চলচ্চিত্ৰ

চেভেন চামুৰাই

✍ অমৰজ্যোতি ভূঞা

জাপান বৰ্তমান বিশ্বৰ এখন শক্তিশালী দেশ, কিন্তু জাপানৰ ইতিহাস অতি কৰুণ। পোন্ধৰ শতিকাৰ আশে-পাশে সময়ছোৱাত জাপান আছিল সাধাৰণ খাতি খোৱা মানুহৰ দেশ তথা খেতিয়কসকলৰ অৱস্থা আছিল অতি দুৰ্বল। এই শ্ৰেণীৰ লোকৰ ওপৰত সেই সময়ত নিৰ্মম অত্যাচাৰ চলিছিল। খেতিয়ক শ্ৰেণীৰ মানুহবোৰ শক্তিশালী নোহোৱাৰ বাবে তেওঁলোকৰ উৎপাদিত সা-সামগ্ৰী কাঢ়ি লৈ গৈছিল। ৰজাঘৰতে মাত্ৰ কৰ-কাটল গ্ৰহণতে নিজৰ দায়িত্ব সীমাৱদ্ধ ৰাখিছিল। খেতিয়ক তথা খাটি খোৱা লোকৰ জীৱন তথা সম্পত্তিৰ নিৰাপত্তাৰ বাবে ৰাজঘৰে কোনো কাৰ্যপন্থা হাতত লোৱা নাছিল। জাপানী ইতিহাসবিদে এই সময়ছোৱাৰ নাম দিছে Sengoku Period বা Warring States Period বুলি।ইতিহাসৰ উপৰোক্ত ঘটনাৰাজিৰ আলম লৈ এখন জাপানী গাঁৱৰ পটভূমিত জাপানী চলচ্চিত্ৰ পৰিচালক আকিৰা কুৰুশ্বুৱাই যোৱা শতিকাৰ মাজভাগতে অৰ্থাৎ ১৯৫৪ চনত নিৰ্মাণ কৰি উলিয়াইছিল ‘চেভেন চামুৰাই’ চলচ্চিত্ৰখনি। আকিৰা কুৰুশ্বুৱাই এজন পৰিচালকেই নাছিল, তেওঁ আছিল একেধাৰে এজন প্ৰযোজক স্ক্ৰীণ ৰাইটাৰ (Screen Writer) আৰু বোলছবি সম্পাদনা কৰোতো। তেওঁ জাপানী বোলছবি জগতলৈ ত্ৰিশখন বোলছবি আগবঢ়াই থৈ গৈছে। কুৰুশ্বুৱাৰ ‘চেভেন চামুৰাই’ ছবিখনৰ চামুৰাই মানে হৈছে জাপানৰ উচ্চশ্ৰেণীৰ যুঁজাৰু লোক। তেওঁলোকে উচ্চ নিৰিখত মূল্য লৈ কৰ্ম সম্পাদন কৰে।পৰিচালক গৰাকীয়ে ছবিখনৰ সমগ্ৰ ঘটনাৰাজি বিশ্লেষণী শক্তিৰে সুন্দৰৰূপে উপস্থাপন কৰিছে। দুখীয়া খেতিয়ক গঞাৰ জীৱনক লৈ আগবঢ়া ছবিখনত সাধাৰণ মানুহখিনিৰ দুখ-দুৰ্দশা, ক্ষোভ, হতাশা, হুমুনিয়াহ আদিবোৰ বোলছবিখনত পৰিচালক গৰাকীয়ে সুন্দৰভাৱে ফুটাই তুলিছে।শব্দৰ সংযোজন আৰু আৱহ সংগীতৰ ক্ষেত্ৰত বোলছবিখনৰ দুৰ্বলতা স্পষ্ট। যিয়ে নেকি ছবিখনক আমনিদায়ক কৰি তোলাৰ যথেষ্ট সম্ভাৱনা আছিল। কিন্তু সাধাৰণ গঞাৰ পৰা আৰম্ভ কৰি চামুৰাই চৰিত্ৰত অভিনয় কৰা সকলো অভিনেতাৰে সুনিপুণ অভিনয়ে আৰু কাহিনীৰ গতিময়তাই এই দুৰ্বলতা অতিক্রম কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে বোলছবিখন উপভোগ্য হৈ পৰিছে।এখন বোলছবি নিৰ্মাণ কৰোতে সমাজ আৰু সংস্কৃতিক সুন্দৰ ৰূপত উপস্থাপন কৰাতো নিতান্তই প্ৰয়োজনীয়। কাৰণ এখন বোলছবিয়ে এটা সময়ৰ সংস্কৃতিক ঐতিহ্য বহন কৰে। ‘চেভেন চামুৰাই’ ছবিখনত পৰিচালক কুৰুশ্বুৱাই জাপানী সভ্যতা-সংস্কৃতি সুন্দৰ ৰূপত উপস্থাপিত কৰিছে।বোলছবিখনত চামুৰাইৰ চৰিত্ৰসমূহৰ জৰিয়তে পৰিচালকে কঠোৰ নীতি-নিয়মৰ বিপৰীতে নমনীয় মানৱীয়তাৰ জয়গান গাইছে। সাধাৰণতে চামুৰাইসকলে সাধাৰণ মানুহৰ দুখ-দুৰ্দশা আঁতৰোৱাৰ বাবে কোনো কাৰ্য নকৰে। এই যুগৰ লোকসকলে প্ৰতিদিনে কাম কৰে মাত্ৰ উচ্চ মূল্যৰ বিপৰীতে। কিন্তু বোলছবিখনত চামুৰাইসকলে মাত্ৰ তিনিসাজি খাদ্যৰ বিনিময়তেই হদুৱা। মানুহৰ সুৰক্ষাৰ দায়িত্ব অতি নিষ্ঠুৰতাৰে পালন কৰিবলৈ গাত পাতি লৈছে। পৰিচালকৰ এই ধাৰণা তথা নমনীয় মানৱতাৰ ধাৰণা আজিৰ দিনতো প্ৰাসংগিকতা আছে। সেয়ে ছবিখন সকলো সময়তেই সমানেই প্ৰাসংগিক।