সম্বন্ধ


দেউতাকৰ ড্ৰয়াৰত পোৱা সেই বিশেষ ডায়েৰীখনে বিষ্ণুপ্ৰিয়াৰ জীৱনৰ এটা ডাঙৰ অথচ গোপন সত্য উন্মোচন কৰিলে। তাই বুজিলে এইজন দেৱতাসদৃশ মানুহক তাই বহুত দুখ দিছে। বিষ্ণুপ্ৰিয়াৰ দুগালেদি চকুলো ববলৈ ধৰিলে।

:মামুন গা বেয়া নেকি? চাওঁ-চকুকেইটাচোন ফুলা লুচিৰ দৰে হৈ আছে! গা বেয়া যদি আৰাম কৰগৈ যা। শৰীৰক এনেকৈ কষ্ট দিব নাপায়। মানুহৰ জীৱনত বহুত কিবা কিবি ঘটিয়ে থাকে। কেৱল তই বা ময়েতো এই পৃথিৱীৰ দুখী মানুহ নহয়।

এৰা, ঠিকেই কৈছে দেউতাকে। ভগৱান শ্ৰীকৃষ্ণইও গীতাত কৈছে যি হ'বলৈ আছে সেয়াই হ'ব, যি হৈছে ভালেই হৈছে, যি হৈছিল সেয়াও ভাল আৰু যি হ'ব সেয়াও ভালেই হ'ব।

তাইৰ জীৱনত অতীত আৰু বৰ্তমানৰ মাজত ইমান ডাঙৰ পাৰ্থক্য! বৰ কষ্ট হয় অতীতক বাদ দি নিজক ভাবিবলৈ। এসময়ৰ বুকু ভৰি থকা প্ৰেমেও যে কেতিয়াবা তাইক কাঁইটে বিন্ধা দি বিন্ধিব পাৰে সেয়া হয়তু তাই কল্পনাও কৰিব পৰা নাছিল। প্ৰেমৰ বাবে আকৌ কিহৰ জাত পাত? কিহৰ উচ্চ নীচ? অন্তৰৰ মিলন যদি পৱিত্ৰ হয়, সমাজক ভয় কৰাৰ কিবা কাৰণ আছেনে?

:উস্ ৰাজনীল! ওলাই যোৱা মোৰ সত্তাৰ পৰা। মই দেখোন তোমাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছোঁ। কোনোদিনে উদ্ভৱ নোহোৱা প্ৰশ্নবোৰ কিয় আমাৰ মাজলৈ টানি আনিলা তুমি? তুমিতো আজিৰ মানুহ, এই একৈশ শতিকাৰ মানুহ।

বিষ্নুপ্ৰিয়াই নিজৰ মাজতে ভোৰভোৰালে। আজিকালি তাই নিজৰ মাজতে বহুত কথা পাতে। পাঁচ বছৰ! এৰা কম সময় নাছিল সিহঁতৰ বাবে, এজনে আনজনক বুজিবৰ কাৰণে। কিন্তু শেষত গৈ হ'লগৈ সেইখন। উচ্চ নীচৰ ৰাহিজোৰা নিমিলে বুলি ৰাজনীলৰ মাক-বায়েকহঁতে দেউতাকক

ঘৰলৈ আহি অপমান কৰি গ'ল। ইমান অপমান সহ্য কৰা যায়নে কেতিয়াবা?

বিষ্ণুপ্ৰিয়াই এটা দীঘল হুমুনিয়াহ এৰিলে। আৰু ৰাজনীল? তাৰ জীৱনত যেন একোৱেই ঘটা নাছিল। কোনো কথাৰ আৰম্ভণি নোহোৱাকৈয়ে সি সলনি কৰিছিল তাৰ মোবাইল নম্বৰ। উপেক্ষা কৰিছিল তাইক। কিন্তু তাইৰ বাবেতো ইমান সহজ নহয় পাঁচটা বছৰৰ স্মৃতি পাহৰিবলৈ। হৃদয়খনতো

আৰু গেলামালৰ দোকান নহয় যে ইচ্ছা কৰিলেই কোনোবাই বস্তাই বস্তাই প্ৰেম কিনিব পাৰে!

