অনুবীক্ষণ


অসমৰ জনগোষ্ঠীয় লোকখাদ্য আৰু খাদ্য পৰ্যটনৰ সম্ভাৱনা :

পৰ্যটন উদ্যোগৰ ধাৰণাটো ওতঃপ্ৰোতভাৱে বিশ্বায়নৰ সৈতে জড়িত। সাম্প্ৰতিক বিশ্বাৰ কিছুসংখ্যক অগ্ৰণী দেশত পৰ্যটনে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা ল’বলৈ সক্ষম হৈছে। ভাৰতবৰ্ষতো একাদশ পৰিকপ্লনা আয়োগে পৰ্যটনক দেশৰ বৃহৎ সেৱা উদ্যোগ বুলি অভিহিত কৰিছে। পৰ্যটন খণ্ডত নতুনকৈ সংযোজন হোৱা এটা ধাৰণা হ’ল - খাদ্য পৰ্যটন (Culinary Tourism)। খাদ্য পৰ্যটন সাংস্কৃতিক পৰ্যটনৰ এটা অংশ। Culinary Tourism ৰ সংজ্ঞা এনেদৰে দিব পাৰি Culinary Tourism is defined as the persuit of unique and memorable culinary experience of all kinds, often while travelling, but one can also be a culinary tourism at home.

অসমৰ জনগোষ্ঠীয় খাদ্যৰ বিচিত্ৰতা আৰু উন্নত মান সন্দৰ্ভত জানিব পৰা গৈছে। ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হয় যে অসমত খাদ্য পৰ্যটনৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। এইক্ষেত্ৰত প্ৰয়োজন সুস্থ পৰিকল্পনা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰ। অসমত খাদ্য পৰ্যটনৰ এই সম্ভাৱনাক বিভিন্ন দৃষ্টিকোণৰ পৰা সংক্ষিপ্তভাৱে তলত আলোকপা কৰা হ’ল।

ব্যতিক্রম ৰন্ধন প্ৰণালী :

বিচিত্ৰ ৰন্ধন কলাৰ একত্ৰ সমাহাৰ হ’ল অসমৰ খাদ্যৰ এক প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য। ৰন্ধন শব্দটো পাকঘৰ বা আখলতেই বন্দী হৈ থকা নাই। ঘৰৰ বাহিৰত, ব্যৱসায়িক প্ৰতিষ্ঠান, উৎসৱ-অনুষ্ঠানতো ৰন্ধন শব্দটো সংযোগ হৈছে। সাত্ত্বিক, ৰাজসিক আৰু তামসিক - এই তিনিবিধ ৰন্ধন প্ৰকৰণৰ জৰিয়তেই পৰ্যটকক আকৰ্ষণ কৰিব পৰা সমল অসমৰ খাদ্যত আছে। যিসকলৰ উন্নত পাকবিদ্যা আছে সেইসকলেই খাদ্য পৰ্যটনত তিষ্ঠি থাকিব পাৰে। পৰিৱৰ্তনৰ বতাহে চুই যোৱা পৰ্যটনত খাদ্য পৰ্যটনে গুৰুত্ব লাভ কৰা সাম্প্ৰতিক পটভূমিত অসমৰ জনগোষ্ঠীয় খাদ্য প্ৰণালীয়েও এক বিশেষ স্থান অধিকাৰ কৰাৰ সম্ভাৱনা আছে। অসমৰ জনজাতিসকলৰ পৰম্পৰাগত খাদ্যৰ এক সুকীয়া বৈশিষ্ট্য আছে। তিৱা, বড়ো, কাৰবি, সোণোৱাল কছাৰী, মিচিং, মটক, তাই ফাকে, চিংফৌ আদি জনগোষ্ঠীৰ বৈচিত্ৰ্যপূৰ্ণ পাক প্ৰণালীয়ে পৰ্যটকক নিশ্চিতভাৱে আকৰ্ষণ কৰিব। কিয়নো পাকবিদ্যামতে সুস্বাদু আৰু নতুনত্বৰহে চাহিদা আছে আৰু এই সুস্বাদু আৰু নতুনত্ব আৱিষ্কাৰ কৰিবলৈ হ’লে জনগোষ্ঠীয় ৰন্ধন প্ৰণালীৰ অনুকৰণ কৰাৰ গত্যন্তৰ নাই।

