শেষ কলম


পাঠ্যক্ৰমৰ কেইটামান বিষয়বস্তু ইণ্টাৰনেটত সন্ধান কৰিবলৈ বহি মাছাছুছেটছ ইনষ্টিটিউটছ অৱ টেকনলজীৰ(MIT) অনলাইন মুক্ত শিক্ষাৰ(MIT Open Course Ware) ব্যৱস্থাপ্ৰণালীৰ সোৱাদ পালোঁ। কেৱল এম আই টিয়েই নহয়, আন কেইবাখনো এনেধৰণৰ শিক্ষানুষ্ঠানৰ এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন বিষয়ৰ শিক্ষা পৃথিৱীৰ যিকোনো ঠাইৰ পৰা(ইণ্টাৰনেটৰ সংযোগ থকা) বিনামূলীয়াকৈ লাভ কৰিব পৰা যায়। ইয়াৰ শিক্ষণ প্ৰণালীসমূহৰ ভিতৰত শ্ৰেণীকোঠাৰ ভিডিঅ, নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত টোকা, প্ৰশ্ন-উত্তৰ ইত্যাদিৰ পিডিএফ সংস্কৰণ বিনামূল্যে উপলব্ধ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুৰাগীসকলৰ বাবে এই ব্যৱস্থা যথেষ্ট সহায়ক হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ ভাৰতৰ কেইবাখনো শিক্ষানুষ্ঠান( আই আই টি, আই আই এচ চি) লগ হৈ এনপিটেল(NPTEL) শীৰ্ষক এলানি মুক্তশিক্ষাৰ পাঠ্যক্ৰম ইণ্টাৰনেটযোগে আৰম্ভ কৰিছে।

কেৱল মাত্ৰ এজন শিক্ষকে এনেদৰে পৃথিৱীজুৰি প্ৰভাৱ বিস্তাৰ কৰা কেনেকৈ সম্ভৱ হব পাৰে? এটা সাক্ষাৎকাৰত লুইনৰ মতে তেওঁ আচলতে সকলোকে নিজৰ পৃথিৱীখনৰ সৈতে চিনাকিহে কৰাই দিয়ে। সৰু সৰু কথাবোৰৰ ব্যৱহাৰিক প্ৰমাণ তাতে দাঙি ধৰাটো তেওঁৰ আন এক বৈশিষ্ট্য। উদাহৰণস্বৰূপে, আকাশখন নীলা কিয়, বা নীলা আকাশৰ মাজতে ডাৱৰখিনি বগা কিয়, এইধৰণৰ প্ৰশ্নৰ উত্তৰ হিচাপে যদি কেৱল ৰেইলে বিচ্ছুৰণ(Rayleigh Scattering) বুলি নকৈ কোনোবা এজনে শ্ৰেণীকোঠাত চকুৰ সন্মুখতে নীলা আকাশ আৰু বগা ডাৱৰ সৃষ্টি কৰি দেখুৱায়, নিশ্চয় সকলোৰে বুজাৰ সুবিধা হোৱাৰ লগতে পৰৱৰ্তী ধাৰণাসমূহৰ প্ৰতি আগ্ৰহী হৈ পৰা যায়। ৱাল্টাৰ লুইনে চিগাৰেটৰ ধোঁৱাৰ সহায়ত শ্ৰেণীকোঠাত নীলা আকাশৰ ৰং ব্যাখ্যা কৰাৰ লগতে বগা ডাৱৰৰ ৰহস্যও প্ৰদৰ্শন কৰি দেখুৱাইছিল। এইটো তেনেই এটা সৰু উদাহৰণহে মাত্ৰ। পেণ্ডুলাম এটাৰ দোলন(No of swing) তাৰ ওপৰত আৰোপিত ওজনৰ ওপৰত যে নিৰ্ভৰ নকৰে, সেই কথাৰ প্ৰমাণ দিবৰ বাবে তেওঁ নিজেই পেণ্ডুলামটোৰ তলৰফালে ওলমি দি শ্ৰেণীত উপস্থিত সকলোকে চমক খুৱাইছিল। এনেধৰণৰ বহুতো কিছুমান পৰীক্ষাত তেওঁ জড়িত হৈ পৰে, যিবোৰত হবপৰা ক্ষুদ্ৰতম ভুলে কঢ়িয়াই আনিব পাৰে ডাঙৰ দূৰ্ঘটনা। অথচ তেওঁৰ মতে “Science requires sacrifices, after all” পাঠদান কৰাৰ আগত অতিকমেও তিনিবাৰকৈ তেওঁ খালী শ্ৰেণীকোঠাত পাঠদান কৰাৰ অনুশীলন কৰি লয়। সেই অনুশীলনৰ অভ্যাসে তেওঁৰ শ্ৰেণীসমুহ সফল কৰি তোলাত বিশেষ ভূমিকা বহন কৰিছিল। শ্ৰেণীকোঠাত যাতে তেওঁৰ সময়ৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে সকলোৰে যাতে কোনো কাৰণতে মনোযোগ বিচ্ছিন্ন নহয়, তাৰ প্ৰতি সদাসচেতন। ইমানখিনি মানুহক শিক্ষাৰ প্ৰতি, শিকিবলৈ আগ্ৰহ কৰি তোলা মানুহজনৰ পৰিয়ালৰ আগৰ দুটা প্ৰজন্ম কিন্তু শিক্ষিত নাছিল।

তেওঁৰ মতে, তেওঁৰ বাবে “Physics is a way of seeing-the spectacular and the mundane,, the immense and the minute- as a beautiful, thrillingly interwoven whole.” লুইনৰ গ্ৰন্থ “For the love of Physics- From the end of the rainbow to the edge of time- A journey through the wonders of Physics” য়ে ইতিমধ্যে বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।

শিতানসমূহ