তাই প্ৰতিবাদ কৰিবলৈ লৈছিল। ফোন লগাইছিল ৰাজনীললৈ। খহটা মাত এটাৰে কোনোবাই ফোনটো উঠাইছিল-

: মই বিষ্ণুপ্ৰিয়া

:কি হ'ল পিছে? আঙুঠি পিন্ধিবলৈ সাজু হৈ আছা যেন পাঁও। কিন্তু আমাৰ ৰাজনীলে তোমাক এতিয়া আদৰিবলৈ নাযায়।

তাই ফোনটো থেকেচ মাৰি থৈছিল। খঙত, অভিমানত সৰসৰকৈ বাগৰিছিল চকুপানী।

অন্য এদিনৰ কথা। তাই নিলাজৰ দৰে আকৌ ফোন লগাইছিল সিহঁতৰ ঘৰলৈ। এইবাৰ ৰাজনীলৰ ওচৰত কেইটামান প্ৰশ্নৰ উত্তৰ বিছাৰি-

:লাজ চৰম নাই নেকি তোমাৰ হাঁ। ইমানবোৰ অপমান পোৱাৰ পাছতো। ল'ৰ পাগল কৰবাৰ!

:ফোনটো ৰাজনীলক দিলে মই বেছি ভাল পাম।

:অ এইবাৰ তেনেহ'লে আকৌ নতুন কৌশল তাক প্ৰেমৰ জালত বন্দী কৰিবলৈ। শুনা, তাৰ সৈতে মোৰ তেজৰ সম্বন্ধ আছে। মই তাৰ বায়েক হয়। তাৰ ওপৰত মোৰ অধিকাৰ আছে। তুমি কি অধিকাৰত তালৈ ফোন লগাইছা?

:হৃদয়ৰ দাবী!

কণ্ঠ নহয় যেন আত্মাৰ পৰাহে ওলাইছিল এই কথা। তাই কৈছিল-

:আজি পাঁচটা বছৰে আপোনাৰ ভায়েকেহে মোৰ সৈতে প্ৰেমৰ নাটক কৰিলে। এতিয়া নাটকৰ আঁৰ কাপোৰ পৰিলতো। খেলা খতম। মই কেতিয়াও এনে হবলৈ নিদিওঁ।

:কি....কি ক'লা তুমি? আকৌ এবাৰ কোৱাচোন। মোৰ সৈতে কি তুমি তৰ্ক কৰিবলৈ আহিছা?

:আজিৰ যুগৰ এজনী শিক্ষিতা ছোৱালীয়ে যুক্তি আৰু তৰ্কৰ মাজৰ এই সামান্য প্ৰভেদটো নিশ্চয় বিছাৰি উলিয়াব পাৰে। আপুনিওটো এগৰাকী শিক্ষিতা নাৰী। আজিৰ যুগৰ এগৰাকী শিক্ষিতা নাৰী হৈও ঘৰৰ মানুহবোৰক আপুনি কিয়া এবাৰ নুবুজালে যে আজিৰ সমাজত এইবোৰ উচ্চ নীচ ভাৱ নাই। আগতে মানুহবোৰে নাজানিছিল! সমাজে যি আজ্ঞা দিয়ে তাকে আইনৰ দৰে মানিছিল। কিন্তু সমাজৰ ভুল নীতিৰ বাবে যে আজিও কিমানজনে বিচ্ছেদৰ যন্ত্ৰণাত ভুগিছে তাৰ কিবা খবৰ আছেনে? হিন্দু, মুছলিম, শিখ বা অন্য সম্প্ৰদায়ৰ কথাটো ক'বই নালাগে, নিজৰ সাম্প্ৰদায়িক গোটবোৰৰ মাজতে দেখোন মতভেদ। যেনে ধৰক আপোনালোক ব্ৰাহ্মণ, আমি শূদ্ৰ। কিন্তু আমিতো হিন্দু ধৰ্মৰে মানুহ, নহয় জানো?

:চুপ থাকা, চুপ থাকা। অভদ্ৰ ছোৱালী। শিষ্টাচাৰৰ সাধাৰণ জ্ঞানকণো তোমাৰ নাই। ডাঙৰৰ মুখে মুখে যুক্তি দিবলৈ আহিছা?

:মনে মনে থাকক। শিক্ষা ড্ৰয়িংৰূমত সজোৱা আহিলা নহয়। আমাৰ পাঠ্যপুথিয়ে, আমাৰ সংবিধানে আমাক কি শিকাইছে? জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি ভাৰতীয় নাগৰিক। আজি ইমান বছৰৰ শিক্ষাৰ ফচল কি এয়াই নেকি?

