বৃত্তৰ আঁৰত


মুহূৰ্তৰ ভিতৰতে বতাহৰ সোঁ সোঁৱনি বাঢ়ি আহিল, আকাশৰ ডাৱৰখিনি সঘনে নিজৰ স্থান সলনি কৰি আকৃতি সলাবলগীয়া হ’ল। গছবোৰে আউলি বাউলি হৈ বতাহৰ গতি আৰু দিশৰ ওচৰত নিজকে সঁপি দিলে, ক’ৰবাত আওঁজাই থোৱা টিনপাত দুখিলা মাটিত পৰি ডাঙৰকৈ শব্দ হোৱাৰ সময়তে কেমেৰাৰ ফ্লাচৰ দৰে বিজুলী এচমকাই দেখা দিলে, যেন গোটেই পৰিৱেশটোৰ এখনি সুন্দৰ ফটোহে তুলিলে। গুৰগুৰাই উঠি আকাশখনে কিছু সময়ৰ পাছত বৰষুণ দিবলৈ আৰম্ভ কৰিলে। আগফালৰ ওচৰা ওচৰিকৈ থকা দুজোপা তামোলৰ মাজত ৰছী এডাল ওলমাই তাত কাপোৰ দুটামান শুকাবলৈ মেলি থোৱা আছিল; সেইবোৰ আকৌ তিতি জেপ্জেপীয়া হ’ল - মাত্ৰ কোনোবা এজনেহে দৌৰ মাৰি গৈ বাহিৰৰ জেওৰাত আওঁজাই থোৱা চাইকেলখন দৌৰি গৈ সুৰক্ষিত স্থানত থ’লেহি।

কন্দৰ্প শুই থকা কোঠাটোৰ খিৰিকী দুখন। ওপৰৰ ভেণ্টিলেটৰেদি বৰষুণৰ অলপ ছিটিকনি পৰিছিল। খিৰিকী দুখন বন্ধ হৈ থকা নাছিল, মাত্ৰ লাহেকৈ জপাই থোৱাহে আছিল। বতাহৰ গতি তীব্ৰ হোৱাৰ লগে লগে দুয়োখনে তীব্ৰভাবে আচাৰিবলৈ লাগিলে যেন নট-বু খুলি সৰিহে পৰিব। সি অলপ আগলৈকে একো গম পোৱা নাছিল, সংসাৰৰ ক’ত কি ঘটি আছে তাৰ ভূ ল’বলৈ তাৰ মনৰ-শৰীৰ শকতিও আছিল শূন্য। খিৰিকী দুখন বন্ধ কৰিবলৈ অহা তাৰ জেঠায়েকৰ ছোৱালীজনীয়ে হাতত লৈ অহা ধূনাৰ গোন্ধই সমগ্ৰ কোঠাটো কিবা মায়াময় কৰি তোলাৰ সময়তে সিও তাৰ জগতখনৰ পৰা উভতি আহিল। একান্তমনে সি বৰষুণবোৰ টিনপাতত আচাৰ খাই পৰাৰ শব্দ শুনিবলৈ যত্ন কৰিলে। সৰুৰে পৰাই সি বৰষুণ দিলে খুউব ভাল পাইছিল। পঢ়াৰ সময়ত টেবুলত এখন কাণ পাতি, ৰাতি শোৱাৰ সময়ত দিলে গায়ে-মূৰে কাপোৰ লৈ এক অদ্ভত তৃপ্তি পাইছিল। বৰষুণত তিতি খেলাৰ কথা লৈ সি কিমান যে দেউতাকৰ পৰা মাৰ খালে। আৰু এনেকুৱা এটা বৰষুণৰ দিনে যেন আছিল তাৰ জীৱনৰ আটাইতকৈ ফূৰ্তিৰ দিন।

