাংঘাটিক অপছন্দৰ হয়। বিশেষকৈ দুপৰীয়া সময়ত। সেই মুহূৰ্তত মই মোঁপাচাৰ কিতাপবোৰকে পঢ়িবলৈ মনস্থ কৰোঁ। তোমাৰ যদি কেতিয়াবা সেই পৰিস্থিতিত অসহ্য অনুভৱ হয় তেন্তে নিৰিবিলি সময়ত ‘লষ্ট হৰাইজন’ পঢ়ক। মন পাতল লাগি যাব মই এতিয়ালৈ দুবাৰ কিতাপখন পঢ়িছো।

ইমানদেৰী আড্ডাখন চলি আহিছিল যদিও এইবাৰ দ্বিতীয়জনৰ মূৰ পোনচাটেই গৰম হৈ পৰিল। এনে এক বঢ়িয়া সময়ত তেওঁ কিতাপৰ প্ৰসংগ দুনাই অহাটো আশা কৰা নাছিল। তেওঁৰ খং উঠি গ’ল। সেইবোৰ মুহূৰ্তত তেওঁৰ যে কিতাপ পঢ়াৰ কোনো ধৈৰ্য থাকিব নোৱাৰে তাক সলসলীয়াকৈ বুজাই দিলে। তাতোকৈ তেওঁ টেলিভিছন উপভোগ কৰাটোকে পছন্দ কৰিব আৰু এখোপ আগুৱাই গৈ ইয়াকো ক’লে যে যদি নিজৰ পত্নীয় হাতকটা ব্লাউজটো পিন্ধিবৰ সময়ত তেওঁৰ আটাইতকৈ প্ৰিয় ‘বেলাড’বোৰো যদি কিহবাকৈ মনত পৰি যায় তথাপি তাৰ সৌন্দৰ্যও তেতিয়া ম্লান পৰি যাবলৈ বাধ্য হ’ব। গতিকে তেতিয়াই কিয় এতিয়াও এই জমি উঠা মুহূৰ্তত তেওঁ সেইসৱ কিতাপৰ কথা শুনিব নোখোজে। কব’লৈ গ’লে তেওঁ উত্তেজিতেই হৈ পৰিছিল। কিবা এক গৰম খঙত লাহেকৈ আৰু এঢোক বিয়েৰ গিলি পেলালে। খুৱসম্ভৱ তেওঁ প্ৰথমজনৰ পত্নীৰ সৌন্দৰ্য বৰ্ণনাৰ কথাসোপাত ডুব দিবলৈ আৰম্ভ কৰিছিল। কিন্তু আকৌ কিতাপৰ ভুমুকিয়ে তেওঁক বাৰুকৈ অসন্তুষ্ট কৰি তুলিছিল।

ইতিমধ্যে নিশা ক্রমে গভীৰ হৈ আহিব ধৰিছিল। আড্ডাৰ মাতবোৰো বহু দূৰলৈ ৰিণিকি ৰিণিকি শুনা গৈছিল। বতাহজাকো ক্রমান্বয়ে শীতল হৈ আহিব ধৰিলে। গতিকে প্ৰথমজনে কোটটোক বঢ়িয়াকৈ শৰীৰত খাজি ল’লে। অইনজনে (দ্বিতীয়জনে) টুপীটো পুনৰ ভালকৈ টানি ল’লে। খিৰিকীখনৰ পোনৰ পৰা চকীৰে সৈতে আঁতৰিও আহিল। মলিয়ন টেবুলখনো জোৰেৰে টানি স্থান সলালে। অৱশ্যে গিলাচকেইটা নপৰিল। পুনৰবাৰ গিলাচত অলপ অলপ মদ ঢালি ল’লে। আড্ডাখন আকৌ উমি উমি জ্বলিবলৈ লাগিল। প্ৰথমজনে পুনৰ আৰম্ভ কৰিলে আপুনি যদি তেনেধৰণৰ কিতাপ ভাল নাপায়েই তেন্তে ভিচেণ্টৰ ‘ছেডো অৱ পেৰাডাইজ’খন পঢ়ি চাব পাৰে। খাটাংকৈ ক’লো মন ফৰকাল লাগি যাব।

সেই সময়ত ভিতৰলৈ হোঁ-হোৱাই আকৌ এজাক পাতল মৌচুমীজাতীয় বতাহ সোমাই আহিল।


সুহুৰি এটা ওঁঠত লৈ সেন্দুৰীয়া বেলিটো অট্টালিকাৰ অৰণ্যখনত হেৰাই যাব ধৰিছে ক্রমশঃ আৰু মই এটা গপ্লৰ প্ৰসৱ বেদনাত চট্ফটাই আছোঁ। চুলিত হাত বুলাইছোঁ, গাত লৈ থকা শ্বলখন নখেৰে আঁচুৰিছোঁ আৰু উচ্চাৰণ কৰিছোঁ কিছুমান অস্পষ্ট অসম্পন্ন অসংলগ্ন শব্দ। হাতত নোটপেড এখন লৈ জেৰিণ মোৰ কাষতে থিয় হৈ আছে। অপেক্ষা কৰি আছে মোৰ..


মুহূৰ্তৰ ভিতৰতে বতাহৰ সোঁ সোঁৱনি বাঢ়ি আহিল, আকাশৰ ডাৱৰখিনি সঘনে নিজৰ স্থান সলনি কৰি আকৃতি সলাবলগীয়া হ’ল। গছবোৰে আউলি বাউলি হৈ বতাহৰ গতি আৰু দিশৰ ওচৰত নিজকে সঁপি দিলে, ক’ৰবাত আওঁজাই থোৱা টিনপাত দুখিলা মাটিত পৰি ডাঙৰকৈ শব্দ হোৱাৰ সময়তে কেমেৰাৰ ফ্লাচৰ দৰে বিজুলী এচমকাই দেখা দিলে, যেন...


কেভিনে বৰ আগ্ৰহেৰে গৰমৰ দিনকেইটাৰ বাবে অপেক্ষা কৰি আছিল। কাৰণ তাৰ মাকে বন্ধৰ দিনত তাৰ বাবে এটা ডাঙৰ চাৰপ্ৰাইজ দিয়াৰ কথা আছে। কেভিনে তাৰ খবৰ কাগজৰ টুকুৰা লগোৱা বহীখন উলিয়াই সি প্ৰয়োজন বুলি ভবা খবৰবোৰ লগাবলৈ ধৰিলে। তাৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু ভাললগা গৰম বন্ধৰ দিনকেইটা আহি পৰিছে...


দেউতাকৰ ড্ৰয়াৰত পোৱা সেই বিশেষ ডায়েৰীখনে বিষ্ণুপ্ৰিয়াৰ জীৱনৰ এটা ডাঙৰ অথচ গোপন সত্য উন্মোচন কৰিলে। তাই বুজিলে এইজন দেৱতাসদৃশ মানুহক তাই বহুত দুখ দিছে। বিষ্ণুপ্ৰিয়াৰ দুগালেদি চকুলো ববলৈ ধৰিলে।

:মামুন গা বেয়া নেকি? চাওঁ-চকুকেইটাচোন ফুলা লুচিৰ দৰে হৈ আছে! গা বেয়া যদি...

শিতানসমূহ