:তুমি মোক শিক্ষা দিব নালাগে বিষ্ণুপ্ৰিয়া। এটা কথা জানি থবা যে প্ৰাপ্তিয়ে জীৱনৰ শেষ কথা নহয় আৰু প্ৰেম মানেও বিবাহ নহয়।

:কিন্তু মানুহেটো প্ৰাপ্তিৰ বাবেই জীয়াই থাকে। প্ৰাপ্তিৰ বাবেই মানুহে সংগ্ৰাম নকৰে জানো? আপুনি প্ৰেমৰ কথা কৈছে...হয় অৱশ্যেই হয়। ঠিকেই কৈছে আপুনি। হাঃ হাঃ। মিচ ৰাজসূয়া দেৱী। সকলো যুক্তি তৰ্কৰ পৰা আঁতৰি আপুনি হঠাতে কিয় এনেকৈ ক'লে? শুনক তেনেহ'লে যি প্ৰেমৰ বাবে(একপক্ষীয় বা ক্ষন্তেকীয়া প্ৰেমৰ কথা কোৱা নাই) এজনে আনজনৰ অবিহনে জীয়াই থকাৰ কথা ভাবিব নোৱাৰে, সেই প্ৰেমৰ পৰিণতিতো বিবাহ হ'বই লাগিব। মোৰ এজন সম্বন্ধীয় খুড়াই এই প্ৰেমৰ বাবেই ঘৰ সংসাৰৰ প্ৰতি উদাসীন হৈ এতিয়াও বিৰহী জীৱন কটাই আছে। জীৱনত অন্য

নাৰীৰ কথা দেখোন তেওঁ ভাবিবই নোৱাৰিলে। প্ৰেম এপাট শক্তিশালী অস্ত্ৰ জানেনে? গতিকে আপুনি মোক নীতিশিক্ষা নিদিলেও হ'ব।

বিষ্ণুপ্ৰিয়াই খঙতে ফোপাইছিল। ৰাজসূয়া দেৱীয়ে ফোনটো ৰাখিছিল। সৰসৰাই বিষ্ণুপ্ৰিয়াৰ দুগালেদি চকুপানী সৰিছিল।

কিয় এনে হ'ল তাইৰ জীৱনত?কিয়? চনকা কাঁচৰ দৰে এনেকৈয়ে ভাগেনে সপোন? সপোন হেৰুৱাৰ যন্ত্ৰণাত তাই উজাগৰে ৰৈছিল। খোৱা বোৱা কৰাতো দূৰৰে কথা। খোৱা বস্তুৰ গোন্ধ পালেই তাইৰ উকালি আহিব খুজিছিল। ৰাজনীলৰ অবিহনে যেন তাই হৈ পৰিছিল মৰি মৰি জীয়াই থকা এজনী অসহায় নাৰী।

:পাহৰি যোৱা মামুন। পাহৰি যোৱা তাক। অলপ হলেও মোৰ কথা ভাবাছোন তুমি। তোমাৰ মাৰাৰ অবিহনেই জানো মই তোমাক ডাঙৰ কৰা নাই?

কপালত হাত বোলাইছিল দেউতাকে।

কিন্তু আজি হঠাতে দেউতাকৰ ড্ৰয়াৰত পোৱা আলপিনেৰে খুচি শৰবিদ্ধ কৰি পেলোৱা ডায়েৰীখনৰ কেইটামান পৃষ্ঠাই তাইৰ জীৱনৰ এটা ডাঙৰ ৰহস্য উন্মোচন কৰিলে। দেউতাকৰ সৈতে তাইৰ কোনো তেজৰ সম্বন্ধ নাই। আচৰিত। ইমান আদৰেৰে তাইক ডাঙৰ কৰিছে, সেইজন মানুহৰ সৈতে তাইৰ তেজৰ সম্বন্ধ নাই? বিষ্ণুপ্ৰিয়াৰ বুকুখন উকা উকা লাগিল।

কিন্তু তাতোতকৈ ডাঙৰ কথা হ'ল সুব্ৰত বৰুৱা মানে তাইৰ দেউতাক এজন অবিবাহিত ব্যক্তি। ডায়েৰীখনৰ এটা পৃষ্ঠাত তাইৰ চকু ৰৈ গ'ল-"সাধাৰণ এটা জ্বৰত ভুগি নয়নাৰ মৃত্যু হোৱাৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। তেনেতে এদিন অফিচৰ পৰা ৰাতি উভটি আহোঁতে ৰাজপথৰ সোঁ মাজত কণমানি শিশু এটা পৰি থকা দেখিলোঁ। কোনোবাই পেলাই থৈ গৈছিল। কিজানি কাৰোবাৰ অবৈধ সন্তান আছিল! ৰঙচুৱা কেঁচুৱাটো ঠাণ্ডাত কোঁচমোচ খাই পৰি আছিল। মই আৰু স্থিৰেৰে থাকিব নোৱাৰিলোঁ। মোৰ বিবেকে চিঞঁৰিছিল এনেকৈ থাকিলে কেঁচুৱাটো মৰি থাকিব। কাউৰী কুকুৰে ভক্ষণ কৰিব। মই অন্তৰাত্মাৰ আহ্বান মানি কেঁচুৱাটো ঘৰলৈ আনি তাৰ প্ৰতিপালন কৰিছিলো। তাই ছোৱালী আছিল। নাম থলোঁ বিষ্ণুপ্ৰিয়া। মোৰ হ'বলগীয়া পত্নী নয়নাৰ আকষ্মিক মৃত্যুৱে মোক জীৱনৰ প্ৰতি উদাসীন কৰি তুলিছিল। কিন্তু এই অকণমানিজনীয়ে মোক আজি জীয়াই থাকিবলৈ শিকাইছে। এতিয়া তাইয়ে মোৰ বুকুকৰ মাণিকস্বৰূপ। তাইয়ে মোৰ সপোন, মোৰ আশা ভৰসাৰ স্থল, মোৰ জীৱনৰ কেন্দ্ৰবিন্দু!!"