সেইদিনাৰ মাজনিশাৰ পৰাই মুষলধাৰে বৰষুণ দি আছিল। ৰাতিপুৱা স্কুল যোৱাৰ সময়তো তাক বৰষুণে আমনি কৰিছিল কিন্তু বৰষুণত তিতি লগৰবোৰৰ লগত খেলিবলৈ পাব বুলি সি মনে মনে ঠিকেই ফূৰ্তি পাই আছিল। কিন্তু যেতিয়া বৰষুণত তিতি বুৰি খেলি অৱস্থা নাইকিয়া হৈ ঘৰলৈ যোৱাৰ সময় আহিল, তাৰ ভয়ত তত্ নাইকিয়া হ’ল। দেউতাকৰ এচাৰিৰ কোব মনলৈ ভাঁহি অহাৰ লগে লগে সি আৰু ভয় খাবলৈ ধৰিলে। কিন্তু ঘৰ পোৱাৰ লগে লগে যে কেনেকৈ পৰিবেশটো সলনি হৈ গ’ল সি গমকে নাপালে। মাহীয়েকে জপনাৰ মুখতে তাক দেখি ‘দাদা পালেহি, দাদা পালেহি’ বুলি তাক জোকাবলৈ ধৰিলে। সি বাৰান্দাত উঠিহে গম পালে তাৰ এজনী ভনীয়েকৰ জন্ম হৈছে। ইতিমধ্যে সিহঁতৰ ঘৰ পেহীয়েক, বৰমাক, জেঠায়েক, জেঠায়েকৰ জীয়েকেৰে ভৰি পৰিছে। সি অহা দেখি সকলোৱে তাক দাদা দাদা বুলি জোকাবলৈ আৰম্ভ কৰি দিলে। এনেয়ে বৰষুণত তিতি বুৰি ঠাণ্ডাত কঁপি আছিল তাতে দেউতাকৰ পৰা এচাৰিৰ কোবৰ ভয় সম্পূৰ্ণ যোৱাই নাছিল, সকলোৱে জোকোৱাত লাজতে সি তেনেই জই পৰি গ’ল।

কন্দৰ্পই মাজে মাজে ভাবিছিল তাৰ যদি সঁচাকৈ ভনীয়েক এজনী হয় সি তাইৰ নাম কৰবী ৰাখিব। সি কথাটো কেতিয়াও কাৰো আগত প্ৰকাশ কৰা নাছিল, কিন্তু যেতিয়া কেতিয়াবা অৱসৰৰ মুহূৰ্তত সি লগৰীয়াৰ কথা ভাবে সি তাৰ বাবে এজনী ভনীয়েকৰ ব্যৱস্থা কৰি দিবৰ বাবে বাৰে বাৰে ভগৱানক খাটিছিল। মাহীয়েক-পেহীয়েকহঁতে তাক ইমানেই জোকালে যে সি মাকৰ ওচৰলৈ যাবলৈও লাজ কৰা হ’ল। অৱশেষত বহু সময়ৰ পাছতহে সি ভনীয়েকৰ দৰ্শন লাভ কৰিলে। গুলপীয়া ৰঙৰ আঙলি, ভৰি, মুখ, চকু মেলাই নাই। তাইক দেখি তাৰ ইমান মৰম লাগি গ’ল, কি কৰিব সি ধৰিব নোৱাৰি কাষতে শুই থকা মাকক আৱেগতে সাৱটি ধৰিলে।

