কবিতা

আঘোণী বাইৰ ভগা জাকৈ

✍ প্ৰাৰ্থনা বৰুৱা
কঁকালত খালৈ কান্ধত ভগা জাকৈ
আঁঠুমূৰীয়া মেখেলা কাঁচলীত
মূখত এমোকোৰা তামোলেৰে বাখৰুৱা
আঘোণী বাই ওলাল মাছলৈ বুলি
দলণিত আঘোণী বাইৰ জাকৈৰ চাবত
নপৰেই দেখোন শ'ল বৰালী
পুঠি, খলিহনাৰো দেখোন
আজি চেনেহা চেনেহী
ভগা জাকৈৰ ফাঁকেৰে
কেনেকৈ সাৰিব পাৰিম
ইফালে আঘোণী বাইৰ খালৈ যদি নভৰে,
ৰাতি দেখোন ওধানত জুয়ে নজলে
পোণাকণৰ পঢ়াৰ খৰচ
আঘোণী বাইৰ ডাঙৰ গৰজ
নপৰে যদি শ'ল বৰালী
পঢ়াৰ তাৰ পৰিব পৰালি।
জাকৈ, খালৈৰ মাথোন আশাৰ থল
লহিয়ালেও বেলি এৰিবৰেই
মন নকৰে দলণি।
পৰেইবা ভগা জাকৈত
এটি হ'লেও শ'ল বৰালী
এয়াই আশা.......
আঘোণী বাইৰ আশা।
জীৱনৰ আশা
এটি উজ্জ্বল ভৱিষ্যতৰ আশা
এয়া, আঘোণী বাইৰ আশা।


ফুলিবলে ফুলবোৰে

✍ সৌৰভ কুমাৰ বৰুৱা
জাৰ আহি পালে
ফুলিবলে ফুলবোৰে সময়ে নাপা্লে

কলিটোৰ কাষত ৰৈ ভোমোৰাটো
ওৰেটো নিশা কান্দিলে
ফুলিবলে ফুলবোৰে সময়ে নাপালে

বগা কুঁৱলিৰ ঢাকনি খুলি
ৰাতিপুৱাতেই ওলালহি বেলি
সঁচা কথা কওঁ
ফুলবোৰে ঘুৰিয়ে নাচালে
ফুলিবলে ফুলবোৰে সময়ে নাপালে

কথাৰ লগৰ কথা বুলি
কৈ দিওঁ এইটোও খুলি

হ’ল বুলিয়েই দৌল বুলি
বহুত অত্যাচাৰ হ’ল
বহুত অত্যাচাৰ হ’ল

ফুল নাই ফুল নাই
আমাৰ ফুল নাই


মহমুদ ৰেজালৈ মুকলি প্ৰশ্ন

✍ ভাস্কৰ ভূঞা
কেনে আছা সময়ৰ পলৰীয়া প্ৰেমিক মহমুদ ৰেজা?
তোমাৰ ৰোমাণ্টিক অনুৰাগক
এতিয়া বিদ্ৰূপ নকৰি নোৱাৰি

তুমি কিয়
হৃদয়ৰ আসোঁৱাহবোৰ হৃদয়ে ল'ব নুখুজিলা
মনিকাৰ বুকুৰ আস্ফালন এবাৰলৈ শুনা নাছিলানে তুমি
অন্তৰে বাধ্য কৰোৱা নাছিলনে তোমাক
যে আশাবোৰ সফল হ'বলৈ
সময়তে কিবা এটা কৰাতো অত্যন্ত প্ৰয়োজনীয় আছিল

তোমাৰ দিনৰ অন্ধতা এতিয়া নাই
তেতিয়াৰ যুগ এৰা বহুদিনেই হ'ল
হৃদয়ৰ শিহৰণ বুজিব পৰাকৈ
আমি এতিয়া পূৰ্ণ প্ৰস্তুত
যৌৱনৰ স্পন্দন জীৱনৰ সিদ্ধান্ত হ'বলৈয়ো
আজিৰ দিনত বৰ বেছিপৰ নালাগে
অন্তত বিষাদময় জীৱন এটা কঢ়িয়াই ফুৰাৰ পক্ষপাতী
আজিৰ প্ৰজন্ম নহয়।