বোলছবিখনত ৰজাঘৰীয়া অকৰ্মণ্যতাৰ কথা সঠিকভাৱে দৃশ্যায়ন হোৱা নাই। এই কথা পৰিচালকে গঞাৰ মুখে কোৱাইছে মাত্ৰ। এই দুৰ্বলতাৰ বাহিৰে কাহিনী ভাগত আন দুৰ্বলতা নাই। মূল কাহিনী, আনুষংগিক দৃশ্যাংশ আৰু উপযুক্ত সংলাপৰ ব্যৱহাৰে ছবিখন সমৃদ্ধ কৰিছে। মূল কাহিনী তেনেই সৰল। এই সফলতাৰ বাবে মূল ছবিখনৰ লেখক ‘আকিৰা কুৰুশ্বুৱা’, ‘চিনাৰো হাচিমোৰো’ আৰু হিদিঅ’ আগমি’ সমানে প্ৰশংসাৰ পাত্ৰ।পৰিচালকে বোলছবিখনত কাটচুচিৰো (Katsushiro) চৰিত্ৰটোৰ যোগেৰে আকৌ এবাৰ প্ৰেমৰ জয়গান গাইছে। ছবিখনত দুটা বিভিন্ন সম্প্ৰদায়ৰ মাজত প্ৰেম হ’লে সৃষ্টি হোৱা পৰিস্থিতি আৰু কাটচুচিৰো আৰু চাইনোৰ প্ৰেমৰ আনুষংগিক দৃশ্যাৱলী সুন্দৰ ৰূপত উপস্থাপিত কৰিছে। বোলছবিখনত ব্যৱহৃত শস্য ৰোপন কৰি থাকোতে গোৱা গীতৰ দৃশ্যাংশ আৰু ব্যৱহৃত জাপানী লোকসংগীতৰ সমাহাৰে ছবিখনৰ মান আৰু এখোজ ওপৰলৈ লৈ গৈছে।ছবিখনে মানুহৰ অদম্য ইচ্ছাৰ কথা সোঁৱৰাই দিবলৈ পাহৰা নাই। কিক’চিয় (Kikochiyo) চৰিত্ৰৰ যোগেদি তেওঁ এই কথা প্ৰমাণ কৰিছে, যে অদম্য ইচ্ছাশক্তিৰ জৰিয়তে মানুহে নিজৰ কৰ্ম পটুটা বৃদ্ধি কৰিব পাৰে। কিক’চিয়য়ে নিজকে এক সাধাৰণ খেতিয়কৰ সন্তানৰ পৰা নিজকে চামুৰাই তথা যুদ্ধা বুলি চিনাকি দিবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত ছবিখন সকলো উপাদানেৰে সমৃদ্ধ হৈছে। ছবিখনে ২০৭ মিনিট সময়েই দৰ্শকক আকৰ্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছে।আকিৰা কুৰুশ্বুৱাই ‘চেভেন চামুৰাই’ ছবিখন মাত্ৰ ভাল বোলছবিয়েই নহয়, এই বোলছবিখন বিশ্বৰ বোলছবিজগতৰ মাইলৰ খুঁটি স্বৰূপ। কিয়নো এই ছবিখনত কিছুসংখ্যক মানুহ একগোট হৈ নিৰ্দিষ্ট বা একক উদ্দেশ্যত একেলগে কাম কৰাৰ (A group of people assemble to carry out a mission) ধাৰণা (concept) বোলছবি জগতত কুৰুশ্বুৱাই ‘চেভেন চামুৰাই’ ছবিখনেহে দিবলৈ সক্ষম হৈছে। এই ধাৰণাৰ ওপৰত ভিত্তি কৰি বিশ্বৰ প্ৰায়বোৰ লেখত ল’বলগীয়া ছবি নিৰ্মাণ হৈ আছে।জাপানৰ বুৰঞ্জী, সমাজ আৰু সংস্কৃতিক ভেঁটি হিচাপে লৈ কৰা ‘চেভেন চামুৰাই’ বোলছবিখন যোৱা শতিকাৰ শ্ৰেষ্ঠ বোলছবিসমূহৰ মাজৰ এখন বুলি নিঃসন্দেহে ক’ব পাৰি। ১৯৮২ চনলৈকে এই ছবিখন বিশ্বৰ তিনিখন আলোড়ন সৃষ্টিকাৰী বোলছবি হিচাপে স্থাপন লাভ কৰিছিল। ১৯৯২, ২০০২ আৰু বৰ্তমানেও এই ছবিখনে পৃথিৱীত দহখন আলোড়ন সৃষ্টিকাৰী বোলছবিৰ মাজৰ এখন হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত আকিৰা কুৰুশ্বুৱাই জাপানী চলচ্চিত্ৰ প্ৰেমীলৈ এখন সুন্দৰ বোলছবি উপহাৰ দি গৈছে।

শিতানসমূহ