কৰবীৰ জন্মই কন্দৰ্পৰ মুখ ঠিকেই হাঁহি বিৰিঙালে। কিন্তু কন্দৰ্পৰ দেউতাকক যেন সুখী যেন দেখা নগ’ল। সভা-সমিতিত তেওঁ ঠিকেই ভাষণ দিব পাৰে - ল’ৰা-ছোৱালীক চৰকাৰী অসমীয়া মাধ্যমৰ স্কুলত পঢ়ুৱাব লাগে, শিশু শ্ৰমিক ৰখাটো দণ্ডনীয়, কন্যা সন্তান পুত্ৰ সন্তান বুলি বিভেদ ৰাখিব নালাগে ইত্যাদি। কিন্তু তেওঁ নিজে কন্দৰ্পক পঢ়ুৱাইছে সেই অঞ্চলৰ নামজ্বলা বেচৰকাৰী স্কুলখনত। কন্দৰ্প সৰুতেই অকলশৰীয়া হ’ব নালাগে বুলিয়েইতেওঁ দ্বিতীয় সন্তানৰ কথা ভাবিছিল কিন্তু তেওঁ আশা কৰা নাছিল সেয়া কৰবী হওঁক। তেওঁক কিছু বিব্ৰত যেন দেখা গ’ল।লাহে লাহে দিনবোৰ স্বাভাৱিক হৈ আহিল। কন্দৰ্পও ডাঙৰ হ’ল, কৰবীও স্কুল যাব পৰা হ’ল। ডাঙৰ হ’ল যদিও কন্দৰ্প ভনীয়েকৰ আগত তেনেই সৰু ল’ৰা। তাইৰ লগত খেলি, ধেমালি নকৰিলে যেন তাৰ শান্তি নাই। সিহে যেন তাইৰ অভিভাৱক। সি তাইক পিঠিত উঠাই ঘূৰাই ফুৰে। মাকে দুয়োটাকে দেখি মাথোঁ হাঁহে।কিন্তু কথাটো কোনেও লক্ষ্য কৰা নাছিল - কৰবী প্ৰায়ে স্কুল মূৰ ঘূৰাই পৰি যায়। এই কথাটো সিহঁতৰ স্কুলৰ শিক্ষয়িত্ৰীগৰাকীয়ে নোকোৱালৈকে কোনেও ভাবি চোৱা নাছিল, আনকি কন্দৰ্পইও। ঘৰত কেতিয়াবা তাই গা বেয়া বুলি শুই দিয়ে, পাছদিনা ভাই পাই আকৌ ককায়েকৰ বোকোচাত উঠে। স্কুলতো যে এনেকুৱা হয়, সেই কথা তাই ঘূণাক্ষৰেও নকয়হি। সকলো চিন্তিত হৈ পৰিল। ততাতৈয়াকৈ তাইৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল। সকলোৱে যেন গভীৰ টোপনিৰ পৰাহে সাৰ পাই উঠিল।কিন্তু তাইৰ অৱস্থা দিনক দিনে আৰু বেয়ালৈহে ঢাল খালে। বিছনাখনেই তাইৰ একমাত্ৰ আশ্ৰয় হৈ পৰিল। ডাক্তৰৰ দৰৱ খাই অলপ ভাল পায়, পুনৰ বিছনাত মূৰ গুজি নিজকে আত্মসমৰ্পন কৰে। কন্দৰ্প তাই বিছনাৰ কাষৰ পৰা আঁতৰি নহা হ’ল। ভনীয়েকৰ এনে অৱস্থাত সি ককায়েকটো হৈয়ো একো কৰিব নোৱৰাৰ দুখত ভাগি পৰিল। দেউতাকক বাৰে বাৰে কৈ চাইছিল সি বাহিৰৰ কোনোবা ভাল ডাক্তৰৰ ওচৰত দেখাবলৈ। বাহিৰা চিকিৎসা কৰি তাৰ নিজৰ খুড়াকে ইতিমধ্যে আগতে খোজ কাঢ়িব নোৱৰা অৱস্থাৰ পৰা এতিয়া খোজ কাঢ়িব পৰা হৈছে। কিন্তু নাই, দেউতাকে কিয় তাৰ কথা অকণো শুনা নাই বা নিজৰ জীয়েকৰ কথা অকণোৱে ভাবি চোৱা নাই, সি কোনোমতেই বুজিব পৰা নাই।

