মানৱতাৰ দুৱাৰদলিত


সুহুৰি এটা ওঁঠত লৈ সেন্দুৰীয়া বেলিটো অট্টালিকাৰ অৰণ্যখনত হেৰাই যাব ধৰিছে ক্রমশঃ আৰু মই এটা গপ্লৰ প্ৰসৱ বেদনাত চট্ফটাই আছোঁ। চুলিত হাত বুলাইছোঁ, গাত লৈ থকা শ্বলখন নখেৰে আঁচুৰিছোঁ আৰু উচ্চাৰণ কৰিছোঁ কিছুমান অস্পষ্ট অসম্পন্ন অসংলগ্ন শব্দ। হাতত নোটপেড এখন লৈ জেৰিণ মোৰ কাষতে থিয় হৈ আছে। অপেক্ষা কৰি আছে মোৰ মুখৰ পৰা ওলাব লগা এটা অৰ্থপূৰ্ণ শব্দ সমষ্টিলৈ। ঘড়ীৰ মিনিটৰ কাটাই হয়তো ইতিমধ্যে ১৮০০ অতিক্রম কৰিলে। কিন্তু, এতিয়ালৈকে জেৰিণৰ হাতত থকা নোটপেডখন উকা হৈয়ে আছে।যোৱা বুধ্বাৰে প্ৰাঞ্জল আহিছিল। তাৰ টেবলয়ডখনৰ বাবে এটা গপ্ল বিচাৰি। কাইলৈ প্ৰকাশৰ বাবে পঠাব লাগে। গতিকে আজিয়েই গপ্লটো শেষ কৰিব লাগিব। কিন্তু মইযে আৰম্ভই কৰিব পৰা নাই। হাবাথুৰি খাই ফুৰিছোঁ এটা প্লট বিচাৰি।মোৰ জীৱনৰ লগত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সংলগ্ন কিছুমান সুখ-দুখৰ অভিজ্ঞতাকে কপ্লনাৰ হাত ফুৰাই, শব্দৰ সাজ পিন্ধাই নিগৰাই আছো মোৰ লেখনিৰে, যোৱা কেইটামান বছৰৰ পৰা। কিন্তু ক্রমাৎ ৰিক্ত হৈ আহিছে মোৰ মিঠা-তিতা অনুভৱৰ কৰণি। হয়তো আজিও তুলি ল’ম তাৰে এপাহি মালতী।তেওঁৰ নিশাহত সেই উষ্মা নাই যি মোৰ অন্ধকাৰ পৃথিৱীলৈ বসন্ত আনিছিল। তেওঁৰ স্পৰ্শত সেই মাদকতা নাই যি মোক কৃষগহ্বৰত বিলীন হোৱাৰ পৰা বিৰত ৰাখিছিল। তেওঁৰ ওঁঠৰ কঁপনিত সেই ভাষা নাই যি মোৰ হৃদয় মহাকাব্যৰ প্ৰতিটো পৃষ্ঠা পঢ়িব পাৰিছিল। তেওঁৰ মাতত, তেওঁৰ শৰীৰৰ ঘ্ৰাণত, তেওঁৰ খোজৰ শব্দত মই বিচাৰি ফুৰিছোঁ মোৰ মানুহজনক। কিন্তু উজুটি খাইছোঁ বাৰে বাৰে।ঃ ‘কোন?’ কাষ চাপি অহা খোজৰ শব্দক মই পৰিচয়লৈ ৰূপান্তৰ কৰিব পৰা নাছিলোঁ।ঃ ‘কোন বাৰু অনুগ্ৰহ কৰি ক’বনে?’এটা অচিন হাতৰ পৰশত সচকিত হৈ উঠিছিলোঁ মই।ঃ ‘মইহে। তুমি মোকো চিনি নোপোৱা হ’লা?’ কৈছিল মোৰ কাষত থকা অচিনাকি মানুহজনৰ অচিনাকি মাতটোৱে।ঃ ‘কোন ‘মই’?’ঃ ‘নিয়ৰ’ঃ ‘...’এটা নিহাৰিকা বিস্ফোৰিত হৈছিল মোৰ মন-মগজুত। হয়তো নীৰৱে চকুলো বৈ আহিছিল।প্ৰায় এটা বছৰ হৃদস্পন্দন থকা মৃতদেহ হৈ বিচনাত পৰি আছিল নিয়ৰ। প্ৰাঞ্জলৰ তৎপৰতাতে এইমছত ভৰ্ত্তি কৰালোঁঅৰগেন টেন্সপ্লেণ্টৰ বাবে। মানৱ জাতিৰ ইতিহাসত সৰ্ববৃহৎ অংগ প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ। কেৱল মগজু আৰু হৃদপিণ্ডৰ বাদে বাকী সকলো অংগই প্ৰতিষ্ঠাপিত কৰা হ’ব। অস্ত্ৰোপচাৰ সফল হ’ল। দুমাহ চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণত কটাই মোৰ কাষত থিয় হৈছিলহি নিয়ৰ বেজবৰুৱা, মোৰ মানুহজন। হয়নে সঁচাকৈয়ে মোৰ মানুহজন?জন্মান্ধ আছিলোঁ মই। মা-দেউতা আৰু ভাইটিটোৰ বাদে সকলোৰে বাবে মই যেন পেটত গামোচা বন্ধা শ্ৰমিকৰ পিঠিৰ মাৰোৱাৰী বাবুৰ চাউলৰ বস্তা। যৌৱনৰ কাল দোমোজাতে মোৰ দিগন্তত দেখা দিছিল পাহোৱাল যুৱক নিয়ৰে। মোক আঙুলিত ধৰি জীৱন গঢ়াৰ, জীৱন পঢ়াৰ পাঠ শিকাইছিল। মই নাজানো মোৰ দৃষ্টিহীন দুচকুত কি বিচাৰি পাইছিল তেওঁ। কিন্তু, মই পাইছিলোঁ...সকলো। কোনো আনুষ্ঠানিকতা নোহোৱাকৈ আকোৱালি লৈছিল মোক তেওঁৰ দুবাহুৰ বন্ধনত আৰু আগুৱাই গৈছিলোঁ দুয়ো জগন্নাথৰ ৰথযাত্ৰীৰ দৰে। মোৰ অসন্মতি স্বত্ত্বেও উপাৰ্জনৰ পঞ্চাশ শতাংশ জমা কৰি গৈছিল মোৰ অস্ত্ৰোপচাৰৰ বাবে।এযোৰ অচিনাকি চকুৰে মোৰ জগত পোহৰোৱাৰ হাবিয়াসতকৈ স্বাভাৱিকভাৱেই মই মোৰ অতিকে চিনাকি মানুহজনৰ আশু আৰোগ্য বাছনি কৰিলোঁ। কিন্তু, অপ্ৰত্যাশিতভাৱে মই হেৰোৱাই পেলালো মোৰ মানুহজনক। হয়, হয়। কেৱল হৃদয় আৰু মনৰ মাজত এজন পূৰ্ণাংগ মানুহ নোৱাৰে জীয়াই থাকিব। শৰীৰৰ প্ৰতিটো কোষ-প্ৰতিটো কলাই পাৰস্পৰিক সহযোগিতাৰে গঢ়ি তোলে এজন মানুহ। ঠিক আন্তঃপাৰমাণৱিক কণাই পৰমাণু গঢ়াৰ দৰে।কিন্তু, সময়ৰ লগে লগে মই বুজি উঠিছোঁ যে মানুহৰ শৰীৰটো আৱেগ প্ৰকাশৰ আহিলাহে, আৱেগৰ মূল উৎস হৃদয় আৰু মন। আনহাতে, হৃদয় আৰু মন সমৃদ্ধ হয় অভিজ্ঞতা আৰু স্মৃতিৰ ৰহঘৰাৰে। সেয়েহে মই আশাবাদী যে মোৰ মানুহজনে উকা কৰি থৈ যোৱা মোৰ হৃদয়ৰ থাপনাত এই নতুন মানুহজন উপবিষ্ট হ’ব।অহ্ আজিও গপ্ল লিখা নহ’ল। কাৰণ মই তেওঁৰ পদধ্বনি শুনিছোঁ। হয়, মোৰ এই অচিনাকি মানুহজনক মই লাহে লাহে চিনি পাবলৈ ধৰিছোঁ। আচলতে,‘Time heals everything, Give time some time.’


