ডিক ব্ৰাউনৰ হেৰুৱা ডাক টিকট


কেভিনে বৰ আগ্ৰহেৰে গৰমৰ দিনকেইটাৰ বাবে অপেক্ষা কৰি আছিল। কাৰণ তাৰ মাকে বন্ধৰ দিনত তাৰ বাবে এটা ডাঙৰ চাৰপ্ৰাইজ দিয়াৰ কথা আছে। কেভিনে তাৰ খবৰ কাগজৰ টুকুৰা লগোৱা বহীখন উলিয়াই সি প্ৰয়োজন বুলি ভবা খবৰবোৰ লগাবলৈ ধৰিলে। তাৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু ভাললগা গৰম বন্ধৰ দিনকেইটা আহি পৰিছে। এতিয়া সি মুক্ত বিহংগৰ দৰে, মুক্ত মনেৰে সি যি মন যায় তাকেই কৰিব পাৰে, মন গ’লে ছবি আঁকিব, চাইকেল চলাব নাইবা গোটেই দিনটো টি.ভি.ৰ সন্মুখত বহি পাৰ কৰি দিব। কথাবোৰ ভাবি থাকোতে দুৱাৰত কোনোবাই টুকুৰিওৱা শব্দ শুনা গ’ল। দৰ্জাখন খুলিয়েই সি যি দেখিলে, দেখি কেভিনৰ মনটো একেবাৰে চূণ দিয়া জোকৰ দৰে কোচ খাই গ’ল। অ’ সেইটো দেখোন দুৱাৰমুখত তাৰ জেঠাকৰ ল’ৰা মেক্স হাঁহি হাঁহি ৰৈ আছে।কেভিন, ‘মই এই গৰমৰ বন্ধৰ মাহটো তহঁতৰ ঘৰত থাকিম বুলি গুচি আহিলোঁ।’মেক্সৰ মাতত কেভিনে থতমত খাই গ’ল। কেভিনে কেতিয়াও আশা কৰা নাছিল যে তাৰ মাকে তাৰ বাবে ইমান এটা ভয়ানক চাৰপ্ৰাইজ ৰাখিব। যদি বন্ধৰ আৰম্ভণি দিনটোৱে এনেকুৱা হয় বাকীকেইটা সপ্তাহ সি কেনেকৈ পাৰ কৰিব? পিছৰ দিনকেইটা কেভিনৰ বাবে বৰ আমনিদায়ক আছিল। এদিন ৰাতিপুৱা আহাৰ গ্ৰহণ কৰাৰ পাছত কেভিনে তুলিকাৰে মজিয়াতে আৰ্ট পেপাৰখন থৈ ৰং কৰাত ব্যস্ত হৈ আছিল। সৌভাগ্যবশত মেক্স সেই সময়ত তাৰ ওচৰত নাছিল, যেতিয়া কেভিনে ছবিখনত ৰং বোলাই শেষ কৰিবৰ সময়তে ক’ৰপৰা জানো হাতত পেপছি বটল এটা লৈ মেক্স দৌৰি কেভিনৰ ওচৰলৈ আহিল। সি ইমানেই জোৰত দৌৰি আহিছিল যে সি নিজকে সন্তুলন কৰিব নোৱাৰি কেভিনে আঁকি থকা পেইণ্টিংখনতে উবুৰি খাই পৰিল, অন্যহাতে তাৰ হাতত থকা উন্মুক্ত পেপচি বটলটো পেইণ্টিংখনৰ ওপৰত পৰি ছবিখনেই একেবাৰে বিকৃত কৰি পেলালে।অন্য এদিনৰ কথা, গধূলি সময়লৈকে সকলো ঠিকেই চলি আছিল। লেকুনাটো লাগিল সেইখিনিতে যেতিয়া মেক্সে তাৰ লেতেৰা কাপোৰখিনি ৱাচিং মেচিনটোত ভৰাই দিলে, তাৰ কিছুসময়ৰ পাছতেই ৱাচিং মেচিনটোৰ পৰা কিছুমান অস্বাভাৱিক শব্দ ওলাবলৈ ধৰিলে, কেভিনে কথাটোৰ ভূ ল’বলৈ গৈ দেখে যে মেক্সে তাৰ আটাইতকৈ মৰমৰ জোতাজোৰ, কাপোৰৰ সৈতে ৱাচিং মেটিনটোত ভৰাই পেলাইছে। এদিন কেভিনে কিছুমান আমোদজনক বাতৰি পোৱাত খবৰ কাগজখন চিঞৰি চিঞৰি পঢ়ি আছিল।‘পৃথিৱীবিখ্যাত ডাক টিকত সংগ্ৰহ কৰা ব্যক্তি ডিক ব্ৰাউনৰ কিছুমান অতি মূল্যবান ডাক টিকত যোৱা সপ্তাহত নগৰত চুৰি হৈছে। ঠিক সেইদৰে অন্য কিছুমান সৰু-বৰ ব্যক্তিৰো বহু ডাক-টিকট চুৰি হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই সকলোবোৰ চোৰৰে একোখন সংযুক্ত জাল আছে।’ বাতৰিটোৰ শেষত সাৱধানবাণী হিচাপে এষাৰ কথা কোৱা হ’ল যে, সি সকল লোকৰ অভিৰুচি ডাক-টিকট সংগ্ৰহ কৰা, তেওঁলোকৰ টিকটবোৰ নিৰাপদ স্থানত ৰাখে যেন। কেভিনে বাতৰিটো পঢ়াৰ অন্তত সেপ ঢুকিলে আৰু ভাবিবলৈ ধৰিলে তাৰ বন্ধু এলানৰ সৈতে সংগ্ৰহ কৰা ডাক-টিকটখিনিৰ কথা। কেভিনে টিকটখিনি এলানৰ পৰা ঘূৰাই আনি নিজেই নিৰাপদ স্থানত ৰাখিব বুলি মনতে থিৰাং কৰিলে। কিন্তু কেভিনে সেই সময়ত এলানৰ ওচৰলৈ যাবলৈ অসমৰ্থ হ’ল। কাৰণ কেভিনৰ মাকৰ বান্ধৱীয়েক এগৰাকী আজি সিহঁতৰ ঘৰলৈ অহাৰ কথা আছে আৰু কেভিন সেই সময়ত ঘৰত উপস্থিত থকাতো মাকে কামনা কৰিছে। কেভিনে ঠিক কৰিলে যে জেঠাকৰ ল’ৰা মেক্সকেই সি তাক টিকটৰ এলবামটো আনিবলৈ এলানৰ ঘৰলৈ পঠাব। কেভিনে মেক্সক এলানৰ ঘৰৰ ঠিকনাটো ভালদৰে বুজাই দি পদূলিমুখলৈকে আগবঢ়াই দিলে। কিছুসময়ৰ পাছত মেক্সে হাতত টোপোলা এটা লৈ কেভিনৰ ওচৰলৈ দৌৰি আহিছে। কেভিনে টোপোলাটো পৰীক্ষা কৰি চাই দেখিলে যে সেইটো তাৰ ডাক-টিকট লগোৱা এলবামটো নহয়। তাত কিছুমান মূল্যবান ডাক-টিকট সংগ্ৰহ আছে। আচলতে মেক্স ভুলতে এলানৰ ঘৰ বুলি অন্য এঘৰৰ দুৱাৰত টোকৰ মাৰিছিলগৈ। কিন্তু কোনো প্ৰত্যুত্তৰ নহাত মেক্সে নিজেই উন্মুক্ত দুৱাৰখনেদি সোমাই গ’ল আৰু টেবুলৰ দয়াৰত কেভিনৰ এলবামটোৰ সৈতে সাদৃশ্য থকা একে এটা এলবাম পাই লৈ গুচি আহিল।কেভিনে সন্দেহ কৰিলে যে, এইটো ডিক ব্ৰাউনৰ সেই হেৰোৱা এলবামটোও হ’ব পাৰে। সেয়ে সি তৎক্ষণাত আৰক্ষীৰ সৈতেযোগাযোগ কৰিলে আৰু আৰক্ষীক জনালে যে সি এটা অতি মূল্যবান ডাক-টিকটৰ এলবাম পাইছে।ঘটনাটো সংঘটিত হোৱা এসপ্তাহমানৰ পাছত, কেভিন আৰু মেক্স দুয়োকে ডিক ব্ৰাউনৰ হেৰোৱা এলবামটো পুনৰুদ্ধাৰৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হ’ল।‘মই আৰু কেতিয়াও খং নকৰোঁ মেক্স’ কেভিনে ভাবিলে সেই সময়তে মেক্সে মাত লগালে।‘কভিন, মই আৰামী চকীখনত জপিয়াই থাকোতে তাত থৈ দিয়া তোৰ চশমাযোৰ দুৰ্ঘটনাবশত মই ভাঙি পেলালো, মোক মাফ কৰিবি।’


