গ্ৰন্থৰ খবৰ


ৰূপালীম দত্তৰ ‘ঈশ্বৰৰ মৃত্যু কামনা’

✍ বিতোপন শইকীয়া

পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে বহুবোৰ বিশ্বাসৰ মাজেৰে জীৱনটো অতিবাহিত কৰে। এই বিশ্বাসবোৰৰ প্ৰায়বোৰেই পৰম্পৰাগতভাৱে আমাৰ ওপৰত জাপি দিয়া হয় বা আমি গ্ৰহণ কৰোঁ। আনহাতে কিছুমান বিশ্বাস ব্যক্তিগতভাৱে বা সামাজিক পৰিবেশৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। অপ্ৰিয় হ’লেও সত্য যে ইয়াৰে প্ৰায়বোৰ বিশ্বাসক আমি ওপৰোৱাকৈ মানি লওঁ, ইয়াৰ সত্যতা বা বিশ্বাসযোগ্যতাক কেতিয়াও যুক্তিৰে বিশেষণ নকৰো। ফলস্বৰূপে বহুবোৰ অযুক্তিকৰ ধাৰণা বা অন্ধবিশ্বাসে আমাৰ মনত থিতাপি লয়। এনে ধ্যান-ধাৰণাৰে পৰিচালিত হৈ বহুসংখ্যকে বাহ্যিক বিলাসিতাকে সাৰথি কৰি জীৱন বাটত আগুৱায়। যিটো ব্যৱস্থাত মানসিক উৎকৰ্ষ সাধন বা বৈজ্ঞানিক মানসিকতা বহু নিলগৰ বস্তু।

কিছুদিন আগতে এখন কিতাপ পঢ়ি থাকোতে উপৰোক্ত ভাৱবোৰে মনত দোলা দি আছিল। যিসকল লোকে বিভিন্ন অলৌকিকতা, অন্ধবিশ্বাস আদিক সাৰথি কৰি আধুনিকতাৰ বা আধুনিক মানসিকতাৰ পৰিচয় দিয়ে সেইসকলৰ বিশ্বাসক অতি নিদাৰুণভাৱে আঘাত হনা হৈছে ৰূপালিম দত্ত ঈশ্বৰৰ মৃত্যু কামনা নামৰ গ্ৰন্থখনত। ইতিমধ্যে দত্তই নিজৰ লেখাৰ মাজেৰে এগৰাকী যুক্তিবাদী লেখিকা হিচাপে পৰিচয় দিছে। অন্ধবিশ্বাস আৰু মানুহৰ চিন্তাৰ যি তাৰল্য তাক লেখিকাই কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