কন্দৰ্পৰ দেউতাকেও প্ৰকৃততে বুজি পায় বাহিৰলৈ নিলেই কৰবী সুস্থ হৈ উঠিব। কিন্তু তেওঁৰ সেই সাধাৰণ দৰমহাৰ চাকৰিৰে যেন তেওঁ সাহস গোটাব পৰা নাই। অথচ কাৰো ওচৰত হাত পাতিবলৈও যেন তেওঁৰ সত যোৱা নাই। কৰবীৰ মাকৰ শুকান মুখ, কন্দৰ্পৰ অৱস্থাটোলৈ চাই যেন তেওঁ মন বান্ধে তেওঁ কৰবীৰ চিকিৎসা কৰাব; কিন্তু বুকুৰ একেবাৰে চুকত যেন এডাল সৰু কাঁইট সোমাই আছে, তেওঁৰ দ্বিতীয় সন্তান কৰবীৰূপে জন্ম লোৱাৰ এক চূড়ান্ত ক্ষোভ-বিষাদৰ সংমিশ্ৰণৰ বিহহে যেন তেওঁ তেওঁৰ সিদ্ধান্তত আগবাঢ়ি যাব নোৱাৰে, ব্যৰ্থ হয়।

তেনে এদিনতে দেউতাকৰ সহকৰ্মী এজনৰ কথামতে কৰবীৰ গাঁৱলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল। কিন্তু লাহে লাহে তাইৰ অৱস্থা বেছি বেয়ালৈহে ঢাল খালে। তাই বিছনাৰ পৰাই উঠিব নোৱৰা হ’ল। খোৱাখিনিও যেন বহু কষ্ট কৰিহে খায়। কন্দৰ্পৰ মাক তাইৰ কাষৰ পৰা অকণো লৰচৰ নকৰা হ’ল। সিহঁতৰ বাবে ভাত বনোৱা, কাপোৰ ধোৱা আদি কামবোৰৰ বাবে মাহীয়েক আৰু তাৰ জেঠায়েকৰ জীয়েক আহিল। কন্দৰ্পই কেতিয়াবাই স্কুল যোৱা বাদ দিলে। কেইবাদিনৰ পৰা তাৰ পেটলৈ ভালদৰে ভাতকেইটাও পৰাগৈ নাই।

এটা সময়ত এনেকুৱা হ’ল যে মাহীয়েকে ভাত বনাই ঢাকি থোৱা ভাত পাছদিনা কুকুৰৰ পেটলৈহে যোৱা হ’ল। কন্দৰ্পৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিল। চকু গাঁতত সোমাল, থুলন্তৰ চেহেৰাৰ ল’ৰাটো তেনেই শুকাই গ’ল। সিও বিছনাত পৰিল। নাখাই-নবৈ তাৰ শৰীৰ সম্পূৰ্ণ অৱশ হৈ পৰিল। কিন্তু ইমানৰ পাছতো যেন দেউতাকৰ স্বভাৱৰ অলপো সলনি নহ’ল। তেওঁ গাঁৱলীয়া চিকিৎসাৰ ওপৰতেই জোৰ দি থাকিল। কন্দৰ্পৰ প্ৰতি, মাকৰ প্ৰতি তেওঁক সম্পূৰ্ণ উদাসীন দেখা গ’ল।