কাৰণটো এইটোৱেই যে দুয়োজন বন্ধু লগ হোৱাৰে পৰাই এইমাত্ৰ এখন বেচ অন্তৰংগ আলাপ আৰম্ভ হৈ গ’ল। তেনে সময়ত পৰিবেশটো ইমানেই জমি উঠিল যে কোনো শ্ৰেষ্ঠ দাৰ্শনিকৰ তত্বগধুৰ আলোচনাকো আপুনি নিৰিবিলি সময়ত পাহৰি যাবলৈ চেষ্টা কৰিব। আন্দাজ কৰি ল’ব পাৰে, কি এক দামী আড্ডা এই সময়ত তেওঁ দুজনৰ মাজত চলিব লাগিছে!


সুহুৰি এটা ওঁঠত লৈ সেন্দুৰীয়া বেলিটো অট্টালিকাৰ অৰণ্যখনত হেৰাই যাব ধৰিছে ক্রমশঃ আৰু মই এটা গপ্লৰ প্ৰসৱ বেদনাত চট্ফটাই আছোঁ। চুলিত হাত বুলাইছোঁ, গাত লৈ থকা শ্বলখন নখেৰে আঁচুৰিছোঁ আৰু উচ্চাৰণ কৰিছোঁ কিছুমান অস্পষ্ট অসম্পন্ন অসংলগ্ন শব্দ। হাতত নোটপেড এখন লৈ জেৰিণ মোৰ কাষতে থিয় হৈ আছে। অপেক্ষা কৰি আছে মোৰ..


মুহূৰ্তৰ ভিতৰতে বতাহৰ সোঁ সোঁৱনি বাঢ়ি আহিল, আকাশৰ ডাৱৰখিনি সঘনে নিজৰ স্থান সলনি কৰি আকৃতি সলাবলগীয়া হ’ল। গছবোৰে আউলি বাউলি হৈ বতাহৰ গতি আৰু দিশৰ ওচৰত নিজকে সঁপি দিলে, ক’ৰবাত আওঁজাই থোৱা টিনপাত দুখিলা মাটিত পৰি ডাঙৰকৈ শব্দ হোৱাৰ সময়তে কেমেৰাৰ ফ্লাচৰ দৰে বিজুলী এচমকাই দেখা দিলে, যেন...

শিতানসমূহ