পৰিপোষকৰ উপস্থিতি :

অসমীয়া লোকআহাৰৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। অসমীয়া লোকআহাৰত নিহিত হৈ থকা খাদ্যবস্তুবোৰত কম-বেছি পৰিমাণে সকলোধৰণৰ পৰিপোষক পোৱা যায়। এই পৰিপোষকসমূহৰ আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনত যথেষ্ট অৰিহণা আছে। অসমীয়া লোকখাদ্যৰ এনে গুণাগুণসমূহৰ মাজতো পৰ্যটনক আকৰ্ষণ কৰিব পৰাৰ সম্ভাৱনা নিঃসন্দেহে আছে।

ভাৰতবৰ্ষৰ পূবলৈ চোৱা নীতি :

বৰ্তমান ভাৰতবৰ্ষই পূবলৈ চোৱা নীতিৰ কথা ঘোষণা কৰিছে। অসমৰ জনগোষ্ঠীয় খাদ্যাভাস দক্ষিণ-পূব এছিয়াৰ বিভিন্ন জনগোষ্ঠীৰ লগত মিল থকাৰ বাবে পূবলৈ চোৱা নীতি বাস্তৱায়িত হ’লে সেই অঞ্চলসমূহেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক সমন্বয় গঢ়ি তোলাৰ সহায়ক হ’ব আৰু ই অসমৰ খাদ্য পৰ্যটনক উৎসাহিত কৰিব। নিশ্চিতভাৱে এনে প্ৰেক্ষাপটত অসমৰ খাদ্যসম্ভাৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব যি উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিকো ত্বৰান্বিত কৰিব। সেয়েহে জনগোষ্ঠীসমূহৰ খাদ্যসম্ভাৰ জনপ্ৰিয় কৰি তুলিবলৈ এই খাদ্যসম্ভাৰ ব্যৱসায়িকভিত্তিত প্ৰস্তুত কৰি হোটেল-ৰেষ্টুৰেণ্টত যোগান ধৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহ আৰ্থিকভাৱে লাভৱান হ’ব।

স্বাস্থ্যসন্মত :

ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে অসমৰ লোকখাদ্যসমূহ বিজ্ঞানসন্মত, স্বাস্থ্যসন্মত আৰু ৰুচিকৰ। সম্প্ৰতি স্বাস্থ্য সচেতন প্ৰতিজন ব্যক্তিয়ে বেছিকৈ ভজা আৰু আধুনিক কৃত্ৰিম মছলা দি ৰন্ধা খাদ্যদ্ৰৱ্যৰ প্ৰতি বিৰক্তি প্ৰদৰ্শন কৰিছে। সেয়েহে জনজাতীয় খাদ্যসম্ভাৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ থল আছে আৰু ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰাও পৰিলক্ষিত হৈছে। অসমৰ মাৰ্ঘেৰিটাত চিংফৌসকলে টোপোলা ভাত আৰু বিভিন্ন প্ৰাকৃতিক মছলা দি তৈয়াৰ কৰা সিদ্ধ শাক-পাচলি, পোৰা মাছ, সেকা, খৰিকাত দিয়া মাংসই বিদেশী পৰ্যটকসকলকো এই খাদ্যৰ প্ৰতি আকৃষ্ট কৰিছে। অসমৰ অন্যান্য জনগোষ্ঠীসমূহেও এনেধৰণৰ বিজ্ঞানসন্মত আৰু স্বাস্থ্যসন্মত লোকখাদ্যৰ ব্যৱসায় আৰম্ভ কৰিলে ই খাদ্য পৰ্যটনক সমৃদ্ধ কৰিব।

চাহিদা :