কন্দৰ্পই বিছনাৰ পৰা উঠি আহি ভনীয়েকৰ কাষতে অনবৰতে থাকিব বিচাৰে, কিন্তু সি বিছনাৰ পৰা উঠাৰ শক্তিকণেই হেৰুৱাই পেলাইছে। মাকৰ দুৰাৱস্থা দেখি তাৰ কান্দোন ওলায়। জেঠায়েকৰ জীয়েকে আহি তাৰ গালে মুখে হাত ফুলাই কিবা অকণ খুৱাবৰ যত্ন কৰে। সি কৰবীয়ে খালেনে নাই সোধে। জেঠায়েকৰ ছোৱালীজনীয়ে কি ক’ব ভাবি নাপাই মিছাকৈ খালে বুলি কয়। সি বুজি পায়। তালৈ অনাখিনি সি নাখায়, কোঠাটোৰ চিলিঙৰ এমূৰলৈ উদাসীনতভাৱে চাই ৰয়।অৱশেষত যেন সময়টো পালেহি। ওচৰ চুবুৰীয়া সকলোৱে কন্দৰ্পৰ দেউতাকৰ কাৰ্যক মনে মনে সমালোচনা কৰি কৰি কোৱা-কুই কৰিছিল কৰবী আৰু নাথাকেগৈ বেছিদিন। প্ৰকৃততে কৰবীৰ অৱস্থা ইমানেই শোচনীয় হৈ আছিল যে মাত্ৰ নিয়মটোহে বাকী আছিল। তাইৰ প্ৰাণ শৰীৰ বুলিবলৈ যেন একোৱেই নাছিল। কোনোবা আহিলে চকু দুটা লৰচৰ কৰি চাইছিল, তাৰ পাছত নীৰৱে শুই থাকিছিল। কন্দৰ্প ওচৰলৈ আহিলে তাৰ হাতখনত খামুচি ধৰিছিল, সি তাইৰ গালে মুখে হাত ফুৰাইছিল। সি তাইক প্ৰবোধ দিছিল, তাইক গৈছিল সি তাইক আকৌ পিঠিত উঠাই ফুৰিব পৰা কৰি তুলিব। তাইৰ মুখখন কিছু উজলি উঠিছিল। পুনৰ তাই শুই পৰিছিল। কিন্তু আজি ৰাতিপুৱা তাই চকুৱে মেলা নাই। মাকে ৰাতিপুৱা শুই উঠিয়ে তাই শুই থকা যেন দেখি গাত কাপোৰখন ঠিক কৰি দিলে। কিন্তু বহুত সময়লৈ যেতিয়া একো সাৰ-সুৰ নাপালে, কৰবীৰ চকু মেল নাখালে, তেওঁ চিঞৰি উঠিল। তেওঁ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মুহূৰ্তৰ ভিতৰতে ওচৰ চুবুৰীয়া এজন এজনকৈ গোট খালে। মাকক চম্ভালিবলৈ মাহীয়েক, ওচৰৰ মহিলাকেইগৰাকী ব্যৰ্থ হ’ল।

আনহাতে কন্দৰ্প? তাৰ নিজৰে অৱস্থা নাই। ভালদৰে নোখোৱাৰ বাবে সি ভাৰসাম্য হেৰুৱাই পেলাইছিল। ওচৰ চুবুৰীয়াই যি ভাবক নাভাবক, সি কেতিয়াও কৰবীৰ মৃত্যু কপ্লনা কৰিব পৰা নাছিল। কিন্তু মাকৰ চিঞৰত সি যেতিয়া সাৰ পালে তাৰ বুকুখন চিৰিংকৈ গ’ল। এক নিশ্চিত বেদনাৰ জালত যে সি সোমাই পৰিছে, পলে পলে সি অনুভৱ কৰিবলৈ ধৰিলে। তেনেতে জেঠায়েকৰ জীয়েকে কান্দি কান্দি ‘কৰবী গ’লগৈ ঔ’ বুলি ক’লে আৰু তাৰ পিছত কাৰ কি হ’ল, সি একোৱে নাজানে, সি মূৰ্চ্চা গ’ল। হঠাতে সি মাকৰ উচুপনি শুনা পালে। ইমান একান্তমনে সি বৰষুণ পৰা শব্দ শুনি আছিল, অথচ তাৰ মাজতো তাৰ কৰ্ণপটহেদি মাকৰ কান্দোনে প্ৰৱেশ কৰিলেহি। খিৰিকী দুখন বন্ধ কৰি দিয়াৰ পাছত কোঠাটো যেন আন্ধাৰে গ্ৰাস কৰি পেলালে। বাৰে বাৰে তাৰ কৰবীলৈ মনত পৰিবলৈ ধৰিলে। তাইৰ জন্মৰ দিনা, তাইৰ স্কুল যোৱাৰ দিনা, খোৰ মুহূৰ্তবোৰ - সকলোবোৰ তাৰ চকুৰ আগত যেন অগা-দেৱা কৰিবলৈ লাগিল। বুকু উজাৰি যেন এক কান্দোন ওলাই আহিব খুজিলে তাৰ অথচ সি কন্দাত ব্যৰ্থ হ’ল। মাকৰ উচুপনিয়ে তাক আৰু বেছি বিহ্বল কৰি তুলিলে। ডাৱৰীয়া বতৰৰ গোমা পৰিবেশ, কোঠাৰ আন্ধাৰ, ধূনাৰ গোন্ধ, কৰবীৰ স্মৃতি, শাৰীৰিক তথা মানসিক পুষ্টিৰ অভাৱ এই সকলোবোৰে এটা এটাকৈ তাক গ্ৰাস কৰি পেলালে। সি যেন অৱশ হৈ পৰিল। সকলোবোৰেই যে তাৰ নিয়ন্ত্ৰণৰ বাহিৰত!