কান্দিছিল তাই। জীৱনৰ প্ৰকৃত সত্য জানি তাই ৰূমৰ দুৱাৰ বন্ধ কৰি কান্দিছিল। এজন দেৱতাতুল্য মানুহৰ বাবে তাই কান্দিছিল। শ্ৰদ্ধাত মূৰ দোঁৱাইছিল তাই সুব্ৰত বৰুৱাৰ প্ৰতি।

অৱশেষত তাই সিদ্ধান্তটো লৈ পেলালে। ৰাজনীল তাইৰ জীৱনলৈ উভটি আহে নে নাহে তাই নাজানে। কিন্তু তাই দেউতাকক কেতিয়াও কষ্ট দিব নোৱাৰে। ইমান এজন উদাৰ মনৰ মানুহক তাই কেতিয়াও অকলশৰীয়াকৈ এৰি কতো যা নোৱাৰে। বিষ্ণুপ্ৰিয়াই মনটো দৃঢ় কৰি ল'লে।


কাৰণটো এইটোৱেই যে দুয়োজন বন্ধু লগ হোৱাৰে পৰাই এইমাত্ৰ এখন বেচ অন্তৰংগ আলাপ আৰম্ভ হৈ গ’ল। তেনে সময়ত পৰিবেশটো ইমানেই জমি উঠিল যে কোনো শ্ৰেষ্ঠ দাৰ্শনিকৰ তত্বগধুৰ আলোচনাকো আপুনি নিৰিবিলি সময়ত পাহৰি যাবলৈ চেষ্টা কৰিব। আন্দাজ কৰি ল’ব পাৰে, কি এক দামী আড্ডা এই সময়ত তেওঁ দুজনৰ মাজত চলিব লাগিছে!


সুহুৰি এটা ওঁঠত লৈ সেন্দুৰীয়া বেলিটো অট্টালিকাৰ অৰণ্যখনত হেৰাই যাব ধৰিছে ক্রমশঃ আৰু মই এটা গপ্লৰ প্ৰসৱ বেদনাত চট্ফটাই আছোঁ। চুলিত হাত বুলাইছোঁ, গাত লৈ থকা শ্বলখন নখেৰে আঁচুৰিছোঁ আৰু উচ্চাৰণ কৰিছোঁ কিছুমান অস্পষ্ট অসম্পন্ন অসংলগ্ন শব্দ। হাতত নোটপেড এখন লৈ জেৰিণ মোৰ কাষতে থিয় হৈ আছে। অপেক্ষা কৰি আছে মোৰ..


মুহূৰ্তৰ ভিতৰতে বতাহৰ সোঁ সোঁৱনি বাঢ়ি আহিল, আকাশৰ ডাৱৰখিনি সঘনে নিজৰ স্থান সলনি কৰি আকৃতি সলাবলগীয়া হ’ল। গছবোৰে আউলি বাউলি হৈ বতাহৰ গতি আৰু দিশৰ ওচৰত নিজকে সঁপি দিলে, ক’ৰবাত আওঁজাই থোৱা টিনপাত দুখিলা মাটিত পৰি ডাঙৰকৈ শব্দ হোৱাৰ সময়তে কেমেৰাৰ ফ্লাচৰ দৰে বিজুলী এচমকাই দেখা দিলে, যেন...


কেভিনে বৰ আগ্ৰহেৰে গৰমৰ দিনকেইটাৰ বাবে অপেক্ষা কৰি আছিল। কাৰণ তাৰ মাকে বন্ধৰ দিনত তাৰ বাবে এটা ডাঙৰ চাৰপ্ৰাইজ দিয়াৰ কথা আছে। কেভিনে তাৰ খবৰ কাগজৰ টুকুৰা লগোৱা বহীখন উলিয়াই সি প্ৰয়োজন বুলি ভবা খবৰবোৰ লগাবলৈ ধৰিলে। তাৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু ভাললগা গৰম বন্ধৰ দিনকেইটা আহি পৰিছে...

শিতানসমূহ