মুঠ পাঁচটা অংকত বিভক্ত গ্ৰন্থখনত প্ৰতিটো অংকতে কেইবাটাও সৰু-ডাঙৰ প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে. ইয়াৰ মাজৰে কেইটামান উল্লেখযোগ্য প্ৰবন্ধ হৈছে - অন্ধ অনুকৰণ অন্ধ উন্নাসিকতা, অন্ধবিশ্বাসৰ অন্য নাম বাস্তুশাস্ত্ৰ, উচ্চশিক্ষিত অন্ধবিশ্বাসী আৰু আমি ইত্যাদি উল্লেখযোগ্য। প্ৰবন্ধকেইটাৰ মাজেৰে লেখিকাই বিভিন্ন ক্ষেত্ৰৰ মানুহৰ জীৱনৰ বিশেষণ কৰিছে। উদাহৰণস্বৰূপে অন্ধ অনুকৰণৰ বশৱৰ্তী হৈ বহুতে নিজা ঐতিহ্য-পৰম্পৰাক বিসৰ্জন দিছে। কিন্তু যিবোৰ পৰম্পৰা আমদানি কৰিছে সেইবোৰৰো যুক্তিযুক্ততা পৰিলক্ষিত নহয়। আনহাতে বৰ্তমান সমাজখনক গ্ৰাস কৰা আন এটা উৎস হ’ল বাস্তুশাস্ত্ৰ। যিটোৱে অন্ধবিশ্বাসক এক নতুন মাত্ৰা প্ৰদান কৰিছে। কিন্তু লক্ষণীয়ভাৱে প্ৰচাৰ ব্যৱস্থা আৰু বিভিন্ন সামাজিক উৎসবোৰ এইক্ষেত্ৰত নিমাত। অন্ধবিশ্বাসৰ অন্য নাম বাস্তুশাস্ত্ৰ প্ৰবন্ধটোত এই কথা স্পষ্ট ৰূপত ফুটি উঠিছে। ঠিক তেনেদৰেই বাকী প্ৰবন্ধকেইটাতো তেওঁ বৰ্তমান সমাজখনৰ বিভিন্ন দোষ তথা অন্ধবিশ্বাসবোৰ ফঁহিয়াই দেখুৱাইছে।লেখিকাই প্ৰধানতঃ বৰ্তমান সমাজ ব্যৱস্থাত বৰ্তি থকা বিভিন্ন অন্ধবিশ্বাসকে মূল হিচাপে লৈ গ্ৰন্থখন প্ৰণয়ন কৰিছে। কিন্তু ই অনস্বীকাৰ্য যে এনে এখন গ্ৰন্থ আমাৰ সমাজৰ সকলো পৰ্যায়ৰ লোকৰ বাবে অতি প্ৰয়োজনীয়। এইক্ষেত্ৰত ই এটা সাহসী পদক্ষেপ। গ্ৰন্থখনত লেখিকাই ৰীতি-নীতিৰ নামত প্ৰচলিত ভণ্ড পৰম্পৰাবোৰৰ লগতে ধৰ্মভীৰুসকলৰ ঈশ্বৰ বিশ্বাসকো কটাক্ষ কৰিছে। কিন্তু এইখিনিতে এটা কথা ক’ব লাগিব যে গ্ৰন্থখনত ঈশ্বৰ অবিশ্বাসী মানেই বেয়া আৰু ঈশ্বৰ বিশ্বাসী মানেই ভাল - তাক দেখুৱাব খোজা নাই। যুক্তিবাদী চিন্তাৰ দ্বাৰা পৰিচালিত হৈ লেখিকা দত্তই যিখন আধুনিক সমাজৰ সপোন দেখে তাক বাস্তৱায়িত কৰিবলৈ ই এক সাৱধানী কিন্তু শক্তিশালী পদক্ষেপ।একবিংশ শতিকাৰ বিজ্ঞানৰ এই জয়যাত্ৰাৰ দিনতো আমি কাকতৰ ৰাশিফল চাইহে দিনটো আৰম্ভ কৰিব পাৰো। এনে উদাহৰণ আৰু বহুতো ওলাব। প্ৰকৃতাৰ্থত ইয়াৰ বাবে যিকোনো একোটা নিৰ্দিষ্ট কাৰণকে দোষাৰোপ কৰিব নোৱাৰি। শিক্ষা-দীক্ষা, যুক্তিহীন পৰম্পৰা প্ৰীতিকে ধৰি নিম্নমানৰ চিন্তাধাৰা আদি বিভিন্ন কাৰণ ইয়াৰ বাবে দায়ী। অশিক্ষিত সাধাৰণ নাগৰিকৰ কথা বাদেই, উচ্চশিক্ষিত বিজ্ঞানী, চিকিৎসক আদি ব্যক্তিও অন্ধবিশ্বাসৰ পৰিধিৰ বাহিৰত নহয়। লেখিকাই অতি সাৱলীলভাৱে উপস্থাপন কৰিছে যে ঈশ্বৰ বিশ্বাসো কোনো অন্ধবিশ্বাসৰ ঊৰ্ধ্বত নহয়। আমি সম্পূৰ্ণভাৱে লেখিকাৰ লগত সহমত পোষণ কৰো যে মানুহক মানৱীয় কৰাৰ স্বাৰ্থত যি ঘণ্টাধ্বনিৰে ঈশ্বৰক জগাই তোলা হৈছিল, সেই ঘণ্টাধ্বনিৰেই ঈশ্বৰক বিদায় দিয়াৰ সময়ো সমাগত।ঈশ্বৰৰ মৃত্যুকামনা গ্ৰন্থখন বৰ্তমান সমাজখনত চলি থকা বিভিন্ন ভ্ৰষ্টাচাৰ, অমানৱীয় কৰ্মকাণ্ড, অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী কণ্ঠস্বৰূপ। সৰ্বসাধাৰণৰ ঈশ্বৰ বিশ্বাসক ভেটি কৰি ধৰ্মীয় গোড়ামিৰ সমাজখনত যি নেতিবাচক প্ৰভাৱ তাক অতি চোকা সমালোচনা কৰিছে গ্ৰন্থকাৰে। সমসাময়িক সামাজিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে গ্ৰন্থৰ বিষয়বস্তু নিৰ্বাচন সঠিক হৈছে। লেখিকা দত্তই যি লক্ষ্য লৈ যুঁজাৰো মানসিকতাৰে এই কলম ধৰিছে সেই কলমৰ গতিত যেন যতি নপৰে।

ৰূপালীম দত্তৰ গ্ৰন্থৰ ভাষা প্ৰাঞ্জল। ই সকলো পৰ্যায়ৰ নাগৰিকৰ বোধগম্য। উপস্থাপন ৰীতিও পাঠকক আকৰ্ষিত কৰিব পৰা। কিন্তু গ্ৰন্থখনৰ দুই এটা প্ৰবন্ধৰ উপস্থাপন আৰু উন্নত হোৱাৰ থল আছিল, কিন্তু বাকীবোৰৰ সন্মুখত ই তেনেই ম্লান। গ্ৰন্থৰ বিষয়বস্তুৰ নিৰীক্ষণ কৰি গ্ৰন্থৰ নামকৰণো উপযুক্ত হৈছে। গ্ৰন্থৰ নামৰ পৰাই পাঠকে বিষয়বস্তুৰ উমান পাব পাৰে। এক কথাত ক’বলৈ গ’লে ৰূপালীম দত্তৰ গ্ৰন্থখনে পাঠকৰ মনত চিন্তাৰ খোৰাক যোগাব পাৰে। যি গ্ৰন্থই পাঠকৰ মনত প্ৰৰ অৱতাৰণা কৰি চিন্তাৰ বাট মুকলি কৰিব পাৰে তেনে এখন গ্ৰন্থ নিশ্চিতভাৱে পাঠক আৰু সমাজৰ বাবে উপযোগী। এইক্ষেত্ৰত ঈশ্বৰৰ মৃত্যু কামনা এখন উৎকৃষ্ট গ্ৰন্থ। সমাজৰ পৰা বিভিন্ন অপসংস্কৃতি আঁতৰ কৰি সুস্থ মানসিকতাৰে পূৰ্ণ এখন সমাজ গঢ়াত এনে গ্ৰন্থৰ গুৰুত্ব সন্দেহৰ ঊৰ্ধ্বত।

শিতানসমূহ