সি চকু দুটা মুদি দিলে।


কেভিনে বৰ আগ্ৰহেৰে গৰমৰ দিনকেইটাৰ বাবে অপেক্ষা কৰি আছিল। কাৰণ তাৰ মাকে বন্ধৰ দিনত তাৰ বাবে এটা ডাঙৰ চাৰপ্ৰাইজ দিয়াৰ কথা আছে। কেভিনে তাৰ খবৰ কাগজৰ টুকুৰা লগোৱা বহীখন উলিয়াই সি প্ৰয়োজন বুলি ভবা খবৰবোৰ লগাবলৈ ধৰিলে। তাৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু ভাললগা গৰম বন্ধৰ দিনকেইটা আহি পৰিছে...


দেউতাকৰ ড্ৰয়াৰত পোৱা সেই বিশেষ ডায়েৰীখনে বিষ্ণুপ্ৰিয়াৰ জীৱনৰ এটা ডাঙৰ অথচ গোপন সত্য উন্মোচন কৰিলে। তাই বুজিলে এইজন দেৱতাসদৃশ মানুহক তাই বহুত দুখ দিছে। বিষ্ণুপ্ৰিয়াৰ দুগালেদি চকুলো ববলৈ ধৰিলে।

:মামুন গা বেয়া নেকি? চাওঁ-চকুকেইটাচোন ফুলা লুচিৰ দৰে হৈ আছে! গা বেয়া যদি...


কাৰণটো এইটোৱেই যে দুয়োজন বন্ধু লগ হোৱাৰে পৰাই এইমাত্ৰ এখন বেচ অন্তৰংগ আলাপ আৰম্ভ হৈ গ’ল। তেনে সময়ত পৰিবেশটো ইমানেই জমি উঠিল যে কোনো শ্ৰেষ্ঠ দাৰ্শনিকৰ তত্বগধুৰ আলোচনাকো আপুনি নিৰিবিলি সময়ত পাহৰি যাবলৈ চেষ্টা কৰিব। আন্দাজ কৰি ল’ব পাৰে, কি এক দামী আড্ডা এই সময়ত তেওঁ দুজনৰ মাজত চলিব লাগিছে!


সুহুৰি এটা ওঁঠত লৈ সেন্দুৰীয়া বেলিটো অট্টালিকাৰ অৰণ্যখনত হেৰাই যাব ধৰিছে ক্রমশঃ আৰু মই এটা গপ্লৰ প্ৰসৱ বেদনাত চট্ফটাই আছোঁ। চুলিত হাত বুলাইছোঁ, গাত লৈ থকা শ্বলখন নখেৰে আঁচুৰিছোঁ আৰু উচ্চাৰণ কৰিছোঁ কিছুমান অস্পষ্ট অসম্পন্ন অসংলগ্ন শব্দ। হাতত নোটপেড এখন লৈ জেৰিণ মোৰ কাষতে থিয় হৈ আছে। অপেক্ষা কৰি আছে মোৰ..

শিতানসমূহ