তুমি জানি থোৱা ভাল যে
জাত-কুল সমাজৰ ভয়ত
সপোন মলঙোৱা তাহানিৰ ধৰ্মভীৰু আজি পাবলৈ নাই

আজিৰ সময়
হৃদয়ৰ বান্ধোন আটিল কৰাৰ সময়
আজিৰ সময়
মহমুদ-মনিকাৰ মিলনৰ সময়
আজিৰ সময়
নিজকে মূল্য দিয়াৰ সময়।


উচ্ছ্বল আকাশ

✍ এৰিণা গগৈ
আজি কৃষ্ণচূড়াৰ জন্মদিন
ৰঙাকৈ ফুলি উঠিছে তাই!
ল'ৰালি বাঢ়ি বাঢ়ি, যৌৱন চুইছে তাইৰ
তাই ধুনীয়া হৈ পৰিছে আগতকৈ!
সেউজীয়াবোৰ বুকুত খোপনি পুতি
ৰঙা কৰি পেলাইছে তাইক।
তাই আগতকৈ উজ্জ্বল হৈ পৰিছে
আৰু প্ৰাণোচঞ্চল......
তাই গহীন হৈছে আগতকৈ
অথচ হাঁহি থাকে ধুনীয়াকৈ!
তাই ৰহস্যময়ী হৈ পৰিছে
(কিন্তু চলনাময়ী নহয়)
তাই প্ৰেমত পৰিছে
আকাশ আৰু বৰষুণৰ,
অথচ ডাৱৰৰ নহয়!
তাই আয়ত্ব কৰি লৈছে
খোজত খোজ মিলাই চিৰি বগাবলৈ,
আৰু হয়তু পাহৰি পেলাইছে নামি যোৱাৰ সূত্ৰ
আকাশে ভালপাৱক বুলিয়েই নেকি!
তাই প্ৰতিটো বাৰিষাতে
তীব্ৰ ৰঙা হৈ ফুলে
বৰষুণত বন্দী হয় লেন্সত।
আজি কৃষ্ণচূড়াৰ জন্মদিন
ওপজা দিনৰ অঃনিশেষ ওলগ তাইলৈ
"বেছি ৰঙাকৈ নুফুলিবা
বতাহে সৰুৱাব পাহি!
আকাশে বেঁকা চাৱনি দিব,
সাহসী হোৱা তুমি।
কৃষ্ণচূড়া, ওপজা দিনৰ অযুত ওলগ তোমালে বুলি.....।"

আপাততঃ বুৰঞ্জী

✍ অৰুণজ্যোতি শইকীয়া
ককাৰ দিন উৱলিল;
আজি আৰু কাউৰীৰ ৰমলিয়নীত
নুপুৱাই ৰাতি।
কোনোবাই বাৰু জগাই দিবনে? ঢেঁকীবোৰক..
ঢেংকৰুচ শব্দত জাগক শেষ ৰজনী।
কোনে জগাবি?
জাগিবি কোন?
তপতাই তপতাই দেৰুৱা মানৱতা!
নে, দুঃসময়ৰ বুৰঞ্জী? কোনে জাগিবি?

সময় ডেউকাত গাঁথি দিয়া
সভ্যতাৰ আধুনিক পৃথিৱীত,
বাৰ্থডে'ৰ কেকৰ সন্ধানত যেতিয়া ব্যস্ত মহাংৰী
ডাষ্টবিনৰ আতিথ্যত তেতিয়া নিশ্চুপ হয়
কোনো নৱজাতৰ উচুপনি।
কোলাহলবোৰে ঘৃণাই সেই মাতৃৰ পৃথিৱীক;
সভ্যতাৰ গৰাখহনীয়াত পোত যোৱা প্ৰাচীন নদীত
নাসাঁতোৰে সিহঁত। কেৱল ভটিয়ায়,
উকিয়ায়। অথচ-
সেই একেখিনি পানী..
ধোওঁ-পখালোঁ-পীওঁ।

মমতাৰ অজুহাতত নভৰে পেট।
কাৰ সাহ?-নীতিতকৈ প্ৰয়োজন সৰু বোলাৰ..
অশোকৰ ধৰ্ম চক্ৰত বগোৱাজন কাপুৰুষ।
চক্ৰেটিছক আজিও এৰাই চলে।
সম্ৰাটৰ অসুখ!
উঠা-পুত্তলিকা জ্বলোৱা। নতুবা,
ঘোষণা কৰা জংগীৰ।