মুহূৰ্তৰ ভিতৰতে বতাহৰ সোঁ সোঁৱনি বাঢ়ি আহিল, আকাশৰ ডাৱৰখিনি সঘনে নিজৰ স্থান সলনি কৰি আকৃতি সলাবলগীয়া হ’ল। গছবোৰে আউলি বাউলি হৈ বতাহৰ গতি আৰু দিশৰ ওচৰত নিজকে সঁপি দিলে, ক’ৰবাত আওঁজাই থোৱা টিনপাত দুখিলা মাটিত পৰি ডাঙৰকৈ শব্দ হোৱাৰ সময়তে কেমেৰাৰ ফ্লাচৰ দৰে বিজুলী এচমকাই দেখা দিলে, যেন...


কেভিনে বৰ আগ্ৰহেৰে গৰমৰ দিনকেইটাৰ বাবে অপেক্ষা কৰি আছিল। কাৰণ তাৰ মাকে বন্ধৰ দিনত তাৰ বাবে এটা ডাঙৰ চাৰপ্ৰাইজ দিয়াৰ কথা আছে। কেভিনে তাৰ খবৰ কাগজৰ টুকুৰা লগোৱা বহীখন উলিয়াই সি প্ৰয়োজন বুলি ভবা খবৰবোৰ লগাবলৈ ধৰিলে। তাৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু ভাললগা গৰম বন্ধৰ দিনকেইটা আহি পৰিছে...


দেউতাকৰ ড্ৰয়াৰত পোৱা সেই বিশেষ ডায়েৰীখনে বিষ্ণুপ্ৰিয়াৰ জীৱনৰ এটা ডাঙৰ অথচ গোপন সত্য উন্মোচন কৰিলে। তাই বুজিলে এইজন দেৱতাসদৃশ মানুহক তাই বহুত দুখ দিছে। বিষ্ণুপ্ৰিয়াৰ দুগালেদি চকুলো ববলৈ ধৰিলে।

শিতানসমূহ