কোৱা বাহুল্য যে নগৰীয়া হোটেল, ৰেষ্টুৰেণ্ট আদিত উপলব্ধ অত্যাধিক মছলা দি ৰন্ধা আধুনিক কৃত্ৰিম খাদ্যসম্ভাৰতকৈ জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ চাহিদা দিনক দিনে বৃদ্ধি পাব ধৰিছে। আনকি বিদেশী পৰ্যটক তথা আন্তঃৰাষ্টীয় বজাৰতো জনগোষ্ঠীয় খাদ্যসমূহে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ জনগোষ্ঠীয় খাদ্যৰ মাজতো এনে সম্ভাৱনা যথেষ্ট পৰিমাণে আছে আৰু ইয়াক উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ বাবে কেৱল সুস্থ আৰু বিজ্ঞানসন্মত পৰিকপ্লনাৰ প্ৰয়োজন।

সংৰক্ষণশীল :

অসমৰ জনগোষ্ঠীসমূহৰ বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰৰ গুণগত মান এনে উন্নত যে এইসমূহক কম আয়াসতে আন্তঃৰাষ্টীয় স্তৰত জনপ্ৰিয় কৰি তুলিব পাৰি। অসমৰ এই খাদ্যসমূহ প্ৰাকৃতিকভাৱেই দীৰ্ঘকাল সংৰক্ষণ কৰিব পৰা যায়। ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ নকৰাকৈ এনেধৰণেৰে প্ৰাকৃতিকভাৱে দীৰ্ঘকাল নষ্ট নোহোৱাকৈ খাদ্য সংৰক্ষণ কৰিব পৰা পদ্ধতি যিকোনো দেশতে দুৰ্লভ। গতিকে অসমৰ এই খাদ্যসমূহে এখন আন্তঃৰাষ্টীয় বজাৰ সহজে লাভ কৰিব পাৰিব, যদিহে উচিত পৰিকপ্লনা গ্ৰহণ কৰা হয়।

ব্যতিক্রম আৰু স্বকীয়তা :

স্বকীয়তা অসমৰ জনগোষ্ঠীয় খাদ্যৰ এটা অন্যতম বৈশিষ্ট্য। অসমৰ জনসমাজত এনে বহুতো খাদ্যৰ প্ৰচলন আছে যিসমূহ পৃথিৱীৰ কোনো প্ৰান্তৰ খাদ্যৰ সৈতে সাদৃশ্য নাই। এই ব্যতিক্রমী খাদ্য পৰম্পৰাও খাদ্য পৰ্যটনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সম্ভাৱনা।

সিদ্ধান্ত :

উপৰোক্ত সংক্ষিপ্ত অৱলোকনৰ পৰা এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে অসমৰ জনগোষ্ঠীয় খাদ্যৰ মাজত খাদ্য পৰ্যটনৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। এইক্ষেত্ৰত পৰ্যটকৰ সুবিধা হোৱাকৈ পৰ্যটন উন্নয়ন নিগম তথা পৰ্যটন বিভাগে পৰম্পৰাগত খাদ্যৰ সোৱাদ ল’ব পৰাকৈ পৰ্যটকক সুবিধা প্ৰদান কৰিব পাৰিব লাগিব। আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজনীয়তাও যথেষ্ট পৰিমাণে আছে। বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অসমৰ জনগোষ্ঠীসমূহেও নিজস্ব খাদ্য পৰম্পৰাৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে। খাদ্য পৰ্যটনৰ ক্ষেত্ৰত এটা অন্যতম সংযোজন হৈছে খাদ্য উৎসৱ অৰ্থাৎ ফুড ফেষ্টিভেল। ইতিমধ্যে বিশ্বৰ বিভিন্ন অঞ্চলত হোৱা জনগোষ্ঠীয় ফুড ফেষ্টিভেলসমূহে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমতো এনে সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। এইক্ষেত্ৰত বিভিন্ন সংগঠনসমূহে পৰিকল্পেনা হাতত লোৱা উচিত।

(আখৰৰ সম্পাদনা সমিতিৰদ্বাৰা প্ৰস্তুত কৰা বিশেষ প্ৰতিবেদনৰ দ্বিতীয় অংশ)

শিতানসমূহ