প্ৰত্যেকেই হৃদৰোগী।
স্বাধীনতাৰ নামত কলংক।
কেৱল ধোঁৱা উৰুৱাই ভাল পাঁও
গান্ধীবাদী চিগাৰেটৰ।

পাহৰণিবোৰ কঢ়িয়াই লৈ ফুৰা বুৰঞ্জীৰ বুকুত
তুমি কোন চিনিছা?
কম্বোদিয়াৰ খেমৰ ৰ'জ, নে?
ভৰলুৰ উচ্ছেদিত চন্দ্ৰা দেৱী!
কেৱল জীয়াই থাকিবৰ বাবেই
মৃত্যুৰ ফলক আঁৰি দিয়া- কমৰেড ডইক নহয়তো?
চ্যম কিম শ্ৰুন(চাং)?
যাৰ ভৱিষ্যৎ চকুলোতে শেষ হ'ল..!

হুঃ! আৱেগক লৈ নিৰ্ল্লজ ব্যৱসায়।
তাৰ হিচাপ নিকাচ বুৰঞ্জীত নহয়।
বুৰঞ্জীয়ে কেৱল,
তপত এঙাৰবোৰ বুকুত লৈ জ্বলে।


তেওঁ

✍ গায়ত্ৰী গগৈ
তেওঁৰ ওঁঠেৰে বৈ অহা শব্দবোৰ যেন
নুপুৰৰ ৰুণজুন
ঝিৰ ঝজিৰ পাহাৰীয়া জুৰি
নাৰিকল পাতৰ ফাঁকেৰে সৰকি অহা
খিলখিল এজাক বতাহৰ হাঁহি।
তেওঁ নাজানে
তেওঁ যে মোৰ স্বপ্নাকাশৰ
একমাত্ৰ জোন।
মোৰ দিহিঙে দিপাঙে উজাই ভটিয়াই ফুৰা
উশাহবোৰৰ উৎস।।
তেওঁৰ দুচকু
উজ্জ্বলতকৈ উজ্জ্বল এযোৰ জ্যোতিষ্ক
তেজাল ওঁঠযোৰত দুলি থকা কাঁচিজোন হাঁহিটো
ক্ৰচবিদ্ধ যীচুৰ শেষ হাঁহিটোতকৈ যেন কৰুণ আৰু পৱিত্ৰ।।
তেওঁৰ দুচকুত এখন সেউজীয়া অৰণ্য আছে
বুকুত এখন অলিখিত মহাকাব্য আছে
আৰু মোৰ বুকুত
তেওঁ আছে,
নদী হৈ
আকাশ হৈ
বতাহ হৈ
অন্তহীন প্ৰেৰণা হৈ
চিৰদিন চিৰকাল এইদৰেই থাকিব
যিদৰে সূৰ্যটো আছে
যিদৰে জন্মৰ পিছত মৃত্যু আহে।।


শূন্য

✍ বিশ্বজিৎ বৰুৱা
এখিলা বগা কাগজ
আকাশৰ নীলিমা
কেৱল শূন্যতা

শূন্যৰে আৰম্ভ হয় জীৱন
জীৱনৰ ফেঁহুজালিত
নিজে শূন্য হোৱাৰ বাবে
ভয়ত নে লাজত
ক'ব নোৱাৰো
ফেঁকুৰি ফেঁকুৰি খুউৱ কান্দিছিলো
কোনোবাই আকুলতাৰে
স্নেহসিক্ত দুহাতেৰে
মেৰিয়াই লৈছিল
এখনন বগা কাপোৰেৰে

কাৰোবাৰ বুকুৰ উত্তাপত
মোৰ উচুপনি
কমি গৈছিল
মোৰ শূন্য বুকুখনলৈ
সোমাই আহিছিল
এসোপামান মৰম আৰু বুকুৰ উত্তাপ।

লাহে লাহে
দিনবোৰ বাগৰি গৈছিল
মাহ, বছৰ-
মই বাঢ়ি আহিছিলোঁ
মাৰ ময়লা আঁচলত ধৰি

বহু কিবাকিবি
মই কব নোৱাৰাকৈ
আহিছিল শূন্যৰ লগত যোগ হ'বলৈ
শূন্যৰ লগত শূন্যৰো যোগ হৈছিল
মই পাৰ্যমানে চেষ্টা কৰিছো
সেই এসোপা শূন্যৰ বাওঁপিনে
এটা বিশেষ সংখ্যা বহুৱাবলৈ
ক'ব নোৱাৰো
পাৰো নে নোৱাৰো...

বহুদিনৰ পাছত
আকৌ এদিন মোক কোনোবাই
বগা কাপোৰেৰে ঢাকি দিব
সিদিনা স্তব্ধ হৈ যাব
মোৰ বাবে সময়
আকৌ
আৰম্ভ হ'ব
শূন্য কেৱল শূন্য
শূন্যৰ লগত যুঁজি যুঁজি
এদিন শূন্যতাতে বিলীন হ'ব
"শূন্য"

বাট

✍ ভাস্কৰ শইকীয়া
এই বাটেৰে এদিন সিহঁতে
কুচকাৱাজ কৰিছিল
স্বাধীনতাৰ গোন্ধ সানি
এই বাটেৰে এদিন সিহঁত
অৰণ্যগামী হৈছিল
বেপেৰুৱা সভ্যতাৰ সৰাপাত গচকি।
'স্বাধীনতা'। সিহঁতে কৈছিল
চৈৰচাৰী ৰজাৰ মিছা 'স্বাধীনতা'।
য'ত সিহঁতে বিচাৰি পোৱা নাছিল নিজক।
সেই বাবে এই বাটেৰে খোজ লৈছিল সিহঁতে।
এই বাট, যি বাটেৰে সঁচা স্বাধীনতাৰ কেঁচা তেজসনা
নিচান উৰুৱাই ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছিল।
কোনোৱে কৈছিল সিহঁত নতুন বাটৰ উজ্জ্বল প্ৰতীকি...।
শোষণৰ ভৰত কোঙা সপোনবোৰ
বুকুত বান্ধি এই বাটেৰে গৈছিল সিহঁত।

কত যৌৱনে সমাধি লৈছিল এই বাটত..!!
হতাশাৰ কেঁচা চিঞৰত উদয়ন সূৰুজে ভূমূকি মাৰিছিল
এই বাটত..
এই বাটেৰে বাট বুলোৱাৰ আগতে
বহু প্ৰতিশ্ৰুতিয়ে ৰিঙিয়াই কৈছিল
স্বাধীনতাৰ আঁৰ কথা..
শেষ ৰঙাকণ থকালৈকে স্বাধীনতাৰ
সপক্ষে যুঁজা, উচুপণিত সন্ধিয়া নমা চহৰত
স্বাধীনতাৰ হাঁহি নমা
ইত্যাদি..ইত্যাদি বহু..
স্বাধীনতাৰ বাবে অপেক্ষাৰ উৎসৱ
কিমান পাতিব শোষিত জনতাই..!!
এতিয়াচোন চৈৰচাৰিতাৰ আইনেৰ
মাতাল দেশৰ পুৱা গধূলি..
বুকুৰ পপিয়াহ আঁজুৰি কেঁচাই খাতিৰ
মন্দিৰত কচাই ৰজাৰ আৰতি..
স্বাধীনতাৰ জয় উল্লাসত
কেতিয়া উন্মাদ হ'ব এই বাট?
সিহঁতৰ ওভতনি যাত্ৰাৰে
কেতিয়া স্বাধীনতাৰ গৰিমা সানিব
শোষণেৰে শুকোৱা জনতাৰ দেহত??
নিৰ্ভীক অৱলোকনঃ
ভোক আৰু ভাগৰক ভেঙুচালি কৰি
এই বাটেৰে যোৱা বিপ্লৱী
এতিয়া ভোগবাদীৰ লালসাৰ দহনত দগ্ধ।
য'ত ব্যাপ্ত বিফল বাৰুদৰ ধোঁৱা।

এতিয়া ৰূদ্ধ এই বাট, আঁঠুমূৰীয়া পিতাইৰ সপোনৰ বাট
(মোৰ বোপাই বিপ্লৱী হ'ব, বগা চাহাবৰ চাবুকৰ দাগত
মলম ঘঁহিব বিপ্লৱী বোপায়ে..!!)
এতিয়া বাট গুচি অবাট
কঁপা কঁপা কুঁৱলী যেন চকুলোৰে
সেমেকা এই বাট..
বিপ্লৱৰ উত্তেজনাক চেপি খুন্দি
সদা ৰূদ্ধ এই বাট।


কবিৰ পৰা কবিলৈ চিঠি

✍ নিতিশ দুৱৰা
(প্ৰথমখন চিঠি)
[প্ৰতি প্ৰিয় কবি]
অ’মোৰ প্ৰিয় কবি!
মই দিনত নেদেখা কেৰ্কেটুৱাবোৰে
ৰাতিৰ সপোনত মোক খেদি ফুৰে।
মোৰ সূখ আৰু দূখবোৰ শব্দৰ নিশ্বাসত ওলাই আহে-
মই যে ভালপোৱাৰ জাহাজত বন্দী হৈ আছো। .

(দ্বিতীয়খন চিঠি)
ক) মূৰৰ ওপৰৰ আকাশখনত এখন সাগৰে খেলি আছে। দিগবলয়ৰ পৰা এটা উত্তপ্ত দুপৰীয়া নীৰৱে আহি আছে, আহি আছে।
খ) ৰাতিৰ আকাশখনত কপি-কপি জ্বলি আছিল এজনী গৰ্ভৱতী জোন, ৰাতিৰ শেষত তাই প্ৰসৱ কৰিলে এটা দীঘল অমাৱশ্যাৰ। .
(তৃতীয়খন চিঠি )
নিশা বহু পৰ হল মোৰ শিতানৰ গাৰুটো চকুৰ চেঁচা পৰশত এতিয়াও সাৰে আছে।
মোৰ জীৱনটোৱেই যেন এটা প্ৰাচীন পেণ্ডুলাম ঘড়ী একো পৰিৱৰ্তন নাই, সৃষ্টিৰ পৰা মাথো একেটা দুলনতে দুলি আছে- টিক-টাক, টিক-টাক... .
(চতুৰ্থখন চিঠি)
[নিসংগতা আৰু অতীতৰ স্মৃতি]
বাৰিষাৰ তপত আকাশখনেৰে বৈ আহিছে এটা দীঘল হুমুনিয়াহ, বাঁহজোপাৰ আগত ওলমি আছে মোৰ হেৰুৱা শৈশৱ- বগাকৈ বগলী এটাই তাতেই তাৰ অকণমানি ঘৰ এটা সাজিছে। .

(পঞ্চমখন চিঠি)
ক) ৰমন এফেক্টে নীলা কৰা এখন নদীৰ বুকুত কান থৈ মই শুনা পাওঁ শতিকাৰ প্ৰাচীন বুৰঞ্জী।
খ) সময়ৰ আঁচোৰত আজিও কাইলৈৰ বাবে বুৰঞ্জী হব আমাৰ খোজবোৰ মাত্ৰ থাকি যাব সহস্ৰাব্দৰ পুৰণি এখন নদীৰ বুকুত জীৱন্ত ফচিল হৈ।
(ষষ্ঠখন চিঠি)
প্ৰায়ে এচমকা ৰদে ঢকা আন্ধাৰৰ উক-মুকনিত মই হেৰাই যাবলৈকে এখন আকাশ বিচাৰি ফুৰোঁ । দূৰণিত বহি থকা মইটোক ৰিঙ মাৰি সুধিবলৈ বিচাৰোঁ- মই কি হেৰাই যাবলৈকে জন্ম হৈছিলো
নেকি ? হেৰাই যাবলৈকে ? ?
(সপ্তমখন চিঠি)
ৰাতিটো সাপ হৈ বগাই আহক গাৰু এটা হৈ শুই পৰক মোৰ কাষত- একাকীত্বৰ সুৰ এটাৰে সলাই পেলাম তাৰ আওঁপুৰণি ছালখন। .
(অষ্টমখন চিঠি )
নদীবোৰে ভূগোল নাজানে ভূগোল নজনাকৈয়ে ইঁহত বৈ আহে দূৰৈৰ পৰা ওচৰলৈ আৰু ওচৰৰ পৰা দূৰলৈ।
দূৰৈৰ পৰা ওচৰলৈ ওচৰৰ পৰা দূৰলৈ এনেকৈয়ে এখন নদী,এখন আকাশ।


এটা বিষণ্ণ সন্ধ্যাত তোমাৰ সৈতে

✍ নয়নতৰা ভূঞা
নিৰ্জনতাৰ পদুলিত
কেঁচা পাতখিলাই কঁপি উঠিছিল,
মদাৰৰ পাহিত গুণগুণাইছিল
ভোমাৰটিয়ে..।
বতাহজাক বলিয়া আছিল..
নজনাকৈয়ে সুৰসুৰাই
বিষণ্ণ কৰি তুলিছিল সন্ধ্যাটো
ৰেলৰ উকিটোত
হৃদয়ৰ নিৰ্জনতা উকমুকাই উঠিছিল
আকাশখনে ৰ লাগি চাইছিল সপোনটো,
মন মৰীচিকা খেদি খেদি
ক্লান্তিত জুৰুলা হৈ পৰিছিলো
তুমি নজনাকৈয়ে
নজনাৰ দুখত..।

বহাগৰ দুখৰীয়া লেণ্ডস্কেপ

✍ জ্যোতিমালা বৰা
(১)
নাহৰৰ পাতে পাতে এতিয়া বসন্তৰ ঠিকনা
বন ফৰিঙৰ দৰে উফৰি ফুৰে
ডাকোৱাল কুলি
ইমূৰ..সিমূৰ...
ন-ঢলেৰে বুকু ভৰুণ লুইত
উটি আহে গৰখীয়া পেঁপাৰ সুৰ
উতনুৱা বতাহজাকে কাণে কাণে কয়
বহাগী আহিছে... বহাগী..

(২)
বহাগে কঢ়িয়াই অনা বিষণ্ণ গধূলি
সোঁৱৰণীৰ কোলাত উচুপি উচুপি আইয়ে
জুখি চাই হৃদয়ৰ ৰিক্ততাক
উভতি নহাৰ প্ৰতিশ্ৰুতিৰে যে তাই গুচি গ'ল
অভিমানী 'সি'
'সন্দ্ৰাম'ৰ ফাঁকু ৰঙীণ পথেদি।
বহাগৰ সমানেই একুৰা জুই
ভাঁহি আহে পোৰা মঙহৰ গোন্ধ

(৩)
উন্মনা আকাশৰ বুকুত
কজলা মেঘৰ সঘন আহ-যাহ
বুকুৱেদি উজাই আহে দুখৰ তপত হুমুনিয়াহ
তেজ আৰু ঘামেৰে সিক্ত জনতাৰ।
বহাগৰ প্ৰাচুৰ্যতাই বহন কৰি আনে
দুখৰ মেটমৰা সম্ভাৰ
প্ৰস্তুতি আৰম্ভ হয়
'বান'ৰ সৈতে সহবাস কৰাৰ
বহাগ মানে দুখ..কাৰোবাক
হেৰুৱাৰ দুখ..

(৪)
বহাগৰ গধূলিবোৰ চঞ্চল হয়
কংক্ৰিট পৃথিৱীত বিহুৰ আখৰা হয়
উল্লাসিত..মন আকাশ..বতাহ
ব্যস্ত হয় বিহুমেলাৰ যুৱক
কঢ়িয়াই ফুৰে বৃহৎ খচৰা, সাহাৰ্য কুপন
তিনিআলি চাৰিআলিবোৰত যুৱকৰ জুম..
গাঁৱৰ কণমানিকেইটাই আৰম্ভ কৰে
হুঁচৰিৰ নিৰ্দোষ ধেমালি
আঢ্যৱন্তৰ আবাসিক অঞ্চলত বিনিময় হয়
আনন্দৰ, ফূৰ্তিৰ..
পাঁচশ টকাৰ..এহেজাৰ টকাৰ..


জীৱন এক অব্যক্ত বেদনা

✍ পূজাশ্ৰী বৰগোঁহাই
মোৰ সাৰশূন্য জীৱনক লৈ
সিহঁতে হাঁহে,
খিক খিক কৰি,
বিলাসিতা শূন্য মোৰ মনটো
সিহঁতৰ বাবে
এখন ইঞ্জিনবিহীন ৰেলগাড়ী
যিখন চলি যায় অবিৰাম গতিত।
ঝক ঝক কৰি।
মই অনুকৰণ কৰা চক্ৰেটিছৰ আদৰ্শবোৰ
গান্ধীৰ অহিংসাৰ নীতিবোৰ
সিহঁতৰ বাবে যেন কিছুমান আৱৰ্জনা,
যিবোৰৰ স্থান বকৰাণিত।
বুকুৰ তেজেৰে লিখা মোৰ কবিতাবোৰ
সিহঁতৰ বাবে এগৰাকী উন্মাদ কবিৰ
অৰ্থহীন প্ৰলাপ,
সিহঁতৰ সেই বাক্যবাণত
মোৰ কলমৰ মুখেদি নিগৰি যায়
কেইটোপালমান ৰঙা তেজ
যাৰ বাবে মোৰ কলমটোৱে
ছটফটাই উঠে;
ঠিক এটা বৰশীত লগা মাছৰ দৰে।
মোৰ সোঁ নিলয়ৰ কোনোবা এটা কোণত
অনুভৱ কৰোঁ এক অসহ্যকৰ বিষ।
আস্, কি যন্ত্ৰণা।
সিহঁতে নুবুজে বা নাভাবে,
মই কি কি মৌলৰে গঠিত এটা যৌগ,
যিটো ভাঙিলে পৰিণত হ'ব,
অলপ আক্ষেপত, অভিমানত
অথবা অলপ অব্যক্ত বেদনা ।।


লিমাৰিক

✍ প্ৰাণজিৎ বৰুৱা
(১)
সৌটো দেখোন ভটৌ চুকৰ দাংকোপ ৰাম বৰা , হবি যে আছিল কথাই প্ৰতি ফিটাহি অলপ মৰা ,
তিনিখন বুলে তাৰ গাড়ী, থাকে তাকে জহ মাৰি ,
গম পালো তাৰ থেলা দুখন ৰিক্সা এখন তাকো মামৰে ধৰা ।
(২)
আমাৰ গাঁৱৰ দাং বৰলা সেয়া কাটিৰাম কাই , সদায় কৰে দুখ তাৰ বাবে যে কোনোৱেই খালী নাই ,
কামুৰি আছে সি মোক , খুলি দিব লাগে ফেচবুক ,
শুনিছে সি ফেচবুকত বোলে বহু ধুনীয়া ছোৱালী পাই
(৩)
আমি আজি আপোনালোকক দেখুৱাম এনে এক খবৰ, মানি লব আমাৰ চেনেলেই যে সদায় কিয় এক
নম্বৰ ,
হয় চাওক এই ভিজুৱেল, নহয় নিউজ ই কেজুৱেল,
পুনৰ মহানগৰীৰ বানত ডুবিল অনিল আৰু নবীন নগৰ ।
(৪)
বিষাদ নিয়ৰ জোনাক হিম নগেনৰ নতুন নাম , ফেচবুকৰ বজাৰত বোলে তাৰ এতিয়া বহুত দাম ,
দৈনিক প্ৰায় দহটা মান, কবিতা ফেচবুকত কৰি দান ,
লাইক কিমান পাব হিচাপ কৰাই তাৰ প্ৰধান কাম ।
(৫)
পঢ়ি শুনি ভাবিছিলোঁ হম বুলি অফিচাৰ , পাৰিলে লাখুটি হম বুঢ়াকালত দেউতাৰ,
পিছে সকলোবোৰ শেষ, এইয়া যে অসম দেশ,
চাকৰিৰ বাবে পঢ়া শুনাতকৈ টকাৰহে বেছি দৰকাৰ ।
(৬)
2 জি 3 জি গুচি আহি গ'ল 4 জিৰ স্মাৰ্ট ফোন, যেনে তেনে কিনিলো এটা নিধিৰ পৰা লৈ লোন,
যত যি এপলিকেচন, কৰাও হল ইনষ্টলেছন,
পিছে নেটৱৰ্কৰ শামুকীয়া গতি সলনি নহলেইচোন ।

